বীৰভূমি হাউলী

বীৰভূমি হাউলী... প্ৰবল প্ৰতাপী, সাহসী ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ এক জাকত জিলিকা ৰাজধানী 'হাউলি'। সমস্ত ইতিহাসৰ সাক্ষী সেই সময়ৰ বোৱতী নৈ মানাহ। এই মানাহ নৈ আছিল বৰপেটা অঞ্চলৰ যাতায়াত , বাণিজ্যৰ মূল মাধ্যম। এই মানাহ নদীৰেই এদিন মানসকল আহি বিধস্ত কৰিছিল সমগ্ৰ হাউলী অঞ্চল। ভূতৰ ওপৰত দানহ পৰাদি ১৮৯৭ চনৰ বৰভূইকপে ধ্বংস কৰি পেলাইছিল হাউলীৰ অতীতৰ সেই গৌৰৱোজ্জল সভ্যতা, সংস্কৃতি।

                   কিন্ত্ত তাৰ পিছত এক ইতিবাচক ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত পুনৰ আৰম্ভ হ'ল এক আশাব্যঞ্জক প্ৰক্ৰিয়া আৰু গঠন হ'ল "নৱ হাউলী" বা "আধুনিক হাউলী"। পুৰণি হাউলীৰ পটভূমিত ৰচিত ঔপন্যাসিক সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱৰ 'মনোমতী'ৰ জন্মস্থল আছিল ইংৰাজে স্থাপন কৰা হাউলী হালাপাকুৰী গাওঁত থকা ডাকবঙলাত।

                   এটা সময়ত মহাপুৰুষ শংকৰ-মাধৱ আৰু আতাঁসকলৰ লীলাভূমি আছিল এই বৃহত্তৰ হাউলী অঞ্চল। নমাটি সত্ৰ, পোৰাভড়াল, ঘিলাঝাৰী, কালঝাৰ, ধুপৰগুৰী, গুৱাগাছা আদি পবিত্ৰ সত্ৰসমূহে আজিও তাৰ সাক্ষৰ বহন কৰি আছে।

            হাউলীৰ নাট্য আন্দোলনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল ১৯৪৬ চনত গঠিত 'প্ৰগতি সংঘ'ই। হাউলী অঞ্চলৰ কলা সংস্কৃতিৰ অন্যতম ভেটি ১৯৫২ চনত স্থাপিত নাট্য সংঘ। ১৯৫৪ চনত জন্ম হৈছিল হাউলীৰ সামাজিক, সাংস্কৃতিক তথা বৌদ্ধিক কেন্দ্ৰস্বৰূপ "চণ্ডীবৰুৱা স্মৃতি ভৱন"।

              বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী ধৰ্মাৱালম্বী লোকেৰে পৰিপূৰ্ণ হাউলীত ১৯২৮ চনত কেবাজনো উদ্যমী ব্যক্তিৰ উদ্যোগত জন্ম লাভ কৰিছিল 'ৰাস মহোৎসৱ'ৰ। হাউলীৰ আটকধুনীয়া ৰাস মন্দিৰ চৌহদতে লাগি থকা মদন-মোহন কীৰ্তনঘৰে গোটেই প্ৰাঙ্গনটোক চালে চকুৰোৱা কৰি ৰাখিছে। 

হাউলী মধ্যবজাৰ সাৰ্বজনীন কালী মন্দিৰ"ৰ ইতিহাস

ইতিহাস প্ৰসিদ্ধ ৰজা চণ্ডী নাৰায়ন বৰুৱাৰ 'ৰাজহাউলি'ৰ - হাউলী চহৰৰ মাজমজিয়াত অৱস্হিত এক পৌৰাণিক তথা নৱহাউলীৰ সৰ্বপ্ৰথম মন্দিৰ "হাউলী মধ্যবজাৰ সাৰ্বজনীন কালী মন্দিৰ" ।১১০ বছৰৰ ইতিহাস লুকাই আছে এই ঐতিহ্যমণ্ডিত হাউলী মধ্যবজাৰ কালী মন্দিৰটোত । 

