হাউলী চহৰৰ পৰা প্ৰায় ৩ কি.মি. পূৱে অৱস্থিত এখন ঐতিহাসিক গাওঁ হৈছে কালঝাৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ পাছত যি চাৰিটা সংহতি পোৱা যায় তাৰে ভিতৰত অন্যতম হৈছে কালসংহতি। মহাপুৰুষীয়া ধৰ্মৰ কালসংহিতাৰ সৃষ্টিস্থান হৈছে এই প্ৰাচীন কালঝাৰ সত্ৰ। এই কালসংহতিক 'কালমেৰীয়' বুলিও কোৱা হয়।
পুৰণি কালঝাৰ সুবৃহৎ আছিল। ইয়াৰ চাৰিটা খণ্ড আছিল বুলি জনা যায়। পূৱফালৰ ৰঙা ফুলৰ ঝাৰণিখনৰ নাম আছিল লালঝাৰ। পশ্চিমফালৰ গাঢ় সেউজীয়া ঝাৰণিৰে ঢকা ঠাইখিনিৰ নাম আছিল কৃষ্ণঝাৰ। উত্তৰফালে বিহাম্বৰ চৰাই থকা ঝাৰণিখনৰ নাম আছিল বিহামপুৰ আৰু দক্ষিণে থকা কিচকিচিয়া ক'লা ঝাৰণিখনৰ নামেই আছিল কালঝাৰ।
কালঝাৰ নামটো কোঁচ মহাৰাজ নৰনাৰায়নে চিকাৰলৈ যাওঁতে দিয়া নাম। সেইসময়ত কিচকিচিয়া ক'লা ৰঙৰ ঝাৰণি এখন দেখি মুগ্ধ হৈ এই নাম দিছিল নৰনাৰায়ণে।
কথাসাগৰ ভৱানীপুৰীয়া গোপাল আঁতাই একাদশী আতৈৰ একান্ত আহ্বানত ১৫৮৯ খৃষ্টাব্দত তিনিকুৰি তেৰজন ভকত লৈ আহি এই কালঝাৰত সত্ৰ পাতি থাকিবলৈ লয়।
চৰিত পুথিত পোৱা মতে কালঝাৰ ঠাইখন সেইসময়ত অতি বিশাল আছিল। এই কালঝাৰৰ পৰিসীমা ইমানেই ডাঙৰ আছিল যে কোনো সভা আদিত ৰাইজক মাতিবলৈ ৩৬ জন বৰাৰ প্ৰয়োজন হৈছিল।
১৮৯৭ চনত হোৱা বৰভূইকঁপৰ পাছত এই ঠাইৰ মানুহবোৰ বজালীৰ বিভিন্ন ঠাই যেনে: কালজিৰাপাৰা, গলিয়া, ভৱানীপুৰ, চাউলাবৰী, সাদেৰী, মুগুৰীয়া আদি ঠাইলৈ গুচি যায়। কিন্ত্ত সত্ৰৰ মোহত বন্দী প্ৰায় ৭ ঘৰ মান পৰিয়াল এই গাওঁতেই ৰৈ যায় আৰু সত্ৰৰ অৱশিষ্ট চাকি, বন্তি, শলা আদি লৈ নতুনকৈ ওখ স্থানত এই সত্ৰ স্থাপন কৰে। ১৮৯৭ চনত হোৱা বৰভূইকঁপত পুৰণি ঠাইডাখৰ বহি যোৱাত এই সত্ৰখন স্থানান্তৰিত হৈ বৰ্তমানৰ কালঝাৰ গাওঁৰ মাজভাগত স্থাপিত হয়।
এসময়ত ধৰ্ম আৰু সাহিত্য চৰ্চাৰ প্ৰধান কেন্দ্ৰ আছিল এই কালঝাৰ সত্ৰ। এই কালঝাৰ সত্ৰতেই ভট্টদেৱে আশ্ৰম পাতি বহুদিন থাকিছিল।
৭১ বছৰ বয়সত 'কথাৰ সাগৰ' গোপাল আঁতাই এই কালঝাৰতেই পৰলোক গমন কৰে। ১৯৭৮ চনত গোপাল আঁতাৰ সমাধিস্থান উদ্ধাৰ হয়।
কালঝাৰ সত্ৰৰ পুৰণি স্থানত মাকৰ সপোন পূৰণৰ বাবে নগাঁওৰ ৰোহিণী কুমাৰ বৰাই এটা পকা মঠ সাজি দিছে। এই পুৰণি স্থানতেই কাল সংহতিৰ একান্ত ভকত শ্ৰীৰাম আঁতাৰ ভেটি এতিয়াও অসংস্কৃত অৱস্থাত আছে।