অসমত দুর্গা পূজাৰ ইতিহাস অতি প্রাচীন। 'কালিকাপুৰাণ'ৰ বিৱৰণ অনুসৰি অসমত নৱম শতিকা মানৰ পৰাই দুর্গা পূজাৰ প্ৰচলন আছিল বুলি অনুমান কৰা হয়। সোঁতৰ শতিকাত অসমত দৰঙৰ ৰজা বলি নাৰায়ণে দেৱী দুৰ্গাৰ উপাসনা কৰিছিল বুলি জনা যায়। ইয়াৰ উপৰি The Archaelogical Survey of India ৰ দ্বাৰা সম্পাদিত এক প্রত্নতাত্বিক জৰীপ অনুসৰি গুৱাহাটীৰ কাহিলীপাৰা অঞ্চলত উদ্ধাৰ হোৱা এক ব্ৰঞ্জ প্লেটত খোদিত ত্রিনয়না দেৱী দুৰ্গাৰ প্ৰতিকৃতি নৱম বা দশম শতিকাৰ বুলি অনুমান কৰা হৈছে। উক্ত তথ্যৰ ভিত্তিত চাবলৈ গ'লে অসমৰ দুর্গা পূজাৰ ইতিহাস হয়তো এহেজাৰ বছৰমান পুৰণি।

ভাৰতৰ আন কিছুমান ৰাজ্যত মা দুৰ্গাৰ নটা ৰূপত নৱৰাত্ৰিৰ পূজা হয়। দেৱী দুর্গাক পূজা কৰাৰ ক্ষেত্ৰত পশ্চিমবঙ্গ আৰু অসম কিছু পৃথক। পশ্চিম বঙ্গৰ দৰে অসমতো কাত্যায়নী কল্পৰ মতে দুর্গা পূজা পালন কৰা হয়। অৱশ্যে পুৰণি কালত অসমতো ভাৰতৰ আন ৰাজ্যবোৱৰ দৰে দেৱী দুৰ্গাৰ ন দিন পূজা চলাৰ কথা উল্লেখ পোৱা যায়।

অসমৰ বিভিন্ন ঠাইৰ লগতে হাউলীটো অতি উলহ-মালহেৰে দুর্গা পূজা অনুষ্ঠিত কৰা হয়। নৱ হাউলীত দেৱী দুৰ্গাৰ আৰাধনাৰ ইতিহাস ১০০ বছৰতকৈ অধিক পুৰণি। হাউলীৰ আটাইতকৈ পুৰণি দুর্গা পূজা বুলি পৰিচিত মধ্য বজাৰ সাৰ্বজনীন দুর্গা পূজাটো কাত্যায়নী কল্প অনুসৰি পূজা বিধিৰ পৰম্পৰা চলি আহিছে। হাউলী অঞ্চলত পিছত আৰম্ভ হোৱা আন আন দুর্গা পূজাবোৰো মুখ্যতঃ চাৰিদিনৰ বাবে অনুস্থিত কৰা হয়। সাধাৰণতে আহিন মাহৰ শুক্ল পক্ষৰ ষষ্ঠ দিনা অৰ্থাৎ যষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পর্যন্ত দেৱী দুৰ্গাৰ আৰাধনা চলে। ষষ্ঠীৰ দিনা দেৱীৰ প্ৰতিমা সু-সজ্জিত বেদীত স্থাপন কৰি প্ৰাণ প্রতিষ্ঠা কৰা হয়, যাক বেলবৰণ বুলিও কোৱা হয়। সেইদিনা দেৱীৰ প্ৰতিমাত কোনো পূজা নহয়। এটা পানীৰে পূৰ্ণ মাটিৰ ঘটত আৱাহন কৰা হয়। ঘটৰ মুখত পঞ্চপল্লৱ অর্থাৎ গছৰ পাত (আম, আহত, পলাশ, বৰ আৰু যজ্ঞ ডিমৰুৰ) থাকে। সপ্তমী তিথিৰ দিনা দুর্গা প্রতিমাৰ সোঁফালে স্থাপন কৰা গণেশৰ মূৰ্ত্তিৰ ঠিক সন্মুখত এডাল কলগছৰ পুলি থিয় কৰাই স্থাপন কৰা হয়। তাত বেলৰ ডাল, দুটা বেল, মানকচু, শ্যাম কচু, হালধি, ডালিম, অশোক, জয়ন্তী আৰু ধান- এইন বিধ সামগ্ৰী কলগছৰ পুলিটোত হালধীয়া সূতাৰে বান্ধি বগা অপৰাজিতা ফুলগছৰ লতাৰে আগুৰি এখন ৰঙা শাৰীৰে ঢাকি কইনাৰ দৰে সজাই দিয়া হয়। ন বিধ শস্যৰে বা শস্যৰ পাতেৰে প্ৰস্তুত কৰা নৱ বধু, শস্যৰ দেৱী এয়েই নৱ পত্রিকা। সন্ধি পূজা দুর্গা পূজাৰ অতি গুৰুত্বপূর্ণ নিয়ম। অষ্টমী তিথিৰ শেষৰ ২৪ মিনিট আৰু নৱমী তিথিৰ আৰম্ভণিৰ ২৪ মিনিটৰ ভিতৰৰ সময়ছোৱাত সন্ধি পূজা সম্পন্ন হয়। কোৱা হয় যে এই সন্ধিক্ষণতে চণ্ড আৰু মুণ্ড নামৰ দুই অসুৰক বধ কৰিবৰ বাবে মা দুৰ্গাৰ তৃতীয় চক্ষু মেল খাই তাৰ পৰা মা চামুণ্ডা দেৱীৰ অৱতাৰ হৈছিল। এই সন্ধি পূজাৰ সময়ত দেৱী দুর্গাক চামুণ্ডাদেৱী ৰূপে পূজা কৰা হয়। মা দুর্গাদেৱীয়ে মহিষাসুৰক বধ কৰিছিল বাবে মা দুর্গাৰ অন্য এক ৰূপ হ'ল মহিষমর্দিনী। এই সন্ধিক্ষণত ভক্তই শুদ্ধ মনেৰে দেৱী মাৰ পৰা আশীষ লাভ কৰাৰ লগতে মনোকামনা পূৰ্ণ কৰিব পাৰে। সন্ধিক্ষণত চামুণ্ডাদেৱীক ১০৮ টা চাকি জ্বলাই, ১০৮ পাহ ৰঙা পদুম ফুল, ১০৮ টা বেলপাত, ৰঙা জবা ফুল আৰু ফলেৰে পূজা কৰাৰ নিয়ম আছে।

দুর্গা পূজাৰ আগমনে মানুহৰ ব্যস্ততা বঢ়াই তোলে। সকলোৰে মন-প্রাণ জীপাল হৈ উঠে। বজাৰৰ দোকানবোৰ নতুন নতুন কাপোৰ কানিৰে উজ্জ্বলি উঠে। কেওপিনে ভিৰ বাঢ়ে। পূজা চাবলৈ সকলোৱে নতুন পোছাক কিনে। অসমৰ আন আন ঠাইৰ দৰে হাউলীতো অতি উলহ-মালহেৰে দুর্গা পূজা অনুষ্ঠিত কৰা হয়। ১৯২৭ চনত হাউলীত প্রথমখন দুর্গা পূজা মধ্যবজাৰত অনুষ্ঠিত হৈছিল। সময়ৰ সোঁতত হাউলী অঞ্চলত জনসংখ্যা বৃদ্ধিৰ লগতে অইন কিছু কাৰণত চুবুৰীয়ে চুবুৰীয়ে দুর্গা পূজা অনুষ্ঠিত হ'বলৈ ধৰে। হাউলী অঞ্চলত ৰাজহুৱাকৈ অনুষ্ঠিত হোৱা দুর্গা পূজা সমূহৰ ওচৰত চমু আলোকপাত কৰা হ'ল-

মধ্যবজাৰ সাৰ্বজনীন দুর্গা পূজা

হাউলী চহৰৰ মাজ মজিয়াত অৱস্থিত এটা পৌৰাণিক মন্দিৰ হ'ল হাউলী মধ্য বজাৰৰ সাৰ্বজনীন কালী মন্দিৰ'। এই পৌৰাণিক মন্দিৰ সম্পৰ্কে ১১০ বছৰতকৈ অধিক পুৰণি ইতিহাস লুকাই আছে। ১৯০৮ চনত হাউলীৰ ৰাখাল চন্দ্ৰ সাহাৰ ককাক ঈশ্বৰ চন্দ্ৰ সাহা আৰু সন্তোষ কুমাৰ সাহাৰ ককাক বিলাস চন্দ্র সাহাই হাউলী মধ্য বজাৰ অঞ্চলত যিকোনো পূজা কৰিব পৰাকৈ এটা ভেটি স্থাপন কৰিছিল। ১৯১২ চনৰ পৰা অঞ্চলটোৰ কেইবাগৰাকী নমস্য ব্যক্তি ক্রমে- কুটিশ্বৰ সাহা, বন বিহাৰী সাহা, নিকুঞ্জ বিহাৰী সাহা, বেণী মাধৱ সাহা, সদানন্দ সাহা, ধৰণীধৰ সাহা, কৃষ্টলাল সাহা, গণেশ শীল, যজ্ঞেশ্বৰ সাহা, গংগাধৰ সাহা, সুৰেশ সাহা, শশীমোহন সাহা, কেশৱ সেন, শৰৎ চন্দ্ৰ সাহা, ৰাজেন্দ্ৰ চন্দ্ৰ সাহা, অজিত সাহা আৰু কিছু সহযোগী ব্যক্তিৰ পৃষ্ঠপোষকতাত কালী মন্দিৰ স্থাপন কৰি নিয়মীয়াকৈ কালী পূজা কৰিবলৈ লয়। ঐতিহ্যৰে পৰিপূৰ্ণ এই কালী মন্দিৰটোলৈ সেই সময়ত অগণন ভক্তৰ আগমন ঘটিছিল। পিছলৈ সেই কালী মন্দিৰৰ ভেটিতেই ১৯২৭ চনত শক্তিৰ অধিষ্ঠাত্রী দেবী দুর্গতিনাশিনী দেৱী দুৰ্গাৰ আৰাধনা আৰম্ভ হয়। হাউলী মৈৰামাৰা গাঁৱৰ সংস্কৃত পণ্ডিত উপাধিৰে বিভূষিত পুৰোহিত আদ্যনাথ ভট্টাচাৰ্যৰ মহামন্ত্ৰেৰে নৱ হাউলীৰ মধ্য বজাৰত ১৯২৭ চনত দেৱী দুৰ্গাৰ আৰাধনা ৰাজহুৱাকৈ আৰম্ভ হৈছিল।

