আদৰণী তোৰণ হাউলী

Gateway to Howly

অসীম দাস

হাউলীৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হৈছে অসমৰ ভিতৰতে এখন অনন্য আদৰণী তোৰণ। এই আটক্-ধুনীয়া তোৰণখন নিৰ্মাণ কৰিছে অসমৰ বিশিষ্ট কলা নিৰ্দেশক তথা ২০১৭ চনৰ সংগীত নাটক একাডেমি বঁটা প্ৰাপক নুৰুদ্দীন আহমেদে। 
তোৰণৰ এক অংশত সত্ৰীয়া কলা সংস্কৃতিক স্থাপন কৰা হৈছে। বৰপেটা আৰু হাউলী অঞ্চল সত্ৰকেন্দ্ৰিক হোৱা হেতুকে সত্ৰীয়া পৰম্পৰাৰ দৃশ্যাংশ স্থাপন কৰা হৈছে। গুৰু আসন, গড়ুৰ পক্ষী, ভোৰতাল, বায়নৰ খোল বাদন, কালিয়দমন আদিৰ ছবি প্ৰতিফলিত কৰিব বিচৰা হৈছে।
বৰপেটা জিলাৰ কাঁহ পিতলৰ শিল্পৰ বাবে অসম বিখ্যাত সৰ্থেবাৰীক প্ৰতিফলিত কৰিব পৰাকৈ মাজত স্থাপন কৰা হৈছে এখন সুবিশাল শৰাই।
হাউলীৰ প্ৰতিচ্ছবি প্ৰতিফলন হব পৰাকৈ হাউলীবাসীৰ আবেগ ৰাস মন্দিৰকো তোৰণখনত স্থাপন কৰা হৈছে। হাউলীৰ মাজেৰে গৈ কোকৰাঝাৰ, বাকসা আদি জিলালৈ যোৱা হেতুকে সেই অঞ্চলৰ বড়ো আৰু আন আন জনজাতীয় লোকসকলৰ কলা সংস্কৃতিকো স্থান দিয়া হৈছে তোৰণত। তোৰণ ৰ এটা অংশত মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ব্যঘ্ৰ প্ৰকল্পক প্ৰতিফলন কৰিবলৈ বাঘ আৰু গড়কো স্থাপন কৰা হৈছে।
হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত  ২০২০ চনৰ ১৭ নবেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা আদৰণী তোৰণখন ২০২৩ চনৰ ৩০ জুনত উদ্বোধন কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।
এই দৃষ্টিনন্দন তোৰণখনৰ ডিজাইন নুৰুদ্দিন আহমেদ আৰু তেখেতৰ পুত্ৰ দ্বীপ আহমেদৰ।

Gatway to Howly Picture

Dispur, November 17: Chief Minister Sarbananda Sonowal today inaugurated the newly built Chandi Barua Bhawan and a Swahid Bedi (Martyrs column) encompassing the martyrs of Assam Movement at Howly. At the same time Chief Minister Sonowal laid the foundation stone of an Adarani Toron, a welcome gateway to Howly to be built by Assam Tourism Development Corporation for Rs. 40 lakh on the National Highway. It may be noted that Chandi Barua Bhawan of Howly has been reconstructed by Cultural Affairs Department involving a financial outlay of Rs. 2 crore. Moreover, the Swahid Bedi has been built using the un tied fund of the Chief Minister.