History of education in Howly

হাউলীৰ শিক্ষানুষ্ঠানসমূহৰ ইতিহাস

হাউলীৰ শিক্ষানুষ্ঠানসমূহৰ ইতিহাস

১৮৯৭ চনৰ বৰভূইকপৰ পিছত গঠিত গাওঁসমূহৰ খিলঞ্জীয়া মানুহখিনি আৰু নৱাগত মানুহখিনিৰ এক ইতিবাচক ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত পুনৰ আৰম্ভ হৈছিল হাউলী গঢ়াৰ এক আশাব্যঞ্জক প্ৰক্ৰিয়া।আধুনিক হাউলীৰ শিক্ষাৰ প্ৰথম বম্তিগছি জ্বলাইছিল পোৰাভড়াল সত্ৰৰ ঁ চানা পণ্ডিতে(প্ৰকৃত নাম ঁ গয়ানাথ দাস)। ১৯১০-১১ চনমানত হাউলী বৰপেটা পথৰ কাষত এডাল বটবৃক্ষৰ তলত খেৰৰ ঘৰ এটা সাজি শিক্ষাৰ পোহৰ বিলাবলৈ সাজু কৰিছিল এখন প্ৰাথমিক বিদ্যালয় ।

ইয়াৰ পাছত ১৯২৭ চনত হাউলী মজলীয়া প্ৰশিক্ষণ বিদ্যালয়, মৈৰামাৰা বালিকা স্কুল, ১৯৩৬ চনত হাউলী এম.ই স্কুল , ১৯৩৯ চনত হাউলী হাইস্কুল, ১৯৪৯ চনত হাউলী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ স্হাপিত হয়। ১৯৫০ চনত হাউলী নৰ্মাল স্কুল, ১৯৫৪ চনত অহেল্যা বালিকা বিদ্যালয় আৰু ১৯৫৮ চনত স্হাপিত হৈছিল হাউলী ছোৱালী হাইস্কুল। 

 ১৯৬৬ চনত উচ্চ শিক্ষাৰ পোহৰ বিলাবলৈ স্হাপন হৈছিল বি.এইচ. কলেজ। ১৯৬৮ চনত বৰবাৰীঝাৰ পি.চি. পাঠক এম.ই স্কুল আৰু হালাপাকুৰী হাইমাদ্ৰাছা আৰু ১৯৭২ চনত স্হাপিত হৈছিল হাউলী আদৰ্শ বিদ্যাপীঠ,হাউলী  আজাদ হাইস্কুল । 

               ইয়াৰ পিছত হাউলী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বিভিন্ন শিক্ষানুষ্ঠানে জন্ম লাভ কৰি শিক্ষাৰ দিশটো আগুৱাই নিয়াত অহৰহ প্ৰচেষ্টা চলাই আছে। বর্তমানে হাউলী জুনিয়ৰ কলেজ, কালঝাৰ মিলনজ্যোতি কলেজ, শংকৰদেৱ শিশু নিকেতন, হ’লী চাইল্ড একাডেমী, কালঝাৰ হেলনাৰপাম ইটাৰভিটা হাইস্কুল, কুজাৰপীঠ

হাই আৰু এম. ই. স্কুল, কুজাৰপীঠ প্রাথমিক বিদ্যালয়, ইটাৰভিটা প্রাথমিক বিদ্যালয়, , মাকা, প্রাইম একাডেমী, পাব্লিক একাডেমী, পল্লাৰপাৰ মাদ্রাছা উচ্চতৰ মাধ্যমিক, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, নগৰঝাৰ বালিকা প্রাথমিক বিদ্যালয়, দক্ষিণ নগৰঝাৰ বালিকা বিদ্যালয়, হােমা, কঠলীঝাৰ বালিকা প্রাথমিক বিদ্যালয়, কে. এন. ছােৱালী হাইমাদ্রাছা, হাজিপুৰ প্রাথমিক এম. ই. আৰু হাইস্কুল, জে. এম. হাইস্কুল, হাউলী জাতীয় বিদ্যালয়, খন্দকাৰপাৰা ছােৱালী মাদ্রাছা, ঢাকালিয়াপাৰা প্রাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, এইচ, কে, কলেজ, বগাইজানপাৰা প্ৰাথমিক আৰু হাইস্কুল, মৈৰামাৰা প্রাথমিক স্কুল, দাবালিয়াপাৰা হাইস্কুল, দাবালিয়াপাৰা ছােৱালী মাদ্রাছা, মৌটুপুৰী প্রাথমিক বিদ্যালয়, বেন্নীবাৰী