তাহানিৰ শাৰদীয় উৎসৱৰ দিনবোৰত মানুহৰ মনত সঞ্চাৰ হোৱা সেই উমাল পৰিবেশ এতিয়া গোলকীয় উষ্ণতাত আৰু জলবায়ু সংকটৰ বাবে সলনি হৈছে। পুৰণি কালত দুর্গা পূজা বুলিলেই মনলৈ আহিছিল শেৱালি ফুলৰ স্নিগ্ধ সুবাস, নিয়ৰ সৰা দুৱৰি বন, নীলা আকাশত শুভ্র আলসুৱা মেঘ, বতাহত হালি জালি থকা কঁহুৱা বনবোৰ। জলবায়ুৰ পৰিবৰ্তনৰ ফলত ঋাতুচক্ৰৰ সলনি হৈছে, যাৰ ফলত মনোমোহা শৰতৰ সেই প্রকৃতি সলনি হৈ পৰিছে। পূৰ্বতে দুর্গা পূজাৰ দিনবোৰত বতৰ সাধাৰণতে ফৰকাল আছিল। কিন্তু এতিয়া বিভিন্ন কাৰণত পূজাৰ সময়তো কেতিয়াবা প্ৰৱল বৰষুণ, বানপানী আৰু কেতিয়াবা ধুমুহাৰ প্রকোপ দেখিবলৈ পোৱা যায়। শৰৎ কালৰ যি কোমল শীতল বতাহ দুর্গা পূজাৰ আগমনিৰ এক অন্যতম আবেগ আছিল, বর্তমানে অসহ্য গৰমে তাৰ ঠাই লৈছে। জেষ্ঠসকলৰ ভাষ্য অনুসৰি ৫০-৬০ ৰ দশকত মানুহে সন্ধিয়া গাত চাদৰ উৰি পূজালৈ আহিছিল। শীতৰ আগমনৰ কোমল আবেগ তেতিয়াৰ দুর্গা পূজাৰ দিনবোৰত লোকসকলে অনুভৱ কৰিছিল। হাউলী অঞ্চলৰ গাঁওবোৰত শৰতৰ সন্ধিয়া পথেৰে গ'লে শেৱালী ফুলৰ সুবাসে শৰতৰ মৌসনা আবেগেৰে মন ভৰাই তুলিছিল।

দুর্গা পূজা কেৱল মাথো এটা ধর্মীয় উৎসৱেই নহয়, ই হ'ল আমাৰ সমাজৰ আধ্যাত্মিক চেতনা আৰু আনন্দ উল্লাসৰ এক অপূর্ব মহামিলন। দুর্গা পূজাৰ মূল ভেটিটোৱেই হৈছে আধ্যাত্মিকতা। এই পূজাই আমাক অন্তর্নিহিত শক্তিৰে ধৰ্মৰ পথত চলিবলৈ অনুপ্রাণিত কৰে। দেৱী দুর্গা শক্তি, সাহস আৰু কৰুণাৰ প্ৰতীক। ধূপ-ধূনাৰ সুৱাস, চণ্ডীপাঠৰ মন্ত্ৰধ্বনি, শংখ, ঢাকিৰ শব্দই ভক্তৰ মনলৈ এক গভীৰ মানসিক শান্তি, পবিত্রতা কঢ়িয়াই আনে। হাউলী মধ্যবজাৰৰ দুর্গাপূজাখনি আদিৰে পৰা আধ্যাত্মিক চেতনাৰ কেন্দ্ৰস্থলস্বৰূপ। পুৰণি কালৰে পৰাই দেৱী দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ অহা ভক্তসকলে চৌহদৰ প্ৰৱেশ পথতে জোতা-চেণ্ডেল খুলি খালী ভৰিৰে প্ৰৱেশ কৰিছিল।

হাউলী অঞ্চলত পোন প্রথমে আৰম্ভণি হোৱা এই মধ্য বজাৰ দুর্গা পূজাখনি একতা আৰু মহামিলনৰ এক বৃহৎ উৎসৱলৈ পৰিগণিত হৈ পৰিছিল। সেই সময়ত হাউলীৰ প্ৰতিখন গাঁৱৰ লগতে ভৱানীপুৰ, সৰভোগ, আঠিয়াবাৰী (বৰ্তমান বৰপেটাৰোড) আদি অঞ্চলৰ পৰা লোকসকলে মধ্যবজাৰৰ দুর্গা পূজা চাবলৈ আহিছিল। পুৰণি কালত (ষাঠিৰ পৰা আশীৰ দশকলৈ) দুৰ অঞ্চলৰ লোকসকলে যাতায়াতৰ অসুবিধাৰ বাবে দিনৰ ভাগতে পূজালৈ আহিছিল। সেই সময়ত দুর্গা পূজালৈ বুলি পুৱাৰে পৰা গোটেই দিনটো দর্শনার্থীয়ে সেৱা ল'বলৈ আহিছিল। ৰাস্তাৰ কাষে কাষে থকা ৰঙা, নীলা, হালধীয়া আদি ভিন্ন ৰঙৰ বেলুনৰ দোকান আৰু পুতলাৰ দোকানবোৰে পৰিৱেশ অত্যন্ত আনন্দদায়ক, ৰঙীন তথা সজীৱ কৰি তুলিছিল। দুর্গা পূজা আৰু মচমচীয়া গৰম জিলাপীৰ সম্পৰ্ক অতি পুৰণি। দুর্গা পূজালৈ আহিলে বাটৰ কাষত থকা মিঠাই আৰু জিলাপীৰ দোকানসমূহ দর্শনার্থীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ আছিল। বিশেষকৈ অষ্টমী আৰু নৱমীৰ দিনা জিলাপী কিনিবলৈ ভিৰ হোৱা পৰিলক্ষিত হৈছিল।

দুর্গা পূজা কেৱল আলোকসজ্জা অথবা বাহ্যিক জাকজমকতাৰে নহয়, বৰঞ্চ পাৰস্পৰিক মৰম, শ্রদ্ধা তথা মিলাপ্ৰীতিৰ জৰিয়তেহে সম্ভৱ, তাৰ বাস্তৱিক উদাহৰণ হাউলীৰ সাৰ্বজনীন মধ্য বজাৰ দুর্গা পূজা। হাউলীৰ এই পুৰণি দুর্গা পূজাখন অতিথি পৰায়ণতা, মিলাপ্রীতি তথা শ্রদ্ধা প্ৰদৰ্শনৰ এক আদর্শ উৎসৱৰূপে পৰিগণিত হৈছিল। ভাৰতীয় প্রাচীন সভ্যতাৰ 'অতিথি দেৱো ভৱ' আদৰ্শক সৰোগত কৰি ঘৰলৈ অহা প্ৰতিগৰাকী অতিথিক হাঁহিমুখে আদৰণি জনোৱাৰ পৰম্পৰা অঞ্চলটোত গঢ়ি উঠিছিল। দুর্গা পূজাৰ সময়ত অঞ্চলটোৰ ঘৰে ঘৰে লাডু-পিঠা বনোৱা হয়। ইঘৰে সিঘৰক নিমন্ত্রণ জনাই খোৱা খাদ্যেৰে আপ্যায়ন কৰাটো এক বিশেষ পৰম্পৰা। উৎসৱৰ সময়ত ধনী দুখীয়াৰ ভেদভাৱ নোহোৱাকৈ সকলোৰে ঘৰৰ দুৱাৰ মুকলি থাকিছিল। হাউলীৰ এই পুৰণি দুর্গাপূজাখনে সমাজৰ সকলো শ্ৰেণীৰ মানুহকে একগোট কৰি পাৰস্পৰিক সম্পৰ্কবোৰ অধিক দৃঢ় কৰি মিলাপ্ৰীতি আৰু একতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল। বিজয়া দশমীত দেৱী বিসৰ্জনৰ পাছত নাৰায়ণ পূজা অনুষ্ঠিত কৰাৰ পৰম্পৰা মধ্য বজাৰ দুর্গা পূজাখনিত অতীতৰে পৰা আছিল। দেৱী বিসৰ্জনৰ পিছত সমাজৰ সকলো লোকে (বিশেষকৈ ডেকা যুৱকসকলে) পূজাস্থলীলৈ আহি একত্রিত হোৱাটো এক সুমধুৰ পৰম্পৰা আছিল। পূজাৰ দিনকেইটাৰ আনন্দেৰে ভৰা ক্ষণবোৰৰ অন্ত পৰাৰ বিষাদে আছন্ন কৰা মনবোৰে আবেগতে উচুপি উঠে। পুৰণি খং-ৰাগ বা মনোমালিন্যৰ অন্ত পেলাই ইজনে সিজনক আলিংগন কৰে। বিজয়া দশমীৰ দিনা কনিষ্ঠসকলে জেষ্ঠজনৰ লগতে পুৰোহিতৰ চৰণ চুই আর্শীবাদ লোৱা পৰম্পৰাই শ্রদ্ধাভক্তিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।

হাউলীৰ মধ্যবজাৰ দুর্গা পূজাত আয়োজন কৰা আৰতি প্ৰতিযোগিতাই অঞ্চলটোৰ সামাজিক বান্ধোন দৃঢ় কৰাৰ লগতে লোকসকলক আধ্যাত্মিকভাৱে শক্তিশালী কৰিবলৈও উৎসাহ যোগাইছিল। এই আৰতি প্রতিযোগিতাত হাউলী অঞ্চলৰ বহুতো লোকে অংশগ্রহণ কৰিছিল যিবোৰ আধ্যাত্মিক পৰম্পৰাক আজিও জেষ্ঠসকলে শ্ৰদ্ধাৰে সোঁৱাৰে।

