Logo Howly town .in

Howly

Welcome to Howly | Howly, a municipality in Barpeta district, Assam, India.

Explore 600 Years of Golden History of Howly .

Chandi

Baruah

চণ্ডীবৰুৱা

Know more

Manomati

মনোমতী

Know more

এসময়ৰ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ 'ৰাজহাউলি'য়ে কালক্ৰমত হৈ পৰিল "হাউলী"।

 

অসমীয়া সাহিত্যৰ বিখ্যাত উপন্যাস 'মনোমতী'ৰ জন্মস্থান এই হাউলীতেই । নামনি অসমৰ বাণিজ্যিক চহৰ হাউলী বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী ধৰ্মাৱালম্বী লোকেৰে গঠিত। এটা সময়ত মহাপুৰুষ শংকৰ-মাধৱ আৰু আঁতাসকলৰ লীলাভূমি আছিল এই বৃহত্তৰ হাউলী অঞ্চল। ১৯৫৪ চনতে জন্ম লোৱা চণ্ডী বৰুৱা স্মৃতি ভৱন হাউলীৰ সামজিক, সাংস্কৃতিক তথা বৌদ্ধিক কেন্দ্ৰস্বৰূপ যাৰ মঞ্চত বিষ্ণু ৰাভা, ফণী শৰ্মা আদিৰ দৰে অসমৰ যশস্বী শিল্পীয়ে নাট পৰিবেশন কৰি গৈছে।

 

হাউলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসমীয়া সমাজ জীৱনলৈ অন্যতম অৱদান হৈছে- সত্ৰ আৰু নামঘৰ। অসমীয়া সমাজ জীৱনত সত্ৰ-নামঘৰৰ অপৰিসীম ভূমিকা আৰু প্ৰভাৱৰ বিষয়ে প্ৰতিজন অসমীয়াই জ্ঞাত।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰপেটা আগমন বৰপেটাৰ বুৰঞ্জীৰ এক যুগান্তকাৰী ঘটনা। মহাপুৰুষ দুজনা গুৰুৱে বৰপেটা অঞ্চলত কটোৱা কালছোৱাক ভক্তি আন্দোলনৰ চূড়ান্ত যুগ বুলি কোৱা হয়।  হাউলীৰ অন্যতম অঞ্চল এটাৰ নাম 'ঘিলাঝাৰী'।

এই ঘিলাতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চাৰিমাহ থাকি ধৰ্ম প্ৰচাৰ কৰিছিল। গুৰুজনাই পাটবাউসীত সত্ৰ পাতি থকা সময়ত নৰনাৰায়ন ৰজাৰ গুণ-গৰিমাৰ কথা শুনি ৰজাক আহি সাক্ষাৎ কৰিছিল।ঘিলাত নৰনাৰায়নে উপ-ৰাজধানী পাতি বাৰ বছৰ কাল ৰাজত্ব কৰিছিল। এই ৰাজধানীৰ স্থান বৰ্তমান হাউলী নগৰৰ পৰা প্ৰায় ৩ কি:মি: নিলগত থকা নগৰঝাৰ আৰু কঠলিঝাৰ। চৰকাৰী ৰেকৰ্ড মতে এই ঠাইত ১ বিঘা ১ লেচা মাটি উদ্ধাৰ হৈছে।

আপুনি জানানে ?

