Picture of Manomati

Picture of Manomati | Daughter of Chandi Narayan Baruah

Art by Nabin Chandra Das

in ascociation with Howly Digital media.

হাউলীৰ জীৱন্ত দলিলস্বৰূপ "মনোমতী"

হাউলীৰ এক জীৱন্ত দলিলস্বৰূপ অসমৰ ঔপন্যাসিক সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰা কালজয়ী উপন্যাস 'মনোমতী' । হাউলীৰ হালাপাকুৰি গাওঁত ইংৰাজে স্থাপন কৰা ডাকবঙলাতে থাকি বৰদলৈদেৱে ৰচনা কৰিছিল 'মনোমতী'। 
                 ৰজনীকান্ত বৰদলৈয়ে হাউলী নামটো বিশ্বৰ বুকুত চিৰযুগমীয়া কৰি থৈ গ'ল। ইতিহাসপ্ৰসিদ্ধ এই ঠাইখিনিতে তেওঁ বিচাৰি ফুৰিছিল 'মনোমতী' উপন্যাসৰ সমল। উপন্যাসখনৰ সমল পটভূমি আছিল হাউলী আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলসমূহ। ৰজনীকান্ত বৰদলৈয়ে বৰ্ণনা কৰা নগৰঝাৰ, ঘিলাঝাৰ, বৰবাৰীঝাৰ, বৰুৱাবজাৰ, হালাপাকুৰী, কালঝাৰ, পোৰাভড়াল, গুৱাগাছা সত্ৰ আদি বুৰঞ্জীপ্ৰসিদ্ধ গাওঁবোৰ বৰ্ত্তমানেও একে নামেৰে বিদ্যমান। এক কথাত কবলৈ গলে বৰদলৈদেৱৰ পদধূলিতে হাউলী গৌৰৱান্বিত।
                 শেষত এটা কথা স্বীকাৰ কৰিবই লাগিব যদি 'মনোমতী' উপন্যাসৰ সৃষ্টি নোহোৱাহেতেন হাউলী অঞ্চলটোৰ নাম অতীত বিস্মৃতিয়ে ঢাকি পেলালেহেঁতেন।