শৰৎ কালৰ আগমনৰ লগে লগে মৃন্ময় শিল্পীৰ হাতৰ পৰশত মাটিৰ প্ৰতিমাই জীৱন্ত ৰূপ ধাৰণ কৰে। কেইবাদিন যোৰা পৰিশ্ৰম, অনিদ্ৰা আৰু নিবিড় একাগ্ৰতাৰে শিল্পীয়ে বাঁহ, খেৰ, মাটি আদিৰে প্ৰথমে দেৱীৰ কাঠামো তৈয়াৰ কৰিছিল। পুৰণি কালত গোৱালপাৰাৰ হৰিহৰ পাল নামৰ খনিকৰ গৰাকীয়ে প্ৰতি বছৰে দেৱী দুর্গা প্রতিমা নিৰ্মাণৰ বাবে হাউলী মধ্যবজাৰলৈ আহিছিল। সেই সময়ত খনিকৰসকলৰ লগত ঢাকি বজোৱা লোকসকলো মধ্যবজাৰ নিবাসী প্রয়াত শৰৎ চন্দ্ৰ সাহাৰ ঘৰত কেইবাদিনো থাকিছিল। প্রতিমা বনোৱা হোৱাৰ অন্তিম ক্ষণত যেতিয়া শিল্পীয়ে দেৱীৰ চকুযুৰি আঁকে, সেইয়া আটাইতকৈ আবেগিক ক্ষণ। পুৰণি কালত প্রতিমা বনোৱা চাবলৈও অঞ্চলটোৰ লোকসকলে আহি ভিৰ কৰিছিল। জনবিশ্বাস অনুসৰি প্রতিমা বনোৱা চাবলৈ অহা কোনো লোকে প্রতিমালৈ আঙুলি টোৱাই দেখাব নাপায়। প্রতিমালৈ আঙুলি টোৱালে তেনেলোকৰ অমংগল হোৱা বুলি বিশ্বাস কৰা হৈছিল। পুৰণি কালত প্রতিমা নিৰ্মাণৰ সেই দিনবোৰ এক গভীৰ আধ্যাত্মিক, আবেগ, ভক্তি আৰু শ্ৰদ্ধাৰ পৰপ্ৰকাশ আছিল।

হাউলীৰ মধ্য বজাৰত দুর্গা পূজা আৰম্ভণিৰ এবছৰ পাছত অর্থাৎ ১৯২৮ চনৰ পৰা হাউলী ৰাস উৎসৱৰ আৰম্ভণি হৈছিল। পুৰণি কালত দুর্গা পূজা শেষ হোৱাৰ পাছতে শিল্পী সকলে ৰাস উৎসৱৰ বাবে ৰাধা কৃষ্ণ প্রতিমা বনোৱা আৰম্ভ কৰিছিল। ৰাধা কৃষ্ণৰ লগতে ৰাস উৎসৱৰ বাবে দশ অৱতাৰৰ প্ৰতিমা সমূহো হাউলীৰ মধ্যবজাৰতে প্ৰথম অৱস্থাত বনোৱা হৈছিল।

হাউলী মধ্যবজাৰ দুর্গা পূজাৰ আন এক ভাল লগা স্মৃতি আছিল হাউলী অঞ্চলৰ বিভিন্ন স্থানত অষ্টমীৰ মহাপ্ৰসাদ বিতৰণ। অষ্টমীৰ দিনা চাউল, মণ্ড দাইল আৰু ঘিউৰে তৈয়াৰী খিচাৰীৰ সৈতে বিভিন্ন পাচলিৰে বনোৱা 'সব্জী' ভোগ প্রসাদ হিচাপে বিতৰণ কৰা হৈছিল। সমগ্র হাউলী অঞ্চলটোক সামৰি উদ্যাপিত হোৱা এইদুর্গা পূজাখনৰ অষ্টমীৰ ভোগ প্রসাদ বিভিন্ন অঞ্চল যেনে-আনন্দ বজাৰ, বৰুৱা বজাৰ, সুভাষপল্লী, বসাকপাৰা, লাচিতৰোড (তেতিয়াৰ আমবাৰী), ঠাকুৰবাৰীৰোড আদি ঠাইলৈ ঠেলাগাড়ীৰে বিতৰণ কৰিবলৈ যোৱা হৈছিল। অষ্টমীৰ পবিত্ৰ দিনটোত দেবী দুর্গাক ভোগ আৰু অঞ্জলি অর্পণ কৰাৰ পিছত ভক্তসকলৰ মাজত প্ৰসাদ বিতৰণ কৰাৰ সেই সুমধুৰ স্মৃতি আজিও জেষ্ঠসকলে সোঁৱৰণ কৰে।

দুর্গা পূজাখন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ আর্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখি স্থাপিত কালৰে পৰা কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছিল। পূজাভাগি সূচাৰুৰূপে পৰিচালিত কৰিবৰ বাবে দুর্গা পূজা পৰিচালনা সমিতি গঠন কৰা হৈছিল। মধ্য বজাৰ নিবাসী প্রয়াত শৰৎ চন্দ্ৰ সাহাদেৱৰ ঘৰৰ বাৰাণ্ডাত পূজাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল। এই সাধাৰণ সভাত হাউলীৰ বিভিন্ন অঞ্চলৰ নেতৃস্থানীয় লোকসকলে অংশগ্রহণ কৰিছিল। হাউলীৰ বিভিন্ন অঞ্চল যেনে- আনন্দ বজাৰ, বৰুৱা বজাৰ, সুভাষপল্লী, বসাক পাৰা, আমবাৰী (বর্তমান একাংশ লাচিত ৰোড) আদি চুবুৰীত বৰঙণি সংগ্ৰহৰ বাবে তালিকা প্ৰস্তুত কৰা হৈছিল। প্ৰতিটো চুবুৰীৰ দায়িত্বত থকা মুৰব্বীজনে নিজ নিজ চুবুৰীৰ পৰা অৰ্থ সংগ্ৰহ কৰি সমিতিক জমা দিয়াৰ ব্যৱস্থা আছিল।

হাউলী সাৰ্বজনীন মধ্য বজাৰ দুর্গা পূজাৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ পৰম্পৰা বহু পুৰণি। এসময়ত সাংস্কৃতিক অনুষ্ঠানত চামছুল সৰকাৰৰ পিতৃ মাচুম সৰকাৰৰ দ্বাৰা কবিগান অনুষ্ঠিত হৈছিল। কবিগানৰ উপৰি সেই সময়ত সাংস্কৃতিক মঞ্চত যাত্রাগান, কৃষ্ণলীলা আদি অনুষ্ঠানবো আয়োজন কৰা হৈছিল। সেই কালত পাৰিশ্ৰমিক বিহীনভাৱে স্থানীয় শিল্পীসকলে যাত্রাপালা প্ৰদৰ্শন কৰিছিল। অনুষ্ঠান ওৰে নিশা চলিছিল। প্রায় ১৯৩৫ চন মানৰ পৰা হোৱা যাত্ৰাগানৰ ভিতৰত অজা, পৰমুক্তি, মৃত্যুৰ পাছৰ, সীতা হৰণ, একটি পইচা আদি অন্যতম আছিল। ১৯৬২ চনত স্থাপন হোৱা হাউলী ৰবীন্দ্ৰ সংঘৰ অন্যতম সদস্য প্রয়াত নিৰঞ্জন মিত্ৰৰ পৰিচালনাৰে ১৯৭৩ চনত 'উল্কাপাত' নামৰ এখনি অসমীয়া নাটক মঞ্চস্থ হৈছিল। পুৰণি কালত বিজুলী যোগান নাছিল বাবে নিশাৰ অনুষ্ঠানত পেট্ৰ'মা' লাইট ব্যৱহাৰ হৈছিল। মঞ্চৰ আলোকসজ্জাত সক্রিয় ভাৱে লাগি থকা মৈৰামাৰা গাঁৱৰ প্ৰয়াত দেৱেন শৰ্মাদেৱক আজিও জেষ্ঠসকলে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

বর্তমানে অঞ্চলটোৰ কেইবাগৰাকী উদ্যমী ব্যক্তিৰ প্ৰচেষ্টা, চৰকাৰী অনুদান, শুভাকাংশী তথা ৰাইজৰ দান বৰঙণিৰে মধ্যবজাৰত নতুন দুর্গা মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে। নির্মীয়মান এই মন্দিৰটোত দুর্গাপূজাৰ শতবর্ষ পূৰ্তিৰ প্ৰাকক্ষণত বৈদিক ৰীতি-নীতিৰে পুৰণি মন্দিৰৰ ভেটিৰ ভূমিৰে দেৱী দুর্গা মাৰ আসন নির্মাণ কৰা হৈছে। হাউলীৰ পুৰোহিত শ্রীমধু চক্ৰৱৰ্ত্তীৰ পৌৰহিত্যত এই নৱ নির্মিত মন্দিৰত শাস্ত্রীয় বিধিবিধান অনুযায়ী দেৱ গৃহ প্ৰৱেশ সম্পন্ন হৈছে।

দেৱী চণ্ডীমা পাৰ্বতীৰ ৰূপ। তেওঁক দেৱী দুৰ্গাৰ ৰূপ আৰু শক্তি বুলি জনা যায়। মার্কেণ্ডয় পুৰাণৰ মতে, এই দেৱী চণ্ডীয়ে শুম্ভ, নিশুম্ভ, চণ্ড আৰু মুণ্ডকে ধৰি বহুতো দানৱক বধ কৰিছিল। ৰক্তবীজ দৈত্যক বধ কৰাৰ ক্ষেত্ৰতো দেৱী চণ্ডীয়ে মা কালীক সহায় কৰিছিল। দুর্গা পূজা উপলক্ষে অথবা গৃহস্থৰ কল্যানৰ বাবে চণ্ডীপাঠ কৰাৰ নিয়ম আছে। চণ্ডীপাঠৰ মন্ত্ৰৰৰ উচ্চাৰণে শুভফল প্রদান কৰে। প্ৰভু শ্রী ৰামে যুদ্ধৰ প্ৰাকক্ষণত বিজয়ৰ বাবে শক্তি আহৰণ কৰিবৰ বাবে সাগৰৰ পাৰত শাৰদীয় নৱৰাত্ৰিৰ প্ৰতিপদত নিজে চণ্ডীপাঠ কৰিছিল।

ভক্তৰ দুখ-দুর্দশা নাশ কৰিবলৈ সৃষ্টি হোৱা দেৱীক মহালয়াৰ পৱিত্ৰ দিনটোত চকু দান কৰা হৈছিল বুলি জনা যায়। এই দিনটোতে ধৰালৈ শুভশক্তিৰ আগমন হয়। পুৰণি কালত মহালয়াৰ দিনা ৰেডিঅ'ত পুৱাতে চণ্ডীপাঠ সম্প্ৰচাৰিত হৈছিল। সেই সময়ত হাউলীত শশীকান্ত ৰায় নামৰ ব্যক্তি এজনে মাইক চেটৰ নতুন ব্যৱসায় আৰম্ভ কৰিছিল। তেখেতে পুৱাতে ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা চণ্ডীপাঠ নিজৰ দোকানৰ মাইকত বজাই দিছিল। মাইকত চণ্ডীপাঠৰ মন্ত্ৰ শুনাৰ পাছতে প্ৰতিঘৰ পৰিয়ালতে থকা ৰেডিঅ'বোৰ বজাই দিয়া হৈছিল। কম জনবসতিৰ নিৰৱ নিস্তব্ধ তেতিয়াৰ হাউলীৰ বজাৰ অঞ্চলৰ ৰেডিঅ'বোৰত বাজি উঠা চণ্ডীপাঠৰ মন্ত্ৰই ৰাতিপুৱাৰ পৰিৱেশটো আধ্যাত্মিকতাৰে জীপাল কৰি তুলিছিল।