লাচিত বৰফুকনৰ ধৰ্মগুৰু হাউলীৰ ৰামানন্দ দ্বিজ আছিল

হাউলী কালঝাৰ সত্ৰৰ সত্ৰাধিকাৰ ৰামানন্দ দ্বিজ অবিহনে লাচিত বৰফুকনৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ হৈ নুঠে। লাচিত বৰফুকন এজন মহাপ্রতাপী যোদ্ধা হোৱাৰ উপৰিও এজন বৈষ্ণৱীও আছিল। কালঝাৰ সত্ৰ হ'ল বৰপেটা অঞ্চলৰ এখন বিখ্যাত সত্র। গোপাল আতাই ভৱানীপুৰৰ পৰা গমন কৰি ভকত সংগীসকলৰ সৈতে কালঝাৰত অৱস্থান কৰিছিল। কালঝাৰ অঞ্চলৰ পৰা একাদশী আতৈৰ আমন্ত্ৰণত গোপাল আতাই তিনিশ তিনিকুৰি তেৰজন ভকতক লগত লৈ কালঝাৰত আহি উপস্থিত হয় আৰু তাতেই কালঝাৰ সত্ৰ প্রতিষ্ঠা কৰে। পিছত গোপাল আতাই তেওঁৰ প্রিয় শিষ্য ব্ৰাহ্মণ শ্ৰীৰাম আতাক তেওঁৰ চাৰিসত্ৰ ভবানীপুৰ, জোৱাৰাদি, হাউলীৰ কালঝাৰ আৰু পোৰাভঁৰাল সত্ৰ চমজাই দি ইহ সংসাৰ ত্যাগ কৰে। গোপাল আতাৰ পিছত কালঝাৰ সত্ৰত শ্ৰীৰাম আতাই সত্ৰাধিকাৰ হিচাপে সত্ৰ পৰিচালনা কৰি গোপাল আতাৰ উত্তৰসূৰীৰ দায়িত্ব পালন কৰিছিল। শ্ৰীৰাম আতাৰ প্ৰয়াণৰ পিছত কালঝাৰ সত্ৰৰ সত্ৰাধিকাৰ হ'ল তেওঁৰ পুত্ৰ ৰামানন্দ দ্বিজ আৰু আনজন পুত্ৰ পৰমানন্দ দ্বিজ হাউলীৰ পোৰাভঁৰাল সত্ৰৰ সত্ৰাধিকাৰ হয়। শ্ৰীৰাম আতা কালঝাৰ সত্ৰত সত্ৰাধিকাৰ হৈ থাকোঁতে এবাৰ উজনি অসমলৈ গৈছিল আৰু মাজুলীত ১৬৪৩ খ্ৰীষ্টাব্দত আহতগুৰি সত্ৰ প্ৰতিষ্ঠা কৰিছিল। শ্ৰীৰাম আতাৰ প্ৰয়াণৰ পিছত ৰামানন্দ দ্বিজ কালঝাৰ সত্ৰৰ সত্ৰাধিকাৰ হৈ থাকোতে এবাৰ উজনিলৈ পিতৃ পুৰুষৰ সত্ৰৰ সন্ধানত গমন কৰিছিল । ৰামানন্দ দ্বিজ কলিয়াবৰৰ খাকৰুডুবিত বাহৰ পাতি থাকোতেই লাচিত বৰফুকনে তেওঁৰ সম্বাদ পায়। লাচিত বৰফুকনে ৰামানন্দ দেৱৰ শৰণ লৈ নিজৰ দোপদৰ কলিয়াবৰৰে মাধৱ দেৱালয়ৰ পূবলৈ উঠাই নি নিজৰ ঘৰ বাৰী গুৰুক উছৰ্গা কৰি ভেদেলীৰ ভণ্ডাৰকে কেন্দ্ৰ কৰি সত্ৰ পাতি থাকিবলৈ দিলে। ভেদেলী ভাণ্ডাৰত সত্ৰ পাতি ৰামানন্দ দ্বিজ কিছু দিন থাকে। কিন্তু লাচিত বৰফুকন ১৬৭১ চনত উজনিলৈ গৈ থাকোতে যোৰহাটত মৃত্যু বৰণ কৰাত ৰামানন্দ দ্বিজো উজনিৰ অভিমুখে যাত্ৰা কৰিলে। তেওঁ গৈ পোনতে গড়গাওঁ ৰাজধানীত পালেগৈ। গড়গাঁৱত লাচিত বৰফুকনৰ গুৰু হিচাপে তেওঁক যথেষ্ট সন্মান প্ৰদান কৰিলে। ৰামানন্দ দ্বিজ মহাপ্রতাপী লাচিত বৰফুকনৰ দৰে বীৰ এজনৰ ধৰ্মগুৰু হৈয়ো বৰ্তমানলৈকে প্ৰায় সকলো ক্ষেত্ৰতে উপেক্ষিত হৈ থাকে। এইটো এটা বৰ বেদনাদায়ক বিষয়। সেয়ে এইক্ষেত্ৰত আমাক ঐতিহাসিক অনুসন্ধানৰো নিশ্চয়কৈ প্রয়োজন আছে।

হাউলী ৰাস মহোৎসৱ

(জন্ম আৰু বিকাশ )

