কালঝাৰ সত্ৰ | Kaljhar Satra | Kaljhar Xotro | History of Kaljhar, Howly
HOWLY · ASSAM · HERITAGE

Kaljhar

কালঝাৰ সত্ৰ
Kaljhar Satra · Kaljhar Xotro

ইতিহাস, ভক্তি আৰু সংস্কৃতিৰ এক জীৱন্ত অধ্যায়.
A living chapter of history, devotion and cultural memory in Howly, Assam.

SCROLL TO EXPLORE
01 · THE PLACE

কালঝাৰ — ইতিহাসৰ এটা নাম

Kaljhar — A Name In History

কালঝাৰ কেৱল এখন গাঁও বা এটা ভৌগোলিক নাম নহয়. It is part of the cultural and historical landscape of Howly, Assam. ইয়াৰ সৈতে জড়িত সত্ৰ, মানুহ, স্মৃতি আৰু ঐতিহাসিক পৰম্পৰাই কালঝাৰক হাউলীৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিচিত কৰি তোলে.

1589
কালঝাৰ সত্ৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত ঐতিহাসিক বছৰ.
The year recorded in Howly's historical timeline for the establishment of Kaljhar Satra.
কালঝাৰ সত্ৰ Kaljhar Satra Howly Assam
কালঝাৰ সত্ৰ · Kaljhar Satra · Howly
02 · THE HISTORY

কালঝাৰৰ ইতিহাস

The Story Behind Kaljhar

১৫৬৩ খ্ৰীষ্টাব্দৰ সময়ছোৱাত কোচ ৰজা নৰনাৰায়ণৰ সৈতে জড়িত এক ঐতিহাসিক পৰ্বত বৰনগৰ, ভবানীপুৰ, কালঝাৰ আৰু নৱনগৰক গুৰুত্বপূৰ্ণ বসতি হিচাপে গঢ়ি তোলাৰ কথা হাউলীৰ ঐতিহাসিক নথিত উল্লেখ কৰা হৈছে.

Kaljhar therefore sits within a much larger historical landscape surrounding Howly.

01 · SATRA

কালঝাৰ সত্ৰ

Kaljhar Satra · Kaljhar Xotro

হাউলীৰ ঐতিহাসিক টাইমলাইনত ১৫৮৯ খ্ৰীষ্টাব্দত কালঝাৰ সত্ৰ প্ৰতিষ্ঠাৰ কথা উল্লেখ আছে.

The Satra remains an important part of the historical and cultural identity associated with Kaljhar.

02 · GOPAL ATA

গোপাল আতা

Gopal Ata · Kaljhar

হাউলীৰ ঐতিহাসিক টাইমলাইন অনুসৰি গোপাল আতা ১৬১১ খ্ৰীষ্টাব্দত কালঝাৰত পৰলোকপ্ৰাপ্ত হৈছিল.

Kaljhar is therefore also connected with an important chapter in the religious history of the region.

03 · TIMELINE

কালঝাৰৰ সময়ৰেখা

A Timeline Of Kaljhar
1563
ঐতিহাসিক বসতি
A Historic Settlement
নৰনাৰায়ণৰ সময়ছোৱাৰ সৈতে জড়িত ঐতিহাসিক পৰ্বত কালঝাৰক বৰনগৰ, ভবানীপুৰ আৰু নৱনগৰৰ সৈতে গুৰুত্বপূৰ্ণ বসতি হিচাপে উল্লেখ কৰা হৈছে.

Historical documentation associated with Howly places Kaljhar among important settlements of this period.
1589
কালঝাৰ সত্ৰ
Establishment Of Kaljhar Satra
হাউলীৰ ঐতিহাসিক টাইমলাইনত কালঝাৰ সত্ৰ প্ৰতিষ্ঠাৰ সৈতে ১৫৮৯ খ্ৰীষ্টাব্দ জড়িত.

1589 is the year recorded in HowlyTown's historical timeline for Kaljhar Satra.
1611
গোপাল আতা
Gopal Ata
ঐতিহাসিক টাইমলাইন অনুসৰি গোপাল আতা কালঝাৰত পৰলোকপ্ৰাপ্ত হৈছিল.