সময় সলনি হ'ল। হাউলীও সলনি হ'ল। পূজাৰ ৰূপো সলনি হ'ল। ধৰ্মীয় পৰম্পৰাৰে সমাহিত হাউলীৰ এই মধ্য বজাৰ দুর্গা পূজাখনে এটা বর্ণিল শতিকা পূৰ্ণ কৰিলে। হাউলীৰ এই দুর্গা মন্দিৰে আজিও ভক্তৰ বুকত কঢ়িয়াই লৈ ফুৰিছে অতীতৰ সেই অমূল্য স্মৃতিবোৰ। এয়া কেৱল এটা মন্দিৰেই নহয়, ই হাউলীৰ কেইবাটাও প্ৰজন্মৰ বিশ্বাস, মিলাপ্ৰীতি আৰু অঞ্চলটোৰ পৰিবৰ্তনৰ জীৱন্ত সাক্ষী।

লাচিতৰোড সাৰ্বজনীন দুর্গা পূজা

১৯৫৬ চনত হাউলীৰ লাচিত ৰোডত দুর্গা পূজাৰ আৰম্ভণি হয়। দুর্গা পূজাখনি আৰম্ভ হোৱা সময়ত এই অঞ্চলটোৰ নাম লাচিত ৰোড নাছিল। ১৯৭৪ চনত নগৰ সমিতি গঠনৰ কেই বছৰমান পাছত এই পথটোৰ নাম 'লাচিত ৰোড' ৰখা হয়। 'লাচিত ৰোড' নামটো তেতিয়াৰ হাউলী নগৰ সমিতিয়ে দিয়া এটা নাম।

ইতিমধ্যে উল্লেখ কৰা হৈছে যে হাউলীৰ প্ৰথমখন ৰাজহুৱাকৈ অনুষ্ঠিত হোৱা দুর্গা পূজা মধ্য বজাৰত ১৯২৭ চনত আৰম্ভ হৈছিল। হাউলী অঞ্চলৰ ৰাইজে সেই সময়ত এই মধ্যবজাৰ সাৰ্বজনীন দুর্গা পূজাত অংশ গ্রহণ কৰিছিল। পাছলৈ লাহে লাহে হাউলীৰ চুবুৰীবোৰত জনসংখ্যা বাঢ়ি অহাত লোকসকলে অঞ্চল বিশেষে দুর্গা পূজা পাতিবলৈ আৰম্ভ কৰিছিল। হাউলীৰ পুৰণি ঠাই আমবাৰী অৰ্থাৎ এতিয়াৰ লাচিত ৰোডত ১৯৫৬ চনত হাউলীৰ দ্বিতীয়খন ৰাজহুৱা দুর্গা পূজা আৰম্ভ হয়। সেই সময়ৰ লাচিতৰোড, কৰ্মকাৰ পাৰা, গোহাইৰোড আদি অঞ্চলৰ লোকসকলে মিলি নিজাববীয়াকৈ দুর্গা পূজা পতাৰ সিদ্ধান্ত লৈছিল। লাচিত ৰোড সার্বজনীন দুর্গা পূজাখনি আৰম্ভণি কৰাত বিশেষ অৰিহণা আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত অন্যতম হ'ল- সূর্যকান্ত কৰ্মকাৰ, অশ্বিনী কৰ্মকাৰ, শচীন্দ্ৰ কৰ্মকাৰ, কার্ত্তিক মুন্সি, ফটিক চক্ৰৱৰ্ত্তী, বেণী মাধৱ ঘোষ, তাৰাপদ কৰ্মকাৰ, মোহনবাসী ঘোষ, ফণী শীল, নাৰায়ণ চক্ৰবৰ্ত্তী, ৰাধেশ্যাম কৰ্মকাৰ আদি লোকসকল।

প্রাপ্ত তথ্য অনুসৰি লাচিতৰোড দুর্গা পূজাখন প্ৰথম অৱস্থাত নিহাৰ চিনেমা হ'লৰ কাষত থকা মাৰোৱাৰী ব্যৱসায় গোলাপ চান্দ শ্ৰীশ্ৰী মালৰ পুত্ৰ চম্পা লাল শ্ৰীশ্ৰী মালৰ মাটিত অনুষ্ঠিত হৈছিল। পিছলৈ এবছৰৰ বাবে স্থান সলনি কৰি আনন্দ বজাৰ নিবাসী ৰাধাকান্ত সেনৰ ঘৰৰ সন্মুখতো এই পূজাভাগি অনুষ্ঠিত হৈছিল। অৱশেষত বর্তমান লাচিত ৰোডত অৱস্থিত গোবিন্দ মন্দিৰ প্ৰাঙ্গণৰ স্থানলৈ এই দুর্গা পূজাখনি স্থানান্তৰিত

কৰা হয়।

প্ৰথম অৱস্থাত সৰু চালি এখনৰ তলত বেদী সাজি দুর্গা দেৱীৰ প্ৰতিমা স্থাপন কৰি পূজার্চনা কৰা হৈছিল। বিসৰ্জনৰ বাবে সেই সময়ত লোকসকলে দেৱীৰ প্রতিমাটো বাঁহেৰে কান্ধত ভাৰ বান্ধি নিয়াৰ পৰম্পৰা আছিল। কিছু দূৰ মুৰে মুৰে পথৰ কাষত প্রতিমাটো ক্ষন্তেক ৰখোৱাত মহিলাসকলে আৰতি কৰিছিল। ঢাক-ঢোল বজাই আনন্দ উল্লাসেৰে প্ৰতিমাটোক ভাৰ বান্ধি নি মৰা মানাহ নদীত বিসর্জন দিয়া হৈছিল। সেই সময়ত হাউলীৰ জলজলীস্থিত বি. টি. চি. ৰোডৰ কাষত ঘাটত দেৱী বিসর্জন দিয়াৰ পৰম্পৰা আছিল।

আজি এই লাচিত ৰোড দুর্গা পূজাখনি ন ৰূপত উজ্বলি উঠিছে। জ্যেষ্ঠসকলৰ অভিভাৱকত্বত লাচিত ৰোডৰ জনসেৱক যুৱ সমাজৰ যুৱকসকলে এই পূজাভাগি সূচাৰুৰূপে চলাই নিয়াৰ সমস্ত দায়িত্ব পালন কৰিছে।

আনন্দ বজাৰ সাৰ্বজনীন দুর্গা পূজা

১৯৭৬ চনৰ ছেপ্তেম্বৰ মাহ। দুর্গা পূজালৈ মাজত আছিল মাথোন ১১ দিন বাকী। আনন্দ বজাৰৰ কেইগৰাকীমান উদ্যমী ব্যক্তি ক্রমে- ৰাধাকান্ত সেন, বিৰেণ সাহা, গৌৰ চন্দ্ৰ সাহা, দুলাল সাহা, নিত্যানন্দ সাহা, নিতাই সাহা, চানা সাহা, নৃপেন্দ্ৰ কুমাৰ সাহা, মন্টু শীল আদি লোকে আলোচনা কৰি হাউলীৰ আনন্দ বজাৰত নিজাববীয়াকৈ ৰাজহুৱা দুর্গা পূজা পতাৰ সিদ্ধান্ত লয়। অতি কম সময়ৰ ভিতৰত পূজাভাগি অনুষ্ঠিত কৰাটো তেখেতসকলৰ বাবে অতি প্রত্যাহ্বানমূলক আছিল। পূজাৰ প্ৰথম প্ৰয়োজন আছিল দেৱী দুর্গাৰ প্রতিমা নির্মাণ। মৃন্ময় শিল্পী বিচাৰি ৰাধাকান্ত সেনৰ সৈতে দুজনমান ব্যক্তিয়ে জনীয়াৰ ওচৰৰ কাদং গাঁৱলৈ যাত্ৰা আৰম্ভ কৰিলে। চাইকেলেৰে গৈ দলটোৱে খনিকৰজনক বিচাৰি পালে। ইমান কম সময়ত প্রথমে শিল্পীগৰাকীয়ে আহিব বিচৰা নাছিল যদিও দলটোৰ ব্যক্তিসকলে বিশেষ অনুৰোধ কৰাত পাছত আহিবলৈ মান্তি হয়। খনিকৰজন আনন্দ বজাৰ নিবাসী ৰাধাকান্ত সেনৰ ঘৰৰ সন্মুখতে দেৱীৰ প্ৰতিমা বনোৱা কাম আৰম্ভ কৰিলে। সময়ৰ অভাৱত প্রতিমা বনাবৰ বাবে লগা ধান খেৰ ৰাধাকান্ত সেনৰ ঘৰত থকা গোহালিৰ পৰাই ব্যৱহাৰ কৰা হয়। পূজাৰ স্থানৰ বাবে আনন্দ বজাৰত সুবিধাজনক ৰাজহুৱা স্থান নোহোৱা বাবে গৌৰ চন্দ্ৰ সাহাদেৱে তেখেতৰ ঘৰৰ সন্মুখৰ স্থানত পূজা পাতিবলৈ আগ্রহ প্রকাশ কৰে। সেই সময়ত হাউলী বৰপেটা সংযোগী পথৰ দুয়োকাষ দ-খালেৰে ভৰা আছিল। গৌৰ চন্দ্ৰ সাহাদেৱৰ ঘৰৰ সন্মুখৰ স্থানখিনিতো দ-খাল আছিল। পূজাভাগি অনুষ্ঠিত কৰাৰ উপযুক্ত হ'ব পৰাকৈ অতি কম সময়ৰ ভিতৰত ট্রাকেৰে মাটি পেলাই ঠাইখিনি সমান কৰা হৈছিল। পূজাখন চলাবলৈ আর্থিক দিশৰ বাবে প্ৰথম বৰ্ষত সময়ৰ অভাৱত বিশেষ পৰিকল্পনা কৰিব পৰা হোৱা নাছিল। ৰাইজক সাধ্যানুযায়ী দান বৰঙণি আগবঢ়াবলৈ জনোৱাৰ অনুৰোধ প্রতি ব্যাপক সহাঁৰি পোৱা গৈছিল। অৱশ্যে পূজাৰ অন্তত প্রায় এক হাজাৰমান টকা ঘাটি হোৱাত উদ্যোক্তাৰ চাৰি পাচ গৰাকী ব্যক্তিয়ে মিলি টকাখিনি উঠাই লেন-দেন সম্পূর্ণ কৰিছিল।