বড়াে প্রাথমিক বিদ্যালয়, মাজৰ গাঁও প্রাথমিক বিদ্যালয়, পৰাভুড়াল প্রাথমিক বিদ্যালয়, মধ্য হাউলি এম. ই. আৰু হাইস্কুল, হাউলি ডায়েট আদি অসংখ্য শিক্ষানুষ্ঠানে শিক্ষাৰ পােহৰ বিলাই আছে।

হাউলী জুনিয়ৰ কলেজৰ কিছু পুৰণি কথা

 

হাউলী চাৰিআলিৰ শিলিখা তলৰ কিছু উদ্যমী যুৱকৰ আড্ডাৰ বিষয় আছিল হাউলীত এক শিক্ষানুষ্ঠান গঢ় দিয়া। বগাৰ চাহ দোকানত কিছু উদ্যমী ব্যক্তিয়ে বহি লোৱা সংকল্পৰ পৰিণতিয়েই হ'ল হাউলী জুনিয়ৰ কলেজ। 

কথামতেই কাম। ১৯৯৬ চনত জুন মাহৰ কোনো এটা দিনত হাউলীৰ চণ্ডীবৰুৱা ভৱনত এখন 'সাধাৰণ সভা'ৰ আহ্বান জনোৱা হৈছিল। প্ৰস্তাব লোৱা হয় যে হাউলীত "হাউলী জুনিয়ৰ কলেজ" নামে এখন শিক্ষানুষ্ঠান গঢ় দিয়া হব। তাৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰা হয়। পৃষ্ঠপোষক আছিল সেই সময়ৰ বৰপেটা জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ, উপদেষ্টা আছিল যাদৱ চন্দ্ৰ দাস, যোগেশ চন্দ্ৰ নাথ, পৰমানন্দ দাস, সত্যনাথ দাস, হেমেন দাস আদিৰ দৰে ব্যক্তিসকল। সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল কুমাৰ দীপক দাস আৰু সম্পাদক আছিল উপেন দাস। সহকাৰী সম্পাদক আছিল মহানন্দ পাঠক।

কলেজ স্থাপনৰ বাবে স্থান নিৰ্ধাৰণ কৰা হয় হাউলীত সেইসময়ত বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা 'প্ৰসূতি সেৱা সদন'ৰ ভৱনটো। দেখিলে ভয়লগা এডোখৰ ঠাই। ঘন জংঘল। অনৈতিক কাৰ্যকলাপৰ ঘাটি। 

মাটিবাৰীৰ যাবতীয় কামখিনি কৰাৰ এক প্ৰত্যহ্বান আহি পৰিছিল নকৈ গঠিত হোৱা সমিতিখনৰ ওপৰত। পিছে সময়েও যেন সহাঁৰি জনালে জুনিয়ৰ কলেজক। ভাগ্যই যেন চকুমেলি চালে অনুষ্ঠানটোক। সেইটো বৰ্ষতে LAC অৰ্থাৎ Land Advisory Commitee বহিছিল। সোভাগ্যক্ৰমে সেই LAC ৰ এজন সদস্য আছিল প্ৰতিষ্ঠাপক সভাপতি কুমাৰ দীপক দাস। তেওঁ বহুখিনি সহায় কৰিছিল। ইয়াৰ উপৰি বহুতো প্ৰশাসনিক আমোলা বিষয়াৰ সদিচ্ছা আৰু সমিতিৰ বিষয়ববীয়াৰ তৎপৰতাৰ ফলস্বৰূপে ভূমিৰ কামখিনি খুব কম সময়ৰ ভিতৰতে সম্পন্ন হৈ উঠিছিল।

কলেজ চলোৱাৰ বাবে আন এক প্ৰত্যাহ্বান আছিল অৰ্থ সংগ্ৰহ। প্ৰথম সভাত উপস্থিত শুভাকাংশীয়ে প্ৰদান কৰা বৰঙণি প্ৰায় ছয় হাজাৰ দুইশ টকামান সংগ্ৰহ হৈছিল। আৰ্থিক ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছিল বেচৰকাৰী বাছ মালিক সন্থাই। প্ৰতিখন বাছৰ পৰা ২৫ পইছাকৈ কৰ সংগ্ৰহ কৰি জুনিয়ৰ কলেজক দিয়া হৈছিল। ইয়াৰ উপৰি হাউলীৰ 'নিহাৰ টকীজ'ৰ দৰ্শনীৰ মাচুলৰ কিছু অংশ হাউলী নগৰ সমিতিৰ জৰিয়তে কলেজলৈ দিয়া হৈছিল। হাউলীৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাও কিছু অৰ্থ সংগ্ৰহ কৰা হৈছিল। কিন্ত্ত কেৱল এই অৰ্থেৰে কলেজখন আগুৱাই নিয়া সম্ভৱ নাছিল। 