Historical documentation associated with Howly records his passing at Kaljhar in 1611.
1897
মহাভূমিকম্প
The Great Assam Earthquake
১৮৯৭ চনৰ বিধ্বংসী ভূমিকম্পই হাউলী আৰু ইয়াৰ আশে-পাশে থকা বহু ঐতিহাসিক আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ ওপৰত প্ৰভাৱ পেলাইছিল.

The 1897 earthquake became an important turning point in the historical landscape of the region.
04 · MEMORY

কালঝাৰক কেৱল এখন গাঁও হিচাপে নাচাব.

See Kaljhar not just as a village, but as a living piece of Howly's history.

গাঁও, সত্ৰ, মানুহ, ইতিহাস আৰু স্মৃতি — এই সকলোবোৰ মিলিয়েই কালঝাৰৰ পৰিচয়.

Every place has a story. Kaljhar has centuries of memory.

05 · QUESTIONS

আপুনি জানিব বিচৰা কথাবোৰ

Everything You Want To Know About Kaljhar
কালঝাৰ সত্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
When was Kaljhar Satra established?
+
হাউলীৰ ঐতিহাসিক টাইমলাইনত কালঝাৰ সত্ৰৰ প্ৰতিষ্ঠাৰ সৈতে ১৫৮৯ খ্ৰীষ্টাব্দ জড়িত বুলি উল্লেখ কৰা হৈছে.

HowlyTown's historical timeline records 1589 CE in connection with the establishment of Kaljhar Satra.
কালঝাৰ ক'ত?
Where is Kaljhar?
+
কালঝাৰ হাউলী, অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক পৰিসৰৰ সৈতে জড়িত.

Kaljhar is associated with the historical and cultural landscape of Howly, Assam.
কালঝাৰ সত্ৰ আৰু Kaljhar Xotro একেই নেকি?
Is Kaljhar Xotro the same as Kaljhar Satra?
+
“সত্ৰ”, “Xotro” আৰু “Xatra” আদি বিভিন্ন transliteration বা লিখনভেদত ব্যৱহাৰ হ'ব পাৰে. স্থানীয় ব্যৱহাৰ আৰু উৎস অনুসৰি spelling ভিন্ন হ'ব পাৰে.

“Satra”, “Xotro” and “Xatra” are different transliterations that may be used depending on spelling and local usage.
কালঝাৰ হাউলীৰ ইতিহাসৰ সৈতে কিয় গুৰুত্বপূৰ্ণ?
Why is Kaljhar important to Howly's history?
+
কালঝাৰক লৈ থকা ঐতিহাসিক বসতিৰ উল্লেখ, কালঝাৰ সত্ৰ, গোপাল আতা আৰু অঞ্চলটোৰ সাংস্কৃতিক পৰম্পৰাই ইয়াক হাউলীৰ বৃহত্তৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অংশ কৰি তোলে.

Its documented settlement history, connection with Kaljhar Satra, Gopal Ata and the wider cultural landscape make Kaljhar part of Howly's historical story.
Historical note · ঐতিহাসিক টোকা

This page is part of HowlyTown's ongoing documentation of the history and cultural memory of Howly and surrounding areas.

এই পৃষ্ঠাৰ ঐতিহাসিক তথ্যসমূহ HowlyTownৰ উপলব্ধ ঐতিহাসিক নথি আৰু timelineৰ ওপৰত ভিত্তি কৰি উপস্থাপন কৰা হৈছে. নতুন primary sources বা স্থানীয় archival evidence উপলব্ধ হ'লে তথ্য update কৰা যাব.
Kaljhar satra

কালঝাৰ সত্ৰ

Kaljhar Satra

অসীম দাস

Gatway to Howly Picture

হাউলী চহৰৰ পৰা প্ৰায় ৩ কি.মি. পূৱে অৱস্থিত এখন ঐতিহাসিক গাওঁ হৈছে কালঝাৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ পাছত যি চাৰিটা সংহতি পোৱা যায় তাৰে ভিতৰত অন্যতম হৈছে কালসংহতি। মহাপুৰুষীয়া ধৰ্মৰ কালসংহিতাৰ সৃষ্টিস্থান হৈছে এই প্ৰাচীন কালঝাৰ সত্ৰ। এই কালসংহতিক 'কালমেৰীয়' বুলিও কোৱা হয়।