হাউলী মধ্যবজাৰ দুর্গা পূজাৰ লগত ৫০ বছৰ একেলগে চলাই অহাৰ পিছত ১৯৭৬ চনত হাউলী আনন্দ বজাৰত আৰম্ভ হোৱা এই পূজাখনৰ লগত সংগতি ৰাখি প্ৰথম বৰ্ষত মৈৰামাৰা চতুর্ভূজ নামদল, হাউলী বজাৰৰ দলে নাম পৰিবেশন কৰিছিল। প্রথম বর্ষত কৃষ্ণলীলা কীৰ্ত্তনৰ অনুষ্ঠানো পৰিবেশিত হৈছিল বুলি জ্যেষ্ঠসকলে কয়।

৫০ টি বর্ষ পূর্ণ কৰি সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া হাউলী আনন্দ বজাৰ সাৰ্বজনীন দুর্গা পূজাখন আজিও গৌৰচন্দ্ৰ সাহাৰ ঘৰৰ সন্মুখতে উদ্যাপিত হৈ আহিছে। আৰম্ভণিৰ বৰ্ষত অতি সাধাৰণভাৱে টিনপাতৰ চালি দি আৰ কাপোৰ ঢাকি অনুষ্ঠিত হোৱা দুর্গা পূজাখন আজি আধুনিকতাৰ প্ৰভাৱত আটক ধুনীয়া মণ্ডপ নির্মাণেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০২৫ চনত অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ সজল স্মৃতিত বিশেষভাৱে ৰভামণ্ডপ নিৰ্মাণ কৰি হাউলীৰ আনন্দ বজাৰ দূর্গা পূজাখনে হাউলীবাসীৰ লগতে অসমৰ বিভিন্ন স্থানৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া হাউলীৰ আনন্দ বজাৰ দুর্গা পূজা সমিতিয়ে হাউলী মৰা মানাহ নদীত প্রতিমা বিসর্জন দি আহিছে। কালীবাৰী সার্বজনীন দুর্গা পূজা

১৯৮১ চনত হাউলী আৰক্ষী থানাৰ সন্মুখ অঞ্চলৰ প্রায় ৫ বিঘামান মাটিত প্রায় ৬০ ঘৰ মান বঙালী সম্প্ৰদায়ৰ পৰিয়ালে বসতি আৰম্ভ কৰিছিল। জানিব পৰা মতে সেই সময়ত মাটিৰ মূল্য আছিল মাত্র তিনি হাজাৰ টকা। ৬০ ঘৰতকৈ অধিক পৰিয়ালে বসতি স্থাপনৰ পিছত অলপ মাটি ৰৈ যোৱাত চুবুৰীটোৰ লোকসকলে সেই মাটিখিনি সমূহীয়াকৈ ক্ৰয় কৰি সেই স্থানত এটি কালী মন্দিৰ স্থাপনৰ সিদ্ধান্ত লয়। এই কালী মন্দিৰ স্থাপনৰ পিছৰে পৰা হাউলীৰ এই চুবুৰীটো কালীবাৰী ৰোড নামে পৰিচিত হৈ পৰে। সেই বৰ্ষতে অঞ্চলটোৰ ৰাইজে মিলি নিজৰ চুবুৰীত ৰাজহুৱাকৈ দুর্গা পূজা পতাৰ চিন্তা-চৰ্চা কৰে। ১৯৮১ চনত চুবুৰীটোৰ কেইগৰাকীমান উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত দুর্গা পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। এই নতুন চুবুৰীটো গঠন হোৱাৰ পূর্বে এই লোকসকল হাউলীৰ লাচিত ৰোড সাৰ্বজনীন দুর্গা পূজাৰ লগত অংশগ্রহণ কৰিছিল। পূজা আৰম্ভকৰাৰ উদ্যোগী ব্যক্তিসকলৰ ভিতৰত আছিল- নাৰায়ণ চন্দ্ৰ শীল, ভবেশ আচার্য, 'কিশোৰীলাল বনিক, হৰিদাস চন্দ, পৰিমল বসাক, হৰিলাল ঘোষ আদি অন্যতম। কালীবাৰী ৰোড দুর্গা পূজাত অষ্টমীৰ নিশা কালীপূজা অনুষ্ঠিত কৰাৰ এক বিশেষ পৰম্পৰা আছে। একেদৰে দশমীত দেৱী বিসৰ্জনৰ পিছত নাৰায়ণ পূজা কৰা হয়। এটা দশক আগলৈকে কালীবাৰী ৰোড দুর্গা পূজাৰ অষ্টমীৰ দিনাখন ভোগ প্রসাদ প্রস্তুত কৰিবলৈ ৫০-৬০ কিঃ গ্রাঃ চাউল আৰু ২৫ কিঃ গ্রাঃ পর্যন্ত দাইল ব্যৱহাৰ কৰিব লগা হৈছিল। বিধিৰ বিপাকত এই চুবুৰীৰ কেইবাঘৰো পৰিয়ালে ঘৰ-মাটি বিক্ৰী কৰি হাউলীৰ নতুন বেন্নীবাৰী, জলজলীৰ নদীৰ পাৰ আদি অঞ্চললৈ গুছি যায়। ৯০ ৰ দশকত প্রায় ৬০-৬৫ ঘৰ হিন্দু পৰিয়ালে বসবাস কৰা এই চুবুৰীটোত বর্তমানে মাত্র ১২ ঘৰ মান পৰিয়ালহে বসতি কৰি আছে। এইবেলি ৪৫ সংখ্যকত ভৰি দিয়া কালীবাৰী সাৰ্বজনীন দুর্গা পূজাখন চলোৱাটো অঞ্চলটোৰ বাসিন্দা সকলৰ বাবে এক প্রত্যাহ্বানস্বৰূপ হৈ উঠিছে।

বসাকপাৰা সাৰ্বজনীন দুর্গা পূজা

১৯৮১ চনত হাউলীৰ বসাকপাৰা অঞ্চলত ৰাজহুৱাকৈ দুর্গা পূজাৰ আৰম্ভণি হৈছিল। অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি প্রয়াত বিশ্বজিৎ বসাক, নাৰায়ণ বসাক, ফনীন্দ্ৰ বসাক আদি লোকৰ বিশেষ উদ্যোগত তথা অঞ্চলটোৰ ৰাইজৰ সহায় সহযোগত এই পূজাখনৰ শুভাৰম্ভ হৈছিল। বসাকপাৰা সাৰ্বজনীন দুর্গাপূজাখন আৰম্ভণিৰে পৰা প্ৰয়াত বিশ্বনাথ বসাকৰ ঘৰৰ সন্মুখভাগত অনুষ্ঠিত কৰা হৈ আহিছে। পূৰ্বতে বসাকপাৰা এলেকাটো স্বামী বিবেকানন্দ পথ (পাট্যাপাৰা), গান্ধীনগৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে বসতি কৰা পৰিয়ালসকলক লৈ এক বিস্তৃত পৰিসৰৰ আছিল। ১৯৮১ চনৰ আগলৈকে এই অঞ্চলৰ লোকসকলে লাচিত ৰোড দুর্গা পূজা সমিতিৰ লগত সহযোগ কৰিছিল। তাৰো আগতে (১৯৫৬ চন) হাউলীৰ সৰ্বপ্ৰথম দুর্গা পূজা মধ্যবজাৰৰ লগত এই অঞ্চলৰ লোকসকলে সহযোগ আগবঢ়াইছিল। পিছলৈ জনবসতি বৃদ্ধিৰ লগতে আন কিছু কাৰণত ১৯৮১ চনৰে পৰা অঞ্চলটোৰ ৰাইজে নিজ অঞ্চলতে ৰাজহুৱাকৈ দুর্গা পূজা পাতিবলৈ সিদ্ধান্ত লয়। সময়ৰ সোঁতত বসাকপাৰাৰ বৃহৎ এলেকাৰ একাংশ লোকে নিজাববীয়াকৈ দুর্গা পূজা পাতিবলৈ ধৰাত বৰ্তমান কেৱল ২৫ ৰ পৰা ৩০ ঘৰ পৰিয়ালেহে এইখন পূজাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। এই অঞ্চলৰ একাংশ লোকে ২০০০ চনত গান্ধীনগৰত আৰু ২০০৬ চনত হাউলী বাপুজী নগৰ দুর্গা পূজা আৰম্ভ কৰাত বসাকপাৰা দুর্গা পূজাখনিৰ লগত জড়িত পৰিয়াল কমি আহিছে। ২০০৬ চনত ২৫ বর্ষ পূৰ্ণ কৰি ৰূপালী জয়ন্তী বর্ষ গৰকা এই পূজাখনে আতচবাজী প্রদর্শন, সমূহীয়া বন্তি প্রজ্জ্বলন, আৰতি প্ৰতিযোগিতা আদিৰ দৰে কাৰ্যসূচী ৰূপায়ন কৰিছিল। হাউলীৰ বাকী দুর্গা পূজাসমূহৰ দৰে বসাকপাৰা দুর্গা পূজা সমিতিয়ে হাউলীৰ মৰা মানাহ নদীৰ ঘাটত দুর্গা প্রতিমা বিসর্জন দিয়ে। দশমীত দেৱী বিসৰ্জনৰ পাছত নাৰায়ণ পূজা অনুষ্ঠিত কৰা হয়।