কলেজখনৰ আন্ত:গাঁঠনি উন্নয়ন সুদৃঢ় কৰাৰ বাবে হাউলী ৰাস মহোৎসৱত প্ৰথমবাৰৰ বাবে উপহাৰ কুপন খেলৰ আয়োজন কৰাৰ চিন্তা চৰ্চা কৰা হয়। হাউলী ৰাস মহোৎসৱত উপহাৰ কুপনৰ খেলৰ আৰম্ভণী জুনিয়ৰ কলেজৰ দ্বাৰাই হৈছিল। প্ৰথম উপহাৰ কুপন খেলখনৰ সভাপতি আছিল প্ৰয়াত অমৰ দাস আৰু সম্পাদক আছিল প্ৰয়াত বিবেকনন্দ(বিবেক) তালুকদাৰ। প্ৰথম উপহাৰ কুপন খেলখনৰ প্ৰতিটো কুপনৰ মূল্য আছিল ১০ টকা। প্ৰথম পুৰস্কাৰ আছিল LML Vespa । টি.ভি, চাইকেল, ঘড়ী আদিও পুৰস্কাৰ হিচাপে দিয়া হৈছিল সেইসময়ত।

উপহাৰ কুপন খেলৰ উত্থানেই আছিল জুনিয়ৰ কলেজৰ বিত্তীয় দিশৰ উত্থান। লাহে লাহে কলেজখনৰ কোঠাসমূহ নতুনকৈ নিৰ্মাণ কৰা হ'ল। কুমাৰ দীপক দাসদেৱৰ সাংসদ পুঁজিৰ ২০ লাখ টকা, বিধায়ক গুণীন্দ্ৰ নাথ দাসে বিধায়ক পুঁজিৰ ১০ লাখ টকা, হাউলী তামোল বেচা-কিনা কৰা সন্থাৰ উদ্যোগত নিৰ্মাণ হোৱা এটা শ্ৰেণীকোঠা, স্বৰ্গীয় ৰণজিত দাসৰ স্মৃতিত নিৰ্মাণ হোৱা মুখ্য তোৰণ আৰু বিভিন্ন শুভাকাংশীৰ দান বৰঙণিয়ে হাউলী জুনিয়ৰ কলেজৰ আন্ত:গাঁঠনিক এক নতুন মাত্ৰ প্ৰদান কৰিলে।

১৯৯৬ চনৰ জুনিয়ৰ কলেজখন কেনেকুৱা আছিল? প্ৰথমে কেৱল কলা বিভাগটোহে আছিল। ২০১১ চনতহে বাণিজ্য বিভাগৰ আৰম্ভণী হৈছিল। প্ৰথম প্ৰবক্তাৰ ভিতৰত আছিল উপেন দাস, প্ৰণৱ শৰ্মা, মইনুল হক, প্ৰতাপ দাস, ইভাৰাণী দাস আদি। কাৰ্যালয় সহায়ক আছিল পৰমানন্দ নাথ আৰু খনীন পাঠক। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে আছিল কমল দাস আৰু নিৰঞ্জন নাথ। প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল বৰপেটাৰ জগন্নাথ দাস। অধ্যক্ষৰ দৰমহা আছিল ১০০০ টকা, প্ৰবক্তাৰ ৪০০ টকা, তৃতীয় বৰ্গৰ ২০০ টকা আৰু চতুৰ্থ বৰ্গৰ ১৫০ টকা।