 

* ১৯২৮ চনত ৰাস পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত হাউলী হাটখোলাৰ উত্তৰে তেতিয়াৰ তেলি কদমৰ তলতে আৰম্ভণি হৈছিল হাউলী সাৰ্বজনীন ৰাস উৎসৱৰ।

* হাউলী সাৰ্বজনীন ৰাস উৎসৱৰ প্ৰথম সভাপতি আছিল ঁ বিশ্বনাথ দাস আৰু সম্পাদক আছিল ক্ৰমে ঁ যোগেশ চন্দ্ৰ দাস ,ঁ গৰ্জন চন্দ্ৰ চৰকাৰ।

*১৯২৮ চনত আৰম্ভণি অৱস্থাত ৩ দিনীয়াকৈ পালন কৰা হৈছিল হাউলী সাৰ্বজনীন ৰাস উৎসৱ।

* সেইসময়ত হেজাক লাইট আৰু পেট্ৰোমাক্স' লাইটৰ পোহৰেৰে চলিছিল ৰাসৰ কাৰ্যসূচী।

* কাৰ্যসূচী আছিল পূজাঁ, ভাগৱত পাঠ, ওজাপালি, ঢুলীয়া, কবিগান, যাত্ৰাগান, নাম-কীৰ্ত্তন আদি।

* মহিলাসকলে গৰুগাড়ীত বহি আৰু পুৰুষসকলে মাটিত পাৰি দিয়া ধান খেৰত বহি ৰাসৰ কাৰ্যসূচী উপভোগ কৰিছিল।

* অসমত ৰাসক্ৰীড়া প্ৰথমে শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল। উজনি অসমৰ ৰাস গুৰুজনাৰ আৰ্হিতে উদযাপন কৰা হৈ আহিছে। হাউলীৰ ৰাস কোচবিহাৰৰ মৃন্ময় মূৰ্তিৰে সজ্জিত ৰাসৰ আৰ্হিত পতা হয়।

* ১৯৫৫ চনত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আৰম্ভ হোৱাত নতুন ঠাইলৈ স্থানান্তৰিত হয় হাউলী সাৰ্বজনীন ৰাস উৎসৱ।

* নতুন ঠাইত অহাৰ পিছত দৰ্শনাৰ্থীৰ সংখ্যা বছৰে বছৰে দ্ৰুত গতিত বাঢ়িবলৈ ধৰে।

* ১৯৯৭ চনত এটা বৃহৎ আকাৰৰ মন্দিৰ নিৰ্মাণৰ বাবে এখন সমিতি গঠন কৰা হয়।

* ২০০৭ চনৰ ৩১ জানুৱাৰীত নতুন মন্দিৰটোত 'বিগ্ৰহ'ৰ প্ৰাণ প্ৰতিষ্ঠ‍া কৰা হয়।

* প্ৰথম অৱস্থাত ইছলাম ধৰ্মীয় লোকসকলে হাউলী ৰাসত যোগদান কৰা নাছিল। পিছলৈ তেওঁলোকেও এই উৎসৱত যোগদান কৰিবলৈ ধৰে। চুফি ৰিয়াজুদ্দিন চৰকাৰ আৰু মো: দাৰোগ আলী চৰকাৰেই হাউলী ৰাসত যোগদান কৰা প্ৰথম মুছলমান নেতৃস্থানীয় ব্যক্তি।

* হাউলী ৰাস মহোৎসৱ অকল হাউলী অঞ্চলৰে উৎসৱ হৈ থকা নাই । ই সমগ্ৰ অসমৰে এক জাতীয় উৎসৱলৈ পৰিগণিত হৈছে। প্ৰতি বছৰে উদযাপিত হোৱা এই উৎসৱথলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক উপাদানৰ উপৰি অতি সম্প্ৰতি নতুন প্ৰজন্মৰ মাজত গঢ় লৈ উঠা সাংস্কৃতিক উপাদানসমূহ নিৰৱচ্ছিন্নভাৱে প্ৰদৰ্শন কৰাৰ এক সুবিশাল মঞ্চ লাভ কৰি গোটেই অঞ্চলটোৱেই সংস্কৃতিৰ এক মহামিলনৰ থলীলৈ পৰিগণিত হৈছে।