বৰুৱাবজাৰ সাৰ্বজনীন দুর্গা পূজা

হাউলী বাসীৰ স্বাভিমান চণ্ডী নাৰায়ণ বৰুৱাৰ স্মৃতি বিজড়িত এডোখৰ ঠাই হৈছে বৰ্তমানৰ 'বৰুৱাবজাৰ'। ১৯ শতিকাতে ৰচনা হোৱা হাউলী অঞ্চলৰ ইতিহাসৰ সাক্ষী স্বৰূপ ৰজনীকান্ত বৰদলৈদেৱৰ মনোমতী উপন্যাসতো 'বৰুৱা বাৰী' নামটোৰ উল্লেখ পোৱা যায়। নৱ হাউলীৰ এই অঞ্চলটোৰ বাসিন্দা সকলে পুৰণি কালৰে পৰা হাউলী মধ্য বজাৰ দুর্গা পূজাৰ লগতে সহযোগ আগবঢ়াই আহিছিল। অঞ্চলটোৰ কেইবাগৰাকী উদ্যমী লোকৰ প্ৰচেষ্টা তথা ৰাইজৰ আন্তৰিক সহযোগত ১৯৮৪ চনত হাউলী বৰুৱা বজাৰত ৰাজহুৱাকৈ দুর্গা পূজাৰ শুভাৰম্ভণি হয়। বৰুৱাবজাৰ সাৰ্বজনীন দুর্গা পূজাখন হাউলীত আৰম্ভ হোৱা ৬ষ্ঠ তম্ পুৰণি দুর্গা পূজা। এই পূজাখনি আৰম্ভণি কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লোৱা ব্যক্তিসকলৰ ভিতৰত জ্যোতিষ সাহা, অজিত সাহা, ৰণজিৎ সাহা, গোপাল সাহা, হৰিপদ সাহা, কাৰ্ত্তিক সাহা, শংকৰ সাহা, সন্তোষ সাহা, হৰিপদ সাহা (গোপাল) আদি অন্যতম। ৰূপালী জয়ন্তী অতিক্ৰম কৰা এই দুর্গা পূজাখন প্রথমে প্রয়াত নিতাই সাহাৰ ঘৰৰ সন্মুখত অনুষ্ঠিত কৰা হৈছিল। পাছত বিশেষ অসুবিধাৰ বাবে স্থান সলনি কৰি বৰ্তমানলৈ চুবুৰীটোৰ গোপাল সাহা নামৰ ব্যক্তি এগৰাকীৰ ঘৰৰ সন্মুখত অনুষ্ঠিত কৰা হৈ আহিছে। আৰম্ভণিৰ সময়ত এই দুর্গা পূজাখনৰ পৰিসৰ অধিক আছিল যদিও পাছলৈ নতুনকৈ ওচৰে পাজৰে দুই এখন নতুন দুর্গা পূজা আৰম্ভহোৱা বাবে এতিয়া অঞ্চলটোৰ পৰিসৰ কমি আহিছে।

ঠাকুৰবাৰী ৰোড সাৰ্বজনীন দুর্গোৎসৱ

হাউলী ঠাকুৰবাৰী ৰোডত অৱস্থিত হাউলী সার্বজনীন শ্ৰী শ্ৰী ৰাধাগোবিন্দ মন্দিৰ হাউলীৰ কৃষ্ণভক্ত ৰাইজৰ ধৰ্মীয় আস্থাৰ কেন্দ্ৰস্বৰূপ। হাউলীৰ এই আটকধুনীয়া মন্দিৰটো ১৯৬৬ চনত স্থাপন কৰা হৈছিল। পোন প্রথমে এখন সৰু চালিৰ তলত এটা ভেটিত পিতলৰ গোপাল কৃষ্ণৰ মূৰ্তি স্থাপন কৰি হৰিসেৱা কৰা হৈছিল। ১৯৬৫ চনৰ আগলৈকে হাউলীৰ এই অঞ্চলটোত খেতি পথাৰ আছিল। হাউলীৰ বিভিন্ন অঞ্চলৰ পৰা উঠি আহি নতুনকৈ বসতি আৰম্ভ কৰা বাসিন্দা সকলে গোপাল কৃষ্ণৰ আৰতিৰে ৰাধা গোবিন্দ মন্দিৰ স্থাপন কৰিলে। 'ঠাকুৰ' মানে ঈশ্বৰ বা ভগবান অৰ্থাৎ ঠাকুৰৰ আবাসস্বৰূপ এই চুবুৰীটোৰ নাম ৰাধা গোবিন্দ মন্দিৰ স্থাপন হোৱাৰ পিছৰে পৰা 'ঠাকুৰবাৰী ৰোড' নামে পৰিচিত হ'বলৈ ধৰে।

আৰম্ভণিৰে পৰা ঠাকুৰবাৰী ৰোডৰ বাসিন্দাসকলে অঞ্চলটোৰ লগতে থকা মধ্য বজাৰ সাৰ্বজনীন দুর্গা পূজাৰ লগত ওতঃপ্রোতভাবে জড়িত আছিল। ১৯৯২ চনত চুবুৰীটোৰ যুৱ সমাজে মিলি সমিতি গঠন কৰি দুৰ্গা পূজা আয়োজনৰ চিন্তা চৰ্চা কৰি হাউলীত আন এখন ৰাজহুৱা দুর্গা পূজাৰ জন্ম দিয়ে। অঞ্চলটোৰ ৰাজহুৱা স্থানৰ অভাৱত বাবে ঠাকুৰবাৰী ৰোডস্থিত সাৰ্বজনীন শ্রী শ্রী ৰাধা গোবিন্দ মন্দিৰ প্ৰাঙ্গণত দেৱী দুৰ্গাৰ আৰাধনা আৰম্ভ হয়। মন্দিৰটোত উদ্যাপিত হোৱা পূজাখন পৰিচালনা কৰিবলৈ অঞ্চলটোৰ যুৱকসকলৰ মাজৰ পৰা এখনি পৰিচালনা সমিতি গঠন কৰা হয়।

হাউলী টাউন সার্বজনীন দুর্গা পূজা

হাউলীত আধ্যাত্মিক পৰিৱেশ গঠন কৰাৰ লক্ষ্যৰে ১৯৯৪ চনত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এখনি দুর্গা পূজাৰ আৰম্ভণি হৈছিল। কুৰি শতিকাৰ আৰম্ভণিৰে পৰা হাউলীৰ অসমীয়া সমাজখনে বিভিন্ন দুর্গা পূজা সমিতিৰ লগত সহযোগ কৰি আছিল যদিও নব্বৈৰ দশক পর্যন্ত হাউলীৰ কোনো অসমীয়া বসতিপূর্ণ অঞ্চলৰ লোকৰ উদ্যোগত দুর্গাপূজা হোৱা নাছিল। সমাজত কিছুমান লোকৰ মাজত ভুল ধাৰণা আছিল যে দুর্গা পূজা কেৱল বঙালী সকলেহে পালন কৰে। সনাতন ধৰ্মৰ উপাসনা পদ্ধতি অনেক যদিও ইয়াৰ মূল সূতি কিন্তু একেটাই। হাউলীৰ সকলো হিন্দু মূলৰ লোকৰ আৰু অধিক সক্রিয় অংশগ্রহণ উদ্যেশ্যেৰে এই পূজাখনৰ আৰম্ভ হৈছিল। এই দুর্গা পূজাখনি আৰম্ভ কৰাত বিশেষ উদ্যোগ লোৱা ব্যক্তিগৰাকী আছিল শ্রীযুত সত্য বর্মন। ১৯৯২ চনত নগাঁওত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদর্শেৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ নামেৰে এটা সংগঠনৰ জন্ম হৈছিল। সংগঠনটোৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱা সত্য বর্মনক ১৯৯৩ চনত হিন্দু যুৱ ছাত্ৰ পৰিষদ, বৰপেটা জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অর্পণ কৰা হয়। এই সংগঠনটোৰ প্ৰেৰণাৰে হাউলীত আৰম্ভহোৱা এই দুর্গা পূজাখনিত বিশেষ উদ্যোগ লোৱা ব্যক্তিসকলৰ ভিতৰত আছিল- অমৃত পাঠক, অনুপ পাঠক, মনোজ সাহা, বীৰেশ্বৰ পাঠক, হিতেন দাস, দিগন্ত নাথ, বিমল নাথ, নৱকৃষ্ণ দাস, অনুপম দাস, নৱ কুমাৰ পাঠক, উত্তম কৰ্মকাৰ, লাচিত নাথ, সঞ্জয় কুমাৰ চৌধুৰী, গোলাপ দাস, বিপুল দাস, গোপেশ নাথ (সৰু), সঞ্জয় দাস, নিপ দাস, পুৰীদা, বিশ্বনাথ সাহা, দীপু চৌধুৰী আদি অন্যতম।

১৯৯৪ চনত পোন প্রথমবাৰৰ বাবে জয়কৃষ্ণ দাসৰ ঘৰৰ সন্মুখত ভাড়া দিয়া দোকানৰ সন্মুখত এই দুর্গা পূজাখন অনুষ্ঠিত হৈছিল। দুই বছৰ সেই স্থানত অনুষ্ঠিত হোৱাৰ পিছত কিছু অসুবিধা হোৱাত বি. টি. চি ৰোডৰ পূৱফাললৈ পূজাৰ স্থান সলনি কৰা হয়।

পূজাখন আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত সমিতিখনৰ মূল প্রত্যাহ্বান আছিল এগৰাকী পুৰোহিত বিচৰা। পোন প্ৰথমে হাউলী হাইস্কুলৰ সংস্কৃত বিষয়ৰ শিক্ষক যোগেন্দ্ৰ শাস্ত্ৰীদেৱক পূজাৰীৰ প্ৰস্তাৱ জনোৱাত তেখেতে ইতিমধ্যে অইন ঠাইত পূজাৰ বন্দোবস্ত হৈ থকা বাবে নোৱাৰে বুলি কয়। তেখেতৰ পৰামৰ্শ অনুসৰি হাউলী ছাত্রপথ নিবাসী প্রহ্লাদ শৰ্মাক বিচাৰি যায় যদিও তেখেতেও সময় দিব নোৱাৰো বুলি কোৱাত উদ্যোক্তাসকল বিমোৰত পৰে। পিছত শৰ্মাদেৱে নিজে খবৰ কৰি পাঠশালাৰ বুনগাঁও নিবাসী দিপু শৰ্মা নামৰ ব্রাহ্মণ এজনক পূজাৰী হিচাপে ঠিক কৰি দিয়ে। দিপু শর্মাদেৱে এই দুর্গা পূজাখন একেৰাহে প্রায় ২৬ বছৰ ধৰি বৈদিক ৰীতি-নীতিৰে পূজা খন পৰিচালনা কৰিছিল। শাৰীৰিক অসুস্থতাৰ বাবে তেখেতে পাছলৈ আহিব নোৱাৰা হয়। পূজাৰীৰ সহায়ক হিচাপে নৃপেন সূত্ৰধৰে আৰম্ভণিৰে পৰা এই পূজাখনত সেৱা আগবঢ়াইছিল। তেখেতৰ মৃত্যুৰ পিছত এতিয়া প্রদীপ পালে (জামাই) এই দায়িত্ব পালন কৰি আছে।