পুৰণি কালঝাৰ সুবৃহৎ আছিল। ইয়াৰ চাৰিটা খণ্ড আছিল বুলি জনা যায়। পূৱফালৰ ৰঙা ফুলৰ ঝাৰণিখনৰ নাম আছিল লালঝাৰ। পশ্চিমফালৰ গাঢ় সেউজীয়া ঝাৰণিৰে ঢকা ঠাইখিনিৰ নাম আছিল কৃষ্ণঝাৰ। উত্তৰফালে বিহাম্বৰ চৰাই থকা ঝাৰণিখনৰ নাম আছিল বিহামপুৰ আৰু দক্ষিণে থকা কিচকিচিয়া ক'লা ঝাৰণিখনৰ নামেই আছিল কালঝাৰ। 
কালঝাৰ নামটো কোঁচ মহাৰাজ নৰনাৰায়নে চিকাৰলৈ যাওঁতে দিয়া নাম। সেইসময়ত কিচকিচিয়া ক'লা ৰঙৰ ঝাৰণি এখন দেখি মুগ্ধ হৈ এই নাম দিছিল নৰনাৰায়ণে। 
কথাসাগৰ ভৱানীপুৰীয়া গোপাল আঁতাই একাদশী আতৈৰ একান্ত আহ্বানত ১৫৮৯ খৃষ্টাব্দত তিনিকুৰি তেৰজন ভকত লৈ আহি এই কালঝাৰত সত্ৰ পাতি থাকিবলৈ লয়। 
চৰিত পুথিত পোৱা মতে কালঝাৰ ঠাইখন সেইসময়ত অতি বিশাল আছিল। এই কালঝাৰৰ পৰিসীমা ইমানেই ডাঙৰ আছিল যে কোনো সভা আদিত ৰাইজক মাতিবলৈ ৩৬ জন বৰাৰ প্ৰয়োজন হৈছিল।

১৮৯৭ চনত হোৱা বৰভূইকঁপৰ পাছত এই ঠাইৰ মানুহবোৰ বজালীৰ বিভিন্ন ঠাই যেনে: কালজিৰাপাৰা, গলিয়া, ভৱানীপুৰ, চাউলাবৰী, সাদেৰী, মুগুৰীয়া আদি ঠাইলৈ গুচি যায়। কিন্ত্ত সত্ৰৰ মোহত বন্দী প্ৰায় ৭ ঘৰ মান পৰিয়াল এই গাওঁতেই ৰৈ যায় আৰু সত্ৰৰ অৱশিষ্ট চাকি, বন্তি, শলা আদি লৈ নতুনকৈ ওখ স্থানত এই সত্ৰ স্থাপন কৰে। ১৮৯৭ চনত হোৱা বৰভূইকঁপত পুৰণি ঠাইডাখৰ বহি যোৱাত এই সত্ৰখন স্থানান্তৰিত হৈ বৰ্তমানৰ কালঝাৰ গাওঁৰ মাজভাগত স্থাপিত হয়।
এসময়ত ধৰ্ম আৰু সাহিত্য চৰ্চাৰ প্ৰধান কেন্দ্ৰ আছিল এই কালঝাৰ সত্ৰ। এই কালঝাৰ সত্ৰতেই ভট্টদেৱে আশ্ৰম পাতি বহুদিন থাকিছিল।

 ৭১ বছৰ বয়সত 'কথাৰ সাগৰ' গোপাল আঁতাই এই কালঝাৰতেই পৰলোক গমন কৰে। ১৯৭৮ চনত গোপাল আঁতাৰ সমাধিস্থান উদ্ধাৰ হয়। 
কালঝাৰ সত্ৰৰ পুৰণি স্থানত মাকৰ সপোন পূৰণৰ বাবে নগাঁওৰ ৰোহিণী কুমাৰ বৰাই এটা পকা মঠ সাজি দিছে। এই পুৰণি স্থানতেই কাল সংহতিৰ একান্ত ভকত শ্ৰীৰাম আঁতাৰ ভেটি এতিয়াও অসংস্কৃত অৱস্থাত আছে।