১৯৯৬ চনৰ ১৭ আগষ্ট। সেইদিনাই কলেজখন উদ্বোধন কৰিছিল সেইসময়ৰ অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আৰু শ্ৰেণীকোঠাৰ উদ্বোধন কৰিছিল হাউলী বিশিষ্ট শিক্ষাবিদ যাদৱ চন্দ্ৰ দাসদেৱে। 
১৯৯৬ চনৰ প্ৰথম বৰ্ষত মুঠ ছাত্ৰ ছাত্ৰী আছিল ৭৬ জন। কলেজখনত নামভৰ্তি হোৱা প্ৰথমজন ছাত্ৰ আছিল হাউলী পাঠকহাটীৰ মহেশ্বৰ নাথ আৰু ছাত্ৰী আছিল মৈৰামাৰা গাওঁৰ বিনীতা নাথ। প্ৰথম বছৰত মুঠ ৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছিল। জুনিয়ৰ কলেজত প্ৰথমটো ক্লাছ কোনে কৰিছিল জানেনে? প্ৰথমতে কলেজৰ সকলো কৰ্মকৰ্তাই শ্ৰেণীকোঠালৈ গৈ ছাত্ৰ ছাত্ৰীৰ লগত চিনাকি হোৱাৰ পাছত প্ৰথম কালাশত ইংৰাজী বিষয়ৰ পাঠদান কৰিছিল বৰপেটাৰোড বাবুপাৰাৰ মহুৱা বিশ্বাসে। প্ৰথমজন অধ্যক্ষ জগন্নাথ দাসৰ পিছত দ্বিতীয়জন অধ্যক্ষ হিচাপে বি.এইচ কলেজৰ অৱসৰপ্ৰাপ্ত দিলীপ ৰঞ্জন দত্ত আৰু ২০০৪ চনত অনিল চন্দ্ৰ কলিতাই অধ্যক্ষৰ আসন গ্ৰহণ কৰে। 

                     - অসীম দাস

HISTORY OF হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুল

 

* ১৯৭৩ চনৰ ৭ জানুৱাৰীত হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ জন্ম হয়।
* ১৯৭২ চনত এইখন প্ৰথমে পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰে সৈতে এখন এম.ই স্কুল আছিল।
* এই স্কুল স্থাপন নোহোৱালৈকে ১৯৭১ চনলৈকে এই স্থানখিনিত এখন গো-ৰিজাৰ্ভ আছিল। 
* আদৰ্শ বিদ্যাপীঠ এম.ই স্কুল স্থাপনৰ বাবে সাধাৰণ সভাখন ১৯৭১ চনত চণ্ডীবৰুৱা স্মৃতি ভৱনত অনুস্থিত কৰা হৈছিল।
* প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰয়াত বিৰজা নাথ দাস আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰয়াত সুৰেন্দ্ৰ নাথ দাস।
* হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল নৃপেন্দ্ৰ পূজাৰীদেৱ। এম.ই স্কুল থাকোঁতে প্ৰধান শিক্ষক আছিল হাউলী মৈৰামাৰা গাওঁৰ নগেন্দ্ৰ চন্দ্ৰ নাথ।
* তিনিটা শ্ৰেণীকোঠালীৰে আৰম্ভ হৈছিল হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ পাঠদান।
* শ্ৰেণীকোঠা তিনিটাৰ  দাঁতা আছিল প্ৰয়াত বিৰজা নাথ দাস, প্ৰয়াত প্ৰাণকৃষ্ণ দাসৰ পৰিয়াল আৰু প্ৰয়াত প্ৰমোদ দাসৰ পৰিয়ালে।
* স্কুলখনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হাউলীৰ বিভিন্ন শিক্ষানুৰাগীৰ লগতে ডা: সুৰেন্দ্ৰ নাথ দাসেও ৰাজনৈতিকভাৱে প্ৰশাসনীয় কাম-কাজত সহায় কৰিছিল।
* হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলত প্ৰথম অৱস্থাত কেৱল ছাত্ৰৰহে নামভৰ্ত্তি কৰা হৈছিল। ১৯৮৬ চন মানৰ পৰাহে অভিভাবকসকলৰ অনুৰোধত ছাত্ৰীৰ নামভৰ্ত্তি হবলৈ ধৰে।
* হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হয় ১৯৭৬ চনত। প্ৰথমবাৰ ৮ জনমান ছাত্ৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
* নব্বৈৰ দশকত হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ ফলাফল উন্নত হবলৈ ধৰে। ২০০০ চনত দীপাংকৰ পূজাৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমত প্ৰথম কুৰিটাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়।
* হাউলী অঞ্চলত শিক্ষাৰ আলোকেৰে আলোকিত কৰি হাউলী আদৰ্শ বিদ্যাপীঠ হাইস্কুলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ঠ অৱদান আগবঢ়াই সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে।