History of Howly | 600 Years of History, Culture & Heritage | HowlyTown
HowlyTown Historical Archive

History of Howly

Six centuries of kings, rivers, migration, destruction, revival, literature, faith, sport and community — the story of a town that repeatedly rebuilt itself.

600 Years of History
Barpeta · Assam
Heritage Archive
Chapter 01

বীৰভূমি
হাউলী

বীৰভূমি হাউলী... প্ৰবল প্ৰতাপী, সাহসী ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ এক জাকত জিলিকা ৰাজধানী 'হাউলি'। সমস্ত ইতিহাসৰ সাক্ষী সেই সময়ৰ বোৱতী নৈ মানাহ।

এই মানাহ নৈ আছিল বৰপেটা অঞ্চলৰ যাতায়াত, বাণিজ্যৰ মূল মাধ্যম। এই মানাহ নদীৰেই এদিন মানসকল আহি বিধ্বস্ত কৰিছিল সমগ্ৰ হাউলী অঞ্চল। ভূতৰ ওপৰত দানহ পৰাদি ১৮৯৭ চনৰ বৰভূইকপে ধ্বংস কৰি পেলাইছিল হাউলীৰ অতীতৰ সেই গৌৰৱোজ্জ্বল সভ্যতা, সংস্কৃতি।

কিন্তু তাৰ পিছত এক ইতিবাচক ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত পুনৰ আৰম্ভ হ'ল এক আশাব্যঞ্জক প্ৰক্ৰিয়া আৰু গঠন হ'ল "নৱ হাউলী" বা "আধুনিক হাউলী"।

Chapter 02 · Origins & Transformation

A town shaped by time

The history preserved on HowlyTown describes Howly through the legacy of Roja Chandi Narayan Baruah, the Manah River, the Burmese invasions, the 1897 earthquake and the emergence of modern Howly.

1500s

The Era of Raajhowly

The historical tradition connects Howly with Roja Chandi Narayan Baruah and the royal residence remembered as Raajhowly.

1823

The Burmese Invasion

The capital associated with Chandi Baruah was destroyed during the third Burmese invasion, beginning one of the darkest chapters in the region's history.

1897

The Great Earthquake

The devastating earthquake transformed the geography and social landscape of the region and became a major turning point in the emergence of modern Howly.

1900+

The Rise of Modern Howly

Markets, roads, educational institutions, religious centres, cultural organisations and new settlements gradually shaped the modern town.

Chapter 03 · Living Heritage

Howly Raas Mahotsav

The source history records that Howly's Raas Mahotsav began in 1928 through the initiative of several enthusiastic people. The Raas Mandir and the adjoining Madan-Mohan Kirtan Ghar remain important parts of this cultural landscape.

১৯২৮ চনৰ পূৰ্বে হাউলীৰ ক'ত কৰা হৈছিল ৰাস পূজা?
১০০ বছৰতকৈ অধিক পুৰণি হাউলীৰ ৰাস পূজাৰ ইতিহাস কি?
হাউলীৰ মহীৰাম ভট্টাচাৰ্য্য কোন আছিল?
Chapter 04 · Sacred Howly

Madhya Bazar Kali Mandir

ইতিহাস প্ৰসিদ্ধ ৰজা চণ্ডী নাৰায়ন বৰুৱাৰ 'ৰাজহাউলি'ৰ - হাউলী চহৰৰ মাজমজিয়াত অৱস্থিত এক পৌৰাণিক তথা নৱহাউলীৰ সৰ্বপ্ৰথম মন্দিৰ "হাউলী মধ্যবজাৰ সাৰ্বজনীন কালী মন্দিৰ"।

১১০ বছৰৰ ইতিহাস লুকাই আছে এই ঐতিহ্যমণ্ডিত হাউলী মধ্যবজাৰ কালী মন্দিৰটোত।

১৯১২ — কালী মন্দিৰ স্থাপন
১৯২৭ — প্ৰথম ৰাজহুৱা দুৰ্গা পূজা
প্ৰায় ১৯৪৪ — মধ্যবজাৰ দুৰ্গা মন্দিৰ পুনৰ নিৰ্মাণ
Chapter 05 · The Sporting Spirit

Howly Sports

১৯৬৬ চনতে গঠিত হোৱা "হাউলী ক্ৰীড়া সন্থা"ই হাউলী অঞ্চলৰ বহুতো ক্ৰীড়া প্ৰতিভাক খেলৰ ক্ষেত্ৰত আগুৱাই নিয়াত সহায় কৰি আহিছে।

The Howli Sports Association, formed in 1966, has helped many sports talents from the Howly region move forward in their sporting careers. The association crossed its Golden Jubilee in March 2016.

The source records competitions including the Ramakant Das Memorial Football Shield, Vishwanath Das Memorial Football Shield, Dr. Surendra Nath Das Memorial Football Shield, Indu Hazarika Memorial Inter-State Football Competition, Mulchand Malu Memorial Football Tournament, Sunil Kalita Memorial Football Tournament and Ratul Das and Adya Das Memorial Football.

Football
Inter-State Competitions
Memorial Tournaments
Chapter 06 · Oral History

The Oldest Birnaam Tradition

The History of Howly page preserves an oral-history account about the Howly Gaon Namdal and the memories of Padmaram Nath, one of the elders associated with the group from its early days.

ধার্মিক হ'বলৈ পণ্ডিত হ'ব নালাগে, লাগে কেৱল ঈশ্বৰত বিশ্বাস। মানুহে সংসাৰৰ দুখ কষ্টত পৰি উদ্ধাৰ পাবলৈ ভগবানৰ আশ্ৰয় লয়।

প্রশ্নঃ পুৰণি হাউলীখন তেতিয়া কেনেকুৱা আছিল?
উত্তৰঃ কেউদিশে জংঘল। চন মাটি। ওখ-ওখ কেঁতুৰি-হালধিৰে ভৰি আছিল হাউলী গাঁৱৰ অঞ্চল। মানুহৰ বসতি কম। কেইঘৰমান মানুহে খেতি কৰিছিল পথাৰত। গধূলি হ'লেই শিয়ালবোৰে হোৱা দিবলৈ ধৰে। মৰা মানাহ নদীৰ পাৰে পাৰে থকা জংঘলবোৰৰ পৰা ভাঁহি আহে শিয়ালৰ মাতবোৰ। বাঘো আছিল সেইসময়ত হাউলীত।
প্রশ্নঃ আপুনি বাঘ দেখিছিল নে?
উত্তৰঃ দেখিছোঁ। গোহালিৰ বেৰ ভাঙি গৰু টানি উলিয়াই নিছিল বাঘে।
প্রশ্নঃ বাঘ খেদিব পৰা উপায় কি আছিল?
উত্তৰঃ বাঘক কেনেকৈ খেদিবি বোপা। কিছুমান কথাৰ পৰা বাঘ থকা-নথকাৰ উমান পাইছিলোঁ। পথাৰত গৰু-ম'হ নেদেখিলে বাঘ অহাৰ উমান পাইছিলোঁ। সেই সময়ত বাঘ আদিৰ দৰে হিংস্ৰ জন্তুৰ পৰা নিৰাপদে থাকিবলৈ পথাৰত টঙি সাজিছিল।
প্রশ্নঃ হাউলী গাঁও অঞ্চলত মাটিৰ মূল্য কিমান আছিল?
উত্তৰঃ সেই সময়ত হাউলী গাঁওত মাটিৰ দাম আছিল বিঘাই ২২৫ টকা। মাটিবোৰ জংঘলেৰে ভৰি থকা বাবে বস্তি বা খেতি কৰিবলৈ মুকলি কৰি ল'বলৈ বৰ কষ্টকৰ আছিল। ট্ৰেক্টৰো নাছিল সেই সময়ত।
প্রশ্নঃ বৈঠকীত কি হৈছিল? আপুনি নাটকত অভিনয় কৰিছিলনে?
উত্তৰঃ বৈঠকী হৈছে সংগীতৰ অনুষ্ঠান। আগতে বিয়াবোৰত বৈঠকী প্ৰায়ে হৈছিল। বৈঠকীত বিভিন্ন গীত-মাত গোৱা হৈছিল। লোকগীত, বৰগীত, পুৰণি গীত আদি গাইছিল বৈঠকীত। মই নাটকত অভিনয় কৰিছিলো।
প্রশ্নঃ আপুনি সৰুকালত বৃটিছসকলক দেখিছিলনে?
উত্তৰঃ অ। আমি সৰু থাকোঁতে অসমত বৃটিছ শাসন আছিল। বৃটিছ পুলিচবোৰক দেখা মনত পৰে মোৰ। মূৰত দীঘল ৰঙা টুপি পিন্ধিছিল।
প্রশ্নঃ হাউলী গাঁওত বীৰ নামদল কিদৰে আৰম্ভ হৈছিল?
উত্তৰঃ ঘৰে ঘৰে ধান তুলিবলৈ গৈছিলো আমি। নামদল খুলিবলৈ আমাক তাল আৰু নাগাৰাৰ প্রয়োজন আছিল। কিনিবলৈ অৰ্থৰ অভাৱ হোৱা হেতুকে ঘৰে ঘৰে ধান তুলিবলৈ গৈছিলো। বহু কষ্ট কৰিবলগা হৈছিল নামদল খোলাৰ কাৰণে।
প্রশ্নঃ আপোনালোকৰ নামদলৰ প্ৰথমজন পাঠক কোন আছিল?
উত্তৰঃ মহলাৰাম নাথ। তেখেতৰ পাছত পাঠকৰ দায়িত্ব লৈছিল হলিৰাম নাথে। হলিৰাম নাথৰ পাছত মোৰ দাদা প্ৰহ্লাদ নাথে বহু বছৰৰ বাবে হাউলী গাঁও নামদলটোৰ পাঠকৰ ভাৰ লৈছিল।
প্রশ্নঃ নাম দলটোৰ লগত জড়িত সেইসময়ৰ ব্যক্তিসকলৰ নাম কওঁকচোন।
উত্তৰঃ মহলাৰাম নাথ, ৰবি নাথ, প্ৰহ্লাদ নাথ, তনু নাথ, ৰাজিন নাথ, যোগেন নাথ, মথুৰা নাথ, ইন্দ্ৰমোহন নাথ, মনো নাথ, শুভে নাথ, নৰেন নাথ, ভবিন্দ্ৰ নাথ, ৰামপদ নাথ, ধনা নাম, ললিত নাথ, গিৰিশ নাথ, মাণিক নাথ, মহিনী নাথ, কৰুণা নাথ, বীবেন নাথ, বিজয় নাথ, ডুম্বৰুধৰ নাথ আদি।
প্রশ্নঃ হাউলী গাঁৱৰ নাম দলটোৱে হাউলীৰ বাহিৰত নাম পৰিবেশন কৰিবলৈ গৈছিল নে?
উত্তৰঃ হয়, গৈছিলো বহুবাৰ। ভৱানীপুৰ, ভালাগুৰী, বৰপেটা আদিৰ দৰে হাউলীৰ আশে-পাশে থকা ঠাইবোৰলৈ মাতিছিল আমাক। বৰপেটা জিলাৰ বাহিৰলৈও আমি গৈছিলো। গুৱাহাটী, বঙাইগাঁও, গোৱালপাৰাৰ উপৰি ৰহা, নগাঁও আদিৰ দৰে বিভিন্ন জিলালৈ নামদলটোৱে নাম পৰিবেশন কৰিবলৈ যায়।
Chapter 07 · Historical Timeline