আধুনিকতাৰ প্ৰভাৱত আন আন ঠাইৰ দৰে হাউলীৰো বিভিন্ন দুর্গা পূজা মণ্ডপসমূহত সেই সময়ত কিছু বিশৃংখলতাই দেখা দিছিল। বিজতৰীয়া সংস্কৃতিৰ প্ৰভাৱ দূৰ কৰি সমাজত সুস্থ আধ্যাত্মিক চিন্তা-চেতনা জাগ্ৰত কৰাৰ লক্ষ্যেৰে এই পূজা সমিতিখনে কেতবোৰ বিশেষ উদ্যোগ লৈছিল। পৱিত্ৰ দুর্গা পূজাৰ মণ্ডপত বলিউডৰ গীত বজোৱাৰ পৰিৱৰ্তে এই পূজাখনত চণ্ডীপাঠ নাইবা গীত ভাৰতীৰ বিশেষ আধ্যাত্মিক গীত বাজে। আৰম্ভণিৰে পৰা এই দুর্গা পূজাখনৰ মণ্ডপত গেৰুৱা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰাৰ এক পৰম্পৰা আছে। আজিও হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰম্ভ হোৱা পূজা পেণ্ডেলত অইন ৰঙ ব্যৱহাৰ হ'লেও অলপ হ'লেও গেৰুৱা ৰঙ ব্যৱহাৰ কৰা হয়। হিন্দু সকলৰ পৱিত্ৰ গেৰুৱা ধ্বজ পূজা পেণ্ডেলৰ ওপৰত লগোৱাৰ পৰম্পৰাও এই পূজাখনৰ আন এক বিশেষত্ব। বিজয়া দশমীত দেৱী বিসৰ্জনৰ ক্ষেত্ৰত এই দুর্গা পূজাখনে হাউলী অঞ্চলত এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হয়। বিভিন্ন অসুবিধাৰ বাবে দেৱী দুৰ্গাৰ সেৱা ল'ব নোৱাৰা লোকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পূজা সমিতিখনে উদ্যোগ লৈ হাউলী বৰপেটা সংযোগী পথেৰে, আমতল হৈ মৈৰামাৰা গাঁৱৰ মাজেৰে পৰিভ্ৰমণ কৰি মৰা মানাহ নদীত দেৱী বিসৰ্জনৰ পৰম্পৰা আৰম্ভ কৰে। এই পূজা সমিতিখনৰ অনুৰোধত হাউলীৰ আন দুর্গা পূজা সমিতি সমূহেও একমত পোষণ কৰি দেৱী বিসৰ্জনৰ এক নতুন পৰম্পৰা আৰম্ভ কৰে যি আজিও চলি আছে।

হাউলী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ অহা এই দুর্গা পূজাখন কেতবোৰ বিশেষ কাৰণত ২০১৯ চনৰে পৰা হাউলী সাৰ্বজনীন দুর্গা পূজা নামে সলনি কৰা হয়। হাউলী অঞ্চলৰ বিভিন্ন শুভাকাংক্ষীৰ স্বতঃফুট সঁহাৰি থকা এই দুর্গা পূজাখনলৈ বিভিন্নজনে ভোগ প্রসাদ তথা নিত্য প্রয়োজনীয় সামগ্রী প্রদান কৰে। অষ্টমীৰ ভোগ প্রসাদ প্রস্তুতৰ বাবে এই পূজা সমিতিখনে সম্পূর্ণ পৃথক বাচন-বর্তন ব্যৱহাৰ কৰে। এই দুর্গা পূজা সমিতিখনৰ উদ্যোগত দুবছৰমানৰ বাবে পূজাৰ লগতে সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। কিন্তু দুর্গা পূজাৰ আধ্যাত্মিক দিশত বিৰূপ প্ৰভাৱ নপৰাৰ স্বাৰ্থ তথা পর্যাপ্ত ঠাইৰ অভাৱৰ বাবে এই সাংস্কৃতিক অনুষ্ঠান পূজা সমিতিয়ে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সুভাষপল্লী সার্বজনীন দুর্গাপূজা

হাউলী চহৰৰ মাজমজিয়াত অৱস্থিত দেৱী দুৰ্গাৰ আৰাধনা হোৱা এক স্থান হৈছে সুভাষপল্লী। ১৯৯৮ চনত হাউলী সুভাষপল্লী সাৰ্বজনীন দুর্গা পূজাৰ আৰম্ভণি হয়। ইয়াৰ পূৰ্বে এই সুভাষপল্লী অঞ্চলৰ লগতে পুখুৰীপাৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে থকা লোকসকলে মিলি হাউলীৰ গৰু বজাৰত দুর্গা পূজাৰ আয়োজন কৰিছিল। এইবেলি ২৮ সংখ্যক বৰ্ষত ভৰি দিয়া এই সুভাষপল্লী সার্বজনীন দুর্গা পূজাখনিৰ আৰম্ভণিত সুশান্ত সাহা, সঞ্জয় কুমাৰ সাহা, ৰাজু সাহা, গনেশ সাহা, প্রদীপ সাহা আদি লোকে বিশেষ উদ্যোগ লৈছিল। মাত্র ৪৫ টা মান পৰিয়ালেৰে গঠিত এই সৰু চুবুৰীটোৰ পূজাখন চলাবলৈ হাউলী অঞ্চলৰ ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰা হয়।

প্ৰতি বছৰে কাতি মাহত ৰাজহুৱাকৈ সুভাষপল্লী অঞ্চলত কালী পূজাৰো আয়োজন কৰা হয়। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কালী পূজাত চুবুৰীটোৰ সকলোৱে অংশগ্ৰহণ কৰা দেখা যায়। কালী পূজাৰ অন্তত দেৱীৰ প্ৰতিমা বেকী নদীত বিসর্জন দিয়া হয়। সুভাষপল্লী অঞ্চলত ৰাজহুৱাকৈ লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। ২০২৩ চনত ২৫ টা বর্ষ অতিক্রম কৰা সুভাষপল্লী সার্বজনীন দুর্গাৰ ৰূপালী জয়ন্তী উপলক্ষে বিভিন্ন বাৰেৰহণীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।

হাউলী বৰুৱা বজাৰ (পুখুৰীপাৰ) সাৰ্বজনীন দুর্গা পূজা

১৯৯৮ চনত প্রয়াত সুৰেন্দ্ৰ নাথ দাসৰ পৌৰ হিত্যত আৰু বিমল কৰ্মকাৰ, প্ৰাণেশ্বৰ বড়ো, ৰীতানাথ বড়ো আদি বিভিন্ন ব্যক্তিৰ প্ৰচেষ্টাত হাউলী বৰুৱাবজাৰ (পুখুৰী পাৰ) অঞ্চলত দুর্গা পূজাৰ আৰম্ভণি হয়। ১৯৯৮ চনৰ আগলৈকে পুখুৰীপাৰ অঞ্চলৰ লগতে সুভাষপল্লী অঞ্চলৰ লোকসকলে হাউলী তামোল বেচা-কিনা সন্থাৰ উদ্যোগত হাউলীৰ গৰু বজাৰত অনুষ্ঠিত হোৱা হাউলী সার্বজনীন দুর্গা পূজাত অংশগ্ৰহণ কৰিছিল। ১৯৯৮ চনৰে পৰা এই পূজাখনৰ পৰিচালনা সমিতিৰ সভাপতি তথা সম্পাদকৰ দায়িত্ব বহন কৰা লোকসকল হ'ল- প্রয়াত জ্যোতিষ চন্দ্ৰ সাহা, বুদ্ধদেৱ দাস, অজিত দাস, সঞ্জয় সাহা, বিশ্বনাথ সাহা, প্রাণেশ্বৰ বড়ো, উত্তম কৰ্মকাৰ, সুদীপ্ত শেখৰ কৰ্মকাৰ, ৰণজিৎ সাহা, ৰঞ্জন সাহা, মিঠুন কৰ্মকাৰ, দীপ দাস।

অঞ্চলটোৰ লোকসকলক উৎসৱৰ আনন্দ দিয়াৰ লগতে দেৱী মাৰ কৃপাত সকলোৰে মাজত একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী কৰাৰ নিৰলস প্ৰয়াস কৰা এই দুর্গা পূজাখনে ২০২৩ চনৰ ৰূপালী জয়ন্তী বর্ষ অতিক্ৰম কৰিছে। ভৌগলিকভাবে চাবলৈ গ'লে বৰ্তমানৰ বৰুৱাবজাৰ তথা পুখুৰীপাৰ অঞ্চল হাউলীৰ ইতিহাসৰ এক উল্লেখযোগ্য স্থান। ঊনৈশ শতিকাৰ শেষৰ দশকত ৰচিত উপন্যাস 'মনোমতী'ত ৰজনীকান্ত বৰদলৈদেৱে এই অঞ্চলটোক 'বৰুৱাবাৰী' বুলি অভিহিত কৰিছে। ইতিহাসৰ অমূল্য গ্রন্থ 'কায়স্থ জাতিৰ ইতিবৃত্তি'ত উল্লেখ থকা অনুসৰি আহোমৰ সামন্ত ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ বৰনগৰৰ ৰাজধানী হাউলীত থকা টোলখন বৰুৱা বজাৰ, পুখুৰীপাৰ, সুভাষপল্লীকে ধৰি জলজলী পর্যন্ত বিয়পি আছিল। হাউলীৰ ইতিহাসৰ স্বাভিমান চণ্ডীবৰুৱাৰ এই ঐতিহাসিক টোলখন মানসকলে ধ্বংস নকৰাহেঁতেন আজি হাউলীৰ এই অঞ্চল ইতিহাস প্রসিদ্ধ কীৰ্তিস্তম্ভৰে উজ্জ্বলি থাকিলহেতেন। বৰুৱাবজাৰ পুখুৰীপাৰ দুর্গা পূজাৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি বুৰঞ্জীমূলক বিভিন্ন গ্রন্থত উল্লেখ কৰা চণ্ডীবৰুৱা আৰু মনোমতীৰ দৈহিক আকৃতিৰ বৰ্ণনাৰ আধাৰত হাউলীৰ একমাত্র ডিজিটেল চেনেল 'হাউলী ডিজিটেল'ৰ মুখ্য পৰিচালক অসীম দাসৰ উদ্যোগত এই দুয়োগৰাকী ইতিহাস প্রসিদ্ধ ব্যক্তিৰ প্ৰতিচ্ছবি মহাষ্টমীৰ পৱিত্ৰ দিনত উন্মোচন কৰা হয়। হাউলী উদীয়মান চিত্রশিল্পী নবীন দাসে অংকন কৰা এই প্রতিচ্ছবি দুখন উন্মোচন কৰিছিল অসম শিশু সাহিত্য ন্যাসৰ সচিব শ্রীযুত হৃষিকেশ গোস্বামীয়ে।

