মাদুলীঝাৰ গাওঁৰ পুৰণি কথাবোৰ
বিভিন্ন সম্প্ৰদায়েৰে পৰিপূৰ্ণ হৈও একেটি সমাজ বান্ধোনৰ দ্বাৰা একত্ৰিত হাউলী অঞ্চলৰ এখনি গাওঁ হৈছে মাদুলীঝাৰ গাওঁ।
01
মাদুলীঝাৰ গাওঁখনৰ নামটো
প্ৰায় ১৩০ বছৰমান আগৰপৰা চলি
অহা এটা নাম। সৰভোগৰ চকচকাৰ
ওচৰত থকা 'মাদুলীঝাৰ' গাওঁখনৰ
পৰা এঘৰ দুঘৰকৈ আহি হাউলী
অঞ্চলত সৃষ্টি হোৱা এই গাওঁখনৰ
নামে কালক্ৰমত 'মাদুলীঝাৰ'
হৈ পৰে।
02
সৰভোগৰ ওচৰৰ মাদুলীঝাৰৰ
এজন অত্যন্ত সাহসী যুৱক আছিল।
নাম আছিল মালোৰাম কলিতা,
যাক মুলি কলিতা বুলি
সকলোৱে জানিছিল।
03
এই মুলি কলিতা নামৰ সাহসী
ডেকাজনে সাহসিকতাৰ পৰিচয় দি
পোনপ্ৰথমে হাবি-জংঘলেৰে
আৱৰি থকা এই বিপদসংকুল
অঞ্চলত অকলে থাকিবলৈ
সাহস কৰিছিল।
সময়ৰ সৈতে মাদুলীঝাৰ এখন সামাজিকভাৱে বৈচিত্ৰ্যময় গাঁৱলৈ পৰিণত হৈছে। বিভিন্ন সম্প্ৰদায়ৰ লোক একেলগে বসবাস কৰি একেটি সমাজ বান্ধোনৰ মাজেৰে গাঁওখনৰ ঐতিহ্য আৰু পৰিচয় আগবঢ়াই লৈ গৈছে।
WATCH THE STORY
মাদুলীঝাৰ
মাদুলীঝাৰ —
হাউলী অঞ্চলৰ ইতিহাস, মানুহ আৰু
পুৰণি কথাবোৰ সংৰক্ষণ কৰাৰ
এক প্ৰয়াস।
Howly Town • Howly Digital
Howly Town • Howly Digital