Howly Through Time

1546

Arrival of Srimanta Sankardev at Barpeta

The historical timeline records Sankardev's arrival in the Barpeta region.

1555

Sankardev and Naranarayan

Srimanta Sankardev visited Ghilanagar and Howly and met King Naranarayan.

1563

Four Towns

Naranarayan established Barnagar, Bhawanipur, Kaljhar and Navanagar after bringing artisans from the Ahom territory.

1589

Kaljhar Satra

Establishment of Kaljhar Satra is recorded.

1603–1610

Parabhural Satra

The timeline records the establishment of Parabhural Satra.

1823

Burmese Invasion

The capital of Chandi Baruah was destroyed during the third Burmese invasion.

1826

British Rule

Following the Treaty of Yandaboo, the Barpeta region came under British rule.

1840

Dak Bungalow

The British built a Dak Bungalow at Halapakuri, near Uttar Sadar Ali.

1881

Howly Gaon

Establishment of Rakhial Gosai Than in Howly Gaon.

1897

Great Earthquake

The major earthquake changed the geography of Assam and accelerated migration toward the Howly region.

1910

First Primary School

The timeline records the first primary school in Howly and the shifting of Ghilajari Satra to Rahal.

1928

Howly Ras Utsav

Initiation of Ras Utsav in Howly.

1939

Howly High School

Establishment of Howly High School.

1943

Gandhi in Howly

The historical timeline records Mahatma Gandhi's participation in a freedom movement rally at Howly.

1952

Natya Sangha

Howly Natya Sangha was formed and the Government Sericulture Farm was established.

1954

Chandibarua Smriti Bhawan

Construction of Chandibarua Smriti Bhawan.

1966

B.H. College

Formation of Howly's branch of Sahitya Sabha and establishment of B.H. College.

1972

Howly Adarsha Vidyapith

Establishment of Howly Adarsha Vidyapith High School.

1977

Electricity

Electricity supply began in Howly.

1979

Madanmohan Kirtanghar

Establishment of Madanmohan Kirtanghar.

1987

Amar Desh

Publication of the local weekly newspaper Amar Desh.

1993

Launching

Publication of the magazine Launching.

```