ইয়াৰ উপৰি ৰূপালী জয়ন্তী বর্ষত হাউলী অঞ্চলৰ ২৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্রজ্বলন, গছপুলি ৰোপণ, নাম পৰিবেশন, ধর্মীয় শোভাযাত্রা, একক নৃত্য প্রতিযোগিতা, উর্মিলা কলা কেন্দ্ৰৰ পৰিচালনাত 'জাগো মহিষাসুৰ মর্দিনী' শীর্ষক নূতনাটিকা পৰিৱেশন, পশ্চিমবঙ্গৰ সৰলা দেৱীৰ পৰিচালনাত বাউল সংগীত পৰিৱেশন, আৰতি প্ৰতিযোগিতা, ভেশচন প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতাকে ধৰি নৱমীৰ দিনা সাংস্কৃতিক সন্ধিয়াত শিলিগুড়িৰ শিল্পী চেণ্ডী পার্থ, গুৱাহাটীৰ ৰিকি হাউলীৰ নম্রতা পৰাশৰে সংগীত পৰিবেশন কৰি দৰ্শকৰ মন জয় কৰিব পাৰিছিল। পুখুৰীপাৰ দুর্গা পূজাৰ ৰূপালী জয়ন্তীৰ এই অনুষ্ঠানত সেই সময়ৰ ৰাজ্যিক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি কেইবাগৰাকী উচ্চপদস্থ বিষয়া এই পূজাখনিলৈ আহি সেৱা লৈছিল। ইয়াৰ উপৰি ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতি ৰক্ষাৰ বাবে 'শাৰদা' শীর্ষক এখনি স্মৃতি পুস্তিকা উন্মোচন কৰা হৈছিল। হাউলীৰ বিশিষ্ট সমাজকর্মী তথা অৱসৰী অধ্যাপক ড° ভগীৰথ নাথে এই পুস্তিকা খনিৰ উন্মোচন কৰিছিল। সেই বৰ্ষত বৰুৱাবজাৰ পুখুৰী পাৰ দুৰ্গা পূজাৰ মহিলা সমিতিৰ উদ্যেগত হাউলীত মহালয়াৰ দিনা জলাৰোহণ শোভাযাত্রা উলিওৱা হৈছিল। অঞ্চলটোৰ সকলো মহিলাই দলে বলে অংশগ্ৰহণ কৰা মহালয়াৰ দিনা কেওদিশে চণ্ডীপাঠ মন্ত্ৰ মাইকেৰে বজোৱাৰ ব্যৱস্থা কৰা হৈছিল।

গান্ধীনগৰ সাৰ্বজনীন দুর্গা পূজা

২০০০ চনত হাউলী চহৰৰ ১ নং ৱাৰ্ডৰ গান্ধীনগৰত ৰাজহুৱাকৈ প্ৰথমবাৰৰ বাবে দুর্গা পূজাৰ অনুষ্ঠিত হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি ৰূপালী জয়ন্তী পূৰ্ণ কৰা এই দুর্গা পূজাখন আৰম্ভ কৰাত বিশেষভাৱে উদ্যোগ লোৱা ব্যক্তিসকলৰ ভিতৰত সুৰেশ সাহা, জীৱন সাহা, মোহন সূত্ৰধৰ, শংকৰ সূত্ৰধৰ আদি লোকৰ নাম অন্যতম। ৰাজহুৱা স্থানৰ অভাৱত গান্ধীনগৰ সাৰ্বজনীন দুর্গা পূজাখন প্রতিবছৰে মংগল চন্দ্ৰ সূত্ৰধৰৰ ঘৰৰ সম্মুখৰ পথত অনুষ্ঠিত হৈ আহিছে। এতিয়াৰে পৰা প্ৰায় তিনি দশকমান পূর্বে সৃষ্টি হোৱা গান্ধীনগৰ নামৰ এই চুবুৰীটোত হাউলীৰ ঠাকুৰবাৰী ৰোড, বসাকপাৰা আদি অঞ্চলৰ লোকে নতুনকৈ উঠি আহি বসতি আৰম্ভকৰিছিল। বর্তমানে এই চুবুৰীত প্রায় ৩৫ ঘৰ মান বঙালী সম্প্ৰদায়ৰ পৰিয়ালে বসবাস কৰে। ২০২৫ চনত ২৫ বছৰত ভৰি দিয়া হাউলীৰ এই গান্ধীনগৰ দুর্গা পূজাখনে ৰূপালী জয়ন্তী উপলক্ষে কেতবোৰ বিশেষ কার্যসূচী হাতত হৈছিল যদিও অসমবাসীৰ হিয়াৰ আমঠু শিল্পী 'জুবিন গাৰ্গ'ৰ আকস্মিক বিয়োগৰ বাবে সকলো কার্যসূচী বাতিল কৰি কেৱল ধর্মীয় ৰীতি-নীতিৰে পূজাভাগি সম্পন্ন কৰিছিল। ২০০০ চনৰ আগলৈকে এই অঞ্চলত বাস কৰা লোকসকলে হাউলী বসাকপাৰা দুর্গা পূজাৰ লগত একত্ৰ আছিল।

বাপুজী নগৰ সাৰ্বজনীন দুর্গা পূজা

২০০৬ চনৰ পৰা হাউলী জুনিয়ৰ কলেজৰ সন্মুখৰ স্থানত ১ নং বার্ডত স্বামী বিবেকানন্দ পথ (পাট্যাপাৰা) আৰু হাউলী বৰপেটা ৰোড সংযোগী পথৰ কাষৰ বাসিন্দা সকলে মিলি নতুনকৈ এখনি দুর্গা পূজা আৰম্ভ কৰে। বৰ্তমান হাউলী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল (হাউলী জুনিয়ৰ কলেজ)ৰ সন্মুখত থকা ৰাজ্যিক প্রাথমিক স্বাস্থ্য কেন্দ্রটো হাউলীৰ স্বাধীনতা সংগ্রামী সকলে বাপুজী হাস্পাতাল নামেৰে স্থাপন কৰিছিল। এই 'বাপুজী হাস্পাতাল' নামটোৰ লগত সংগতি ৰাখি এই দুর্গা পূজাখনো বাপুজী নগৰ সাৰ্বজনীন দুর্গা পূজা নামে পৰিচিত হৈ পৰে। এই দুর্গা পূজাখনি আৰম্ভণি কৰোতে বিশেষভাৱে আগভাগ লোৱা ব্যক্তিসকলৰ ভিতৰত আছিল-চণ্ডীচৰণ দাস, দীপক দাস, খগেন দাস, শৈলেন দাস, ধনজিৎ দাস, উত্তম ঘোষ, ইন্দ্রজিৎ চন্দ, বিশ্বজিৎ দাস আদি লোক। প্রতিবছৰে আটকধুনীয়া ৰভামণ্ডপ, আলোকসজ্জা তথা ধর্মীয় আস্থাৰ বাবে পৰিচিত এই বাপুজী নগৰ সাৰ্বজনীন দুর্গা পূজাখনলৈ ভক্তপ্রাণ ৰাইজে সেৱা ল'বলৈ ভিৰ কৰেহি।

দুর্গাবাৰী ৰোড সার্বজনীন দুর্গা পূজা

আজিৰে পৰা প্ৰায় ২১ বছৰমান আগতে হাউলী ৯ নং ৱাৰ্ডৰ অন্তৰ্গত দুর্গাবাৰী ৰোডত তিনিজন যুৱকৰ (সমীৰ সাহা, দুলাল ঘোষ, প্রাণজিৎ সূত্ৰধৰ) বিশেষ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্টুপীয়াকৈ লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছিল। দুর্গাবাৰী ৰোডৰ প্ৰৱেশ পথৰ স্থানত লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল। এই পূজাত অঞ্চলটোৰ ৰাইজৰ উৎসাহ-উদ্দীপনা তথা সক্রিয় অংশগ্রহণ দেখি উদ্যোক্তাসকলে দুর্গাবাৰী ৰোড অঞ্চলত কালীপূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২০০৬ চনত দুর্গাবাৰী ৰোডত ৰাজহুৱাকৈ কালী দেৱীৰ আৰাধনা আৰম্ভ হয়। কালীপূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন প্রতিযোগিতা তথা সাংস্কৃতিক অনুষ্ঠানে এই পূজাখনক জয়প্রিয় কৰি তোলে। কালী পূজাৰ প্ৰথম বৰ্ষৰ আয়োজনত প্ৰতিমাৰ দাঁতা আছিল 'কৃষ্ণ সাহা। চুবুৰীটোত সফলভাৱে কালী পূজা অনুষ্ঠিত হোৱাৰ পিছত অঞ্চলটোৰ ৰাইজৰ আগ্রহত (বিশেষকৈ মহিলাসকলৰ) দুর্গা পূজা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কালীপূজাত বিশেষ উদ্যোগ লোৱা যুৱকসকলৰ লগতে অঞ্চলটোৰ ৰাইজৰ বিপুল সহযোগত ২০১২ চনত ৰাজহুৱাভাৱে চুবুৰীটোত দেবী দুর্গাৰ আৰাধনা আৰম্ভ হয়। হাউলীৰ বিশিষ্ট ব্যৱসায়ী নৰেশ মালুৰ দুৰ্গাবাৰী ৰোডত খালী পৰি থকা মাটি এডোখৰত চুবুৰীবাসীয়ে দুর্গা পূজাৰ অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰে। মালু পৰিয়ালে ৰাইজৰ উক্ত প্ৰস্তাৱ মানি লোৱাত সেই খালী ভূমিখণ্ডতে দুর্গাবাৰী ৰোডৰ দুর্গাপূজা অনুষ্ঠিত কৰা হয়। পৰম্পৰা অনুযায়ী বর্তমানেও এই ৰাজহুৱা দুর্গা পূজা ভাগি উক্ত স্থানতে উদ্যাপিত হৈ আহিছে। দুর্গাবাৰী ৰোড অঞ্চলটোত প্রায় মুঠ ৫৭ ঘৰ পৰিