হাউলীৰ সংস্কৃত পণ্ডিতদ্বয় | Mahiram & Adyanath Bhattacharya | History of Howly
বিদ্যাবাগীশ আদ্যনাথ ভট্টাচাৰ্য
HOWLY · HISTORY OF LEGENDS

বিদ্যাবাগীশ আদ্যনাথ ভট্টাচাৰ্য

Two generations of Sanskrit scholarship that became part of Howly's cultural memory.

Scroll to explore
01 / The Story

হাউলীৰ সংস্কৃত পণ্ডিতদ্বয় History of Legends.
Legends of Howly.

Long before Howly became the town we know today, Sanskrit learning, religious scholarship and traditional education shaped its intellectual landscape. Among the names remembered through generations are Mahiram Dev Vidyaratna Bhattacharya and his son, Vidyabagish Adyanath Bhattacharya.

02 / A Scholarly Legacy

Knowledge was not
simply taught. জ্ঞান কেৱল শিকোৱা হোৱা নাছিল — ই আছিল এক জীৱনধাৰা।

The Scholars

A father and son whose lives were deeply connected with Sanskrit education, religious traditions and the cultural history of Howly.

মহীৰাম ভট্টাচাৰ্য্য
SCHOLAR 01

মহীৰাম দেৱ বিদ্যাৰত্ন ভট্টাচাৰ্য

Mahiram Dev Vidyaratna Bhattacharya

মহীৰাম দেৱ বিদ্যাৰত্ন ভট্টাচাৰ্য এজন ভাৰত বিখ্যাত অগাধ সংস্কৃত পণ্ডিত আছিল। তেখেত এজন সাত্ত্বিক ঋষিতুল্য ব্যক্তি আছিল আৰু অভয়াপুৰী ৰজাৰ দ্বাৰ পণ্ডিত হিচাপে সন্মানিত হৈছিল।

শিমলুগুৰীত তেখেতে নিজে সংস্কৃত টোল স্থাপন কৰিছিল। ডাঙৰ সংস্কৃত টোলত অধ্যাপনা কৰাৰ বাবে তেখেতক ‘শিমলুগুৰীয়া অধ্যাপক’ বুলিও জনা গৈছিল।

১৮৯৭ চনৰ বৰ ভূঁইকঁপৰ পিছত তেখেতে মৈৰামাৰা গাঁৱত বসবাস কৰিবলৈ লয়। নিজৰ ঘৰতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, দৌল উৎসৱ আৰু ৰাসপূজা আদি অনুষ্ঠিত কৰিছিল।

ব্যৱহাৰ দৰ্পণ — মহীৰাম ভট্টাচাৰ্য্য
A Written Legacy

ব্যৱহাৰ দৰ্পণ

মহীৰাম দেৱ বিদ্যাৰত্ন ভট্টাচাৰ্য দেৱে ৰচনা কৰা ‘ব্যৱহাৰ দৰ্পণ’ পুথিখন তেখেতৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টিসমূহৰ অন্যতম। অসমৰ ব্ৰাহ্মণ সমাজ বা গোসাঁই সমাজত এই পুথিৰ ব্যৱহাৰৰ পৰম্পৰা আছে।

His written legacy remains an important part of the story surrounding his scholarship and the transmission of traditional knowledge in Assam.

Manuscripts

মহীৰাম ভট্টাচাৰ্যদেৱে ৰচনা কৰা বহুতো লেখা অপ্ৰকাশিত অৱস্থাত আছে। সেই সময়ত সাঁচিপাতত লিখাৰ পৰম্পৰা আছিল। তেখেতৰ লিখা বহুতো সাঁচিপাতৰ টোপোলা এতিয়াও সংৰক্ষিত হৈ আছে।

A preserved memory

তেখেতৰ বাসগৃহত আজিও বহুতো পুৰণি সোণ-ৰূপ আদি ধাতুৰ মুদ্ৰা পৰিয়ালে সংৰক্ষণ কৰি ৰাখিছে। ইয়াৰে কিছু মুদ্ৰা মোগল শাসনকালৰ বুলি পৰিয়ালৰ স্মৃতিত উল্লেখ আছে।

বিদ্যাবাগীশ আদ্যনাথ ভট্টাচাৰ্য
SCHOLAR 02

বিদ্যাবাগীশ আদ্যনাথ ভট্টাচাৰ্য

Vidyabagish Adyanath Bhattacharya

মহীৰাম ভট্টাচাৰ্য্যৰ সুযোগ্য পুত্ৰ আছিল আদ্যনাথ ভট্টাচাৰ্য্য। তেওঁ শিৱসাগৰৰ জাঁজী সংস্কৃত টোলৰ অধ্যক্ষ আছিল আৰু প্ৰায় ৩৫ বছৰ জাঁজী টোলৰ সৈতে জড়িত আছিল বুলি জনা যায়।

কমলাবাৰীকে ধৰি অসমৰ বিভিন্ন ঠাইত সংস্কৃত টোল স্থাপন কৰি তেওঁ সংস্কৃত শিক্ষাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁৰ বহুতো সুখ্যাতিসম্পন্ন ছাত্ৰ অসমৰ বিভিন্ন ঠাইত বিয়পি আছিল।

1897
A turning point
After the great earthquake, Mahiram Bhattacharya moved from Namaty and settled in Moiramara.
35+
Years at Jaji
Adyanath Bhattacharya is remembered for his long association with the Jaji Sanskrit Tol.
1927
Durga Puja tradition
Traditional accounts connect Adyanath Bhattacharya with the beginning of Devi Durga worship at Madhya Bazaar, Howly.
03 / Tradition

From scholarship
to tradition. জ্ঞানৰ পৰা পৰম্পৰালৈ — হাউলীৰ সাংস্কৃতিক স্মৃতিত তেওঁলোকৰ উপস্থিতি আজিও অনুভৱ কৰা যায়।

A life of learning,
devotion & tradition.

SANSKRIT EDUCATION

জাঁজী সংস্কৃত টোল

আদ্যনাথ ভট্টাচাৰ্য্য জাঁজী সংস্কৃত টোলৰ অধ্যক্ষ আছিল। তেখেতে বহু বছৰ ধৰি সংস্কৃত শিক্ষাৰ সৈতে জড়িত আছিল।

CULTURAL EDUCATION

অসমৰ বিভিন্ন ঠাইত টোল

কমলাবাৰী আদি বিভিন্ন ঠাইত সংস্কৃত টোল স্থাপন কৰি তেওঁ সংস্কৃত শিক্ষাৰ প্ৰসাৰত অৰিহণা যোগাইছিল।

1927

মধ্যবজাৰত দুৰ্গাৰাধনা

মৈৰামাৰা গাঁৱৰ পণ্ডিত আদ্যনাথ ভট্টাচাৰ্যৰ মহামন্ত্ৰেৰে নৱহাউলীৰ মধ্যবজাৰত ১৯২৭ চনত দেৱী দুৰ্গাৰ আৰাধনা আৰম্ভ হৈছিল বুলি স্থানীয় ঐতিহাসিক পৰম্পৰাত উল্লেখ আছে।

RAAS

হাউলীৰ ৰাস পৰম্পৰা

হাউলী সাৰ্বজনীন ৰাস উৎসৱ আৰম্ভ হোৱাৰ পূৰ্বে আদ্যনাথ ভট্টাচাৰ্য্যৰ ঘৰত নিজাববীয়াকৈ ৰাস পূজা অনুষ্ঠিত হৈছিল। ১৯২৮ চনত ৰাজহুৱা ৰাস উৎসৱত তেওঁলোকৰ পৰিয়ালেও সহযোগ কৰিছিল।

1962

এক জীৱনৰ সমাপ্তি

১৯৬২ চনৰ ১৭ আগষ্টত শিষ্যবৰ্গৰ সন্মুখত হৰিনাম লৈ আদ্যনাথ ভট্টাচাৰ্য্যই পৰলোক গমন কৰে।

অসমীয়া

মহীৰাম দেৱ বিদ্যাৰত্ন ভট্টাচাৰ্য আৰু বিদ্যাবাগীশ আদ্যনাথ ভট্টাচাৰ্য — দুটা প্ৰজন্ম, এক গভীৰ জ্ঞান-ঐতিহ্য, আৰু হাউলীৰ ইতিহাসৰ সৈতে জড়িত এক স্মৰণীয় সাংস্কৃতিক অধ্যায়।

English

Mahiram Dev Vidyaratna Bhattacharya and Vidyabagish Adyanath Bhattacharya represent two generations of scholarship, devotion and traditional learning woven into the cultural memory of Howly.