ইতিহাসে কয় - স্বাধীনতাৰ বহু পূৰ্বৰে পৰাই বহু বাঙালী সম্প্ৰদায়ৰ মানুহে ব্যৱসায় সূত্ৰে অসমত অস্হায়ীভাবে বসবাস কৰিছিল আৰু সেয়া কেৱল সম্ভৱ হৈছিল বৰ্তমানৰ মৰামানাহ নদী যিখন আছিল পূৰ্ব বংগ আৰু অসমৰ মাজৰ সংযোগী যাতায়াতৰ সুবিধা থকা এখন নদী। 

১৯০৫ খ্ৰী:ৰ পৰা ১৯১১ খ্ৰী: পৰ্য্যন্ত বংগ ভংগৰ ফলশ্ৰুতিত পূৰ্ববংগ আৰু অসমক সাঙুৰি এখন নতুন প্ৰদেশ গঠিত হৈছিল । যাৰ ৰাজধানী আছিল ঢাকা । 

সেই সময় চোৱাত পূৰ্ব বংগৰ বহু বাঙালী সম্প্ৰদায়ৰ লোকে আকৰ্ষণীয় আৰু বৰ্ণনামূলক প্ৰাকৃতিক সৌন্দৰ্য্যৰে সুশোভিত ভাৰতৰ পূৰ্বত্তম প্ৰহৰী "অসম" যত স্হায়ীভাবে বসবাস কৰাৰ প্ৰতি মনোনিবেশ কৰিছিল। ঠিক তেনেকৈ হাউলী মধ্যবজাৰ বাসিন্দাৰ পূৰ্বপূৰুষসকলেও সেয়া ভাবিয়ে ১৯১২ খ্ৰী:ত ঘন বসতিশূন্য ঠাই এখনত কালী মন্দিৰ স্হাপন কৰি নিয়মীয়াকৈ কালীপূজা অতি ধুমধামেৰে পালন কৰিবলৈ লয় । ঐতিহ্যৰে সমৃদ্ধ কালী মন্দিৰলৈ  কালী পূজাৰ সময়ত অগণন ভক্তৰ আগমন ঘটিছিল । 

বৰ্ষা ঋতুৱে সিক্ত কৰি যোৱা খেতি পথাৰ ঠন ধৰে, গাওঁৰ বাট পথবোৰো শুকাব ধৰে...এনে এক সময়তে শৰতে লৈ আহে উৎৱৰ বতৰ । শৰতৰ  আগমনতেই প্ৰথম বাৰৰ বাবে ১৯২৭ খ্ৰী:ত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক আদৰিবলৈ মানস কৰে এই পৌৰাণিক কালি মন্দিৰটোতে ।

এই কালীপূজা দুৰ্গাপূজাৰ উৎসৱমুখৰ পৰিবেশে বৃহত্তৰ হাউলী সমাজৰ গণ জীৱনত জীৱনবোধ জগাই তোলাত সহায় কৰাৰ ফল স্বৰূপে  এই কালী মন্দিৰটোৰ আলমলৈ হাউলীৰ মাজমজিয়াত অৱস্হিত মধ্যবজাৰখন  সম্প্ৰীতিৰ মিলন ভূমি হিচাপে গঢ়ি তুলিবলৈ বৃহত্তৰ হাউলীৰ সমাজখনে আগবাঢ়ি আহে আনুমানিক ১৯৪৪ চনত বৰ্তমানৰ হাউলী মধ্যবজাৰ সাৰ্বজনীন দুৰ্গা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰু জন মানসৰ মাজত তেতিয়াই পৌৰাণিক কালী মন্দিৰটো দুৰ্গা মন্দিৰ হিচাপে জনপ্ৰিয় হৈ উঠে ।

How did Howly Raas Mahotsav Start?

⭕১৯২৮ চনৰ পূৰ্বে হাউলীৰ কত কৰা হৈছিল ৰাস পূজা?

⭕১০০ বছৰতকৈ অধিক পুৰণি হাউলীৰ ৰাস পূজাৰ ইতিহাস কি?

⭕শূন্যতে আসন কৰিব পৰা ঋষিতুল্য হাউলীৰ মহীৰাম ভট্টাচাৰ্য্য কোন? 

হাউলী ক্ৰীড়া সন্থাৰ অৱদান

 

১৯৬৬ চনতে গঠিত হোৱা "হাউলী ক্ৰীড়া সন্থা"ই হাউলী অঞ্চলৰ বহুতো ক্ৰীড়া প্ৰতিভাক খেলৰ ক্ষেত্ৰত আগুৱাই নিয়াত সহায় কৰি আহিছে। ২০১৬ চনৰ ১২ আৰু ১৩ মাৰ্চত "হাউলী ক্ৰীড়া সন্থা"ই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। "হাউলী ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰয়াত ৰমাকান্ত দাস, প্ৰয়াত বিশ্বনাথ দাস, প্ৰয়াত ডা: সুৰেন্দ্ৰ নাথ দাস সোঁৱৰণী ফুটবল শ্বিল্ড প্ৰতিযোগিতা, ইন্দু হাজৰিকা সোঁৱৰণী আন্ত:ৰাজ্যিক ফুটবল প্ৰতিযোগিতা, মুলচান্দ মালু সোঁৱৰণী ফুটবল প্ৰতিযোগিতা, সুনীল কলিতা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা, ৰাতুল দাস আৰু আদ্য দাস সোঁৱৰণী ফুটবল আদি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

 

The Howli Sports Association, formed in 1966, has been helping many sports Talents in the Howli region take the lead in sports. The "Howli Sports Association" has crossed the Golden Jubilee Year on March 12 and 13, 2016.

"The initiative of Howly Sports Association has organized competitions like late Ramakant Das, late Vishwanath Das, late Dr. Surendra Nath Das Memorial Football Shield Competition, Indu Hazarika Memorial Inter-State Football Competition, Mulchand Malu Memorial Football Tournament, Sunil Kalita Memorial Football Tournament, Ratul Das and Adya Das Memorial Football, etc.

হাউলীৰ আটাইতকৈ পুৰণি বীৰনাম দলৰ কিছু কথা

অসীম দাস


ধার্মিক হ'বলৈ পণ্ডিত হ'ব নালাগে, লাগে কেৱল ঈশ্বৰত বিশ্বাস। মানুহে সংসাৰৰ দুখ কষ্টত পৰি উদ্ধাৰ পাবলৈ ভগবানৰ আশ্রয় লয়। কোৱা হয় যেন বিধ ভক্তিৰ (শ্ৰৱণ, কীৰ্ত্তন,স্মৰণ, অর্চন, পাদসেৱন, বন্দন, দাস্য, সখিত্ব আৰু আত্মনিবেদন) ভিতৰত শ্ৰৱণ-কীৰ্ত্তন সবাতোকৈ
শ্রেষ্ঠ। নামৰ মাজেৰে ঈশ্বৰক পাবলৈ কৰা প্ৰয়াস এক সহজ পদ্ধতি। নাম-কীৰ্ত্তনৰ অৰ্থ হৈছে কৃষ্ণৰ
নাম, কীৰ্ত্তি বা গুণ বর্ণনা কৰা কাৰ্য। বীৰনাম বা থিয়নাম হ'ল বিভিন্ন অংগী- ভংগীৰে সমূহীয়া তথা সংবদ্ধ হৈ হস্তপাদ সঞ্চালন কৰি নাম গোৱা পদ্ধতি। এই নামত ভোৰতাল, খুতিতাল, নাগাৰা আদি বাদ্য বজোৱা হয়। অর্দ্ধ বৃত্তাকাৰে থিয় হৈ তাল ছন্দেৰে এই বীৰনাম বা থিয়নাম প্ৰদৰ্শন কৰা হয়। নামদলটোত এজন পাঠক থাকে। তেওঁ নাম লগাই দিয়ে আৰু বাকী বাপসকলে তাল, নাগাৰা আদি বাদ্যযন্ত্র সংগত কৰাৰ লগতে হাত চাপৰিৰে সংগ দি পাঠকক অনুকৰণ কৰে।

 

হাউলী অঞ্চলৰ প্রায় প্রতিখন গাঁওতেই নামদল আছে। হাউলী অঞ্চলৰ ভিতৰত আটাইতকৈ পুৰণি নামদলৰ ভিতৰত এটা হৈছে "হাউলীগাঁও" নামদল। অৱশ্যে এই নামদলৰ আৰম্ভণীৰ চন আৰু তাৰিখ সঠিককৈ কোৱা টান। হাউলী গাঁৱৰ এগৰাকী বয়োজেষ্ঠ ব্যক্তি হ'ল পদ্মৰাম নাথ। তেখেতৰ বৰ্তমান বয়স প্রায় ৯৫ বছৰ। "হাউলী গাঁও" নামদলৰ জন্মলগ্নৰে পৰা জড়িত আছিল তেখেত। তেখেতৰ বয়স সেই সময়ত ১২-১৪ বছৰ মান হ'ব। ঘৰে ঘৰে ধান তুলি, অর্থ সংগ্ৰহ কৰি নামদল জন্ম দিয়াৰ অভিজ্ঞতাৰ কথা তেখেতৰ লগত হোৱা সাক্ষাৎকাৰৰ পৰা জানিব পাৰিছিলো। পদ্মৰাম নাথৰ বৰ্তমান বয়সৰ লগত তেখেতৰ ডেকা কালৰ নামদলৰ অভিজ্ঞতাৰ তুলনা কৰি স্পষ্টকৈ অনুমান কৰিব পাৰি যে "হাউলী গাঁও নামদল"টো প্রায় ৮০ বছৰ পুৰণি নামদল। 


হাউলী অঞ্চলৰ কিছু পুৰণি কথা আৰু হাউলী গাঁও নামদলৰ লগত তেখেতৰ অভিজ্ঞতাৰ বিষয়ে পদ্মৰাম নাথৰ লগত হোৱা সাক্ষাৎকাৰ- 
প্রশ্নঃ পুৰণি হাউলীখন তেতিয়া কেনেকুৱা আছিল? 
উত্তৰ: কেউদিশে জংঘল। চন মাটি। ওখ-ওখ কেঁতুৰি-হালধিৰে ভৰি আছিল হাউলী গাঁৱৰ অঞ্চল। মানুহবো বসতি কম। কেইঘৰমান মানুহে খেতি কৰিছিল পথাৰত। গধূলি হ'লেই শিয়ালবোৰে হোৱা দিবলৈ ধৰে। মৰা মানাহ নদীৰ পাৰে পাৰে থকা জংঘলবোৰৰ পৰা ভাঁহি আহে শিয়ালৰ মাতবোৰ। বাঘো আছিল সেইসময়ত হাউলীত। প্রশ্ন: আপুনি বাঘ দেখিছিল নে?

উত্তৰঃ দেখিছোঁ। গোহালিৰ বেৰ ভাঙি গৰু টানি উলিয়াই নিছিল বাঘে।

 

প্রশ্ন: বাঘ খেদিব পৰা উপায় কি আছিল?

উত্তৰঃ বাঘক কেনেকৈ খেদিবি বোপা,। কিছুমান কথাৰ পৰা বাঘ থকা-নথকাৰ উমান পাইছিলোঁ। পথাৰত গৰু-ম'হ নেদেখিলে বাঘ অহাৰ উমান পাইছিলোঁ। সেই সময়ত বাঘ আদিৰ দৰে হিংস্র জন্তুৰ পৰা নিৰাপদে থাকিবলৈ পথাৰত টঙি সাজিছিল। চাৰিটা বাঁহৰ খুটি পুতি ওখকে এখন চাং তৈয়াৰ কৰি মানুহে ওপৰত থাকিছিল। ওপৰত খেৰেৰে চালি দিয়া হৈছিল। এদিন ৰাতিৰ কথা। শিয়ালবোৰে চিঞৰিবলৈ ধৰাত মানুহজনে চাংখনৰ তলত বাঘ অহাৰ উমান পাইছিল। সাৰ পাই বিবুদ্ধিত পৰি লোকজনে সাহস গোটাই খাপাৰ (ডাঙৰ দা) খন জুইত গৰম হ'বলৈ দিছিল। ঈশ্বৰৰ নাম লৈ মানুহজনে দা খন লৈ ৰাতি পুৱাবলৈ অপেক্ষা কৰি আছিল। কিন্তু বাঘটোক তলেৰে যোৱা দেখি একে ঘাপে দাখন বাঘৰ সোমাই দি বাঘটো মাৰিছিল।

 

প্রশ্ন: হাউলী গাঁও অঞ্চলত আপুনি মনত পৰা মতে মাটিৰ মূল্য কিমান আছিল সেই সময়ত? 

উত্তৰ: সেই সময়ত হাউলী গাঁওত মাটিৰ দাম আছিল বিঘাই ২২৫ টকা। মাটিবোৰ জংঘলেবে ভৰি থকা বাবে বস্তি বা খেতি কৰিবলৈ মুকলি কৰি ল'বলৈ বৰ কষ্টকৰ আছিল। ট্রেক্টৰো নাছিল সেই সময়ত। কোৰ মাৰি এদিনত অলপ ঠাইহে মুকলি কৰি ল'ব পৰা গৈছিল। মাটিৰ মূল্য কম হ'লেও সেই মাটিয়ে মানুহৰ বিশেষ মুনাফা দিব পৰা নাছিল। আমি থকা এই ঘৰ বস্তিটোও সেই সময়তে জংঘল কাটি মুকলি কৰা হৈছিল। সেই সময়ত ম'হবোৰেও খেতি নষ্ট কৰি মানুহৰ অপকাৰ কৰিছিল। বিশেষকৈ বাৰিষা কালত হাউলী অঞ্চলত ম'হবোৰৰ উৎপাত বেছি হৈছিল। বৰপেটাত সেই সময়ত বহুতো ম'হৰ বাথান আছিল। বৰপেটা অঞ্চল দ হোৱা বাবে বাৰিষা ঘাঁহনিবোৰ পানীৰে ডুবি থকা বাবে ম'হবোৰ উত্তৰে ওখ ঠাই বিচাৰি হাউলী অঞ্চললৈ ঘাঁহ খাবলৈ গুচি আহিছিল। ম'হে সেই সময়ত মানুহো মাৰিছিল। পাছত মৌজাদাৰক আপত্তি কৰাত দুটামান ম'হ গুলিয়াইও মৰা হৈছিল হাউলীত।

 

প্রশ্ন: বৈঠকীত কি হৈছিল? আপুনি নাটকত অভিনয় কৰিছিলনে?

উত্তৰঃ বৈঠকী হৈছে সংগীতৰ অনুষ্ঠান। আগতে বিয়াবোৰত বৈঠকী প্রায়ে হৈছিল। বৈঠকী গোৱা কিছুমান দল আছিল। অৱশ্যে বৈঠকী দলে গীত পৰিবেশন কৰাৰ বাবদ গৃহস্থৰ পৰা কোনো মাননি লোৱা নাছিল। বৈঠকীত পালাপালিকৈ গোৱা হৈছিল। বৈঠকীত বিভিন্ন গীত-মাত গোৱা হৈছিল। লোকগীত, বৰগীত, পুৰণি গীত আদি গাইছিল বৈঠকীত।
মই নাটকত অভিনয় কৰিছিলো। অকল হাউলীতে নহয়, নাটক কৰিবলৈ আমি হাউলীৰ বাহিৰলৈও বহুবাৰ গৈছিলোঁ। ৰঙাপানীলৈও এবাৰ যোৱা মনত আছে। হাউলীৰ আশে-পাশে থকা অঞ্চলসমূহতো আমি নাটক কৰিছিলো।

 

প্রশ্ন: আপুনি সৰুকালত বৃটিছসকলক দেখিছিলনে?

 উত্তৰঃ অ। আমি সৰু থাকোঁতে অসমত বৃটিছ শাসন আছিল। বৃটিছ পুলিচবোৰক দেখা মনত পৰে মোৰ। মূৰত দীঘল ৰঙা টুপি পিন্ধিছিল। অৱশ্যে ৰাস্তাৰে পুলিচ অহা শুনিলেই ভয়তে আমি দৌৰি পলাইছিলো।

 

প্রশ্ন: হাউলী গাঁওত বীৰ নামদল কিদৰে আৰম্ভ হৈছিল?

উত্তৰঃ ঘৰে ঘৰে ধান তুলিবলৈ গৈছিলো আমি। নামদল খুলিবলৈ আমাক তাল আৰু নাগাৰাৰ প্রয়োজন আছিল। কিনিবলৈ অৰ্থৰ অভাৱ হোৱা হেতুকে ঘৰে ঘৰে ধান তুলিবলৈ গৈছিলো। বহু কষ্ট কৰিবলগা হৈছিল বোপা নামদল খোলাৰ কাৰণে।

 

প্রশ্ন: আপোনালোকৰ নামদলৰ প্ৰথমজন পাঠক কোন আছিল?

উত্তৰঃ "মহলাৰাম নাথ। তেখেতৰ পাছত পাঠকৰ দায়িত্ব লৈছিল "হলিৰাম নাথে। আমি তেওঁৰ হাক- বচন বৰকে মানি চলিছিলো। ভয়ো কৰিছিলো তেখেতক। নাম আমি তেওঁৰ পৰাই শিকিছিলো। আমি মনোযোগ নিদিলে কেতিয়াবা ধমক্ দিছিল আমাক তেখেতে। "হলিৰাম নাথৰ পাছত মোৰ দাদা প্রহ্লাদ নাথে বহু বছৰৰ বাবে হাউলী গাঁও নামদলটোৰ পাঠকৰ ভাৰ লৈছিল।

 

প্রশ্ন: নাম দলটোৰ লগত জড়িত সেইসময়ৰ ব্যক্তিসকলৰ নাম কওঁকচোন।

উত্তৰঃ মনত নাথাকে মোৰ আজিকালি। কথাবোর পাহৰি যাওঁ বোপা। তথাপি মনত পৰা কেইজনমানৰ নাম কৈছো-মহলাৰাম নাথ, "ৰবি নাথ, (তাল), প্রহ্লাদ নাথ, তনু নাথ, ৰাজিন নাথ, যোগেন নাথ, মথুৰা নাথ, ইন্দ্রমোহন নাথ, মনো নাথ, শুভে নাথ, নৰেন নাথ,"ভবিন্দ্র নাথ, *ৰামপদ নাথ, ধনা নাম, ললিত নাথ, গিৰিশ নাথ, "মাণিক নাথ, মহিনী নাথ, কৰুণা নাথ, বীবেন নাথ, বিজয় নাথ, ডুম্বৰুধৰ নাথ আদি।

 

প্রশ্ন: হাউলী গাঁৱৰ নাম দলটোবে হাউলীৰ বাহিৰত নাম পৰিবেশন কৰিব গৈছিল নে?

উত্তৰঃ হয়, গৈছিলো বহুবাৰ। ভৱানীপুৰ, ভালাগুৰী, বৰপেটা আদিৰ দৰে হাউলীৰ আশে- পাশে থকা ঠাইবোৰলৈ মাতিছিল আমাক। বৰপেটা জিলাৰ বাহিৰলৈও আমি গৈছিলো। গাঁৱৰ ডেকাসকলে এতিয়া আমাৰ মন্টু নাথৰ নেতৃত্বত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাম পৰিৱেশন কৰিছে। গুৱাহাটী, বঙাইগাঁও, গোৱালপাৰাৰ উপৰি ৰহা, নগাঁও আদিৰ দৰে উজনিৰ বিভিন্ন জিলালৈ আমাৰ গাঁৱৰ নাম দলটোৱে নাম পৰিবেশন কৰিবলৈ যায়। ভাবি ভাল লাগে। সৰুতে কষ্টেৰে গঢ় দিয়া নামদলটোৰ কথা শুনিলে মনত সুখ পাওঁ। এই নাম দলটোৰ আৰু উন্নতি হওঁক। ভগৱানে ডেকাসকলক শক্তি দিয়ক, কৃপা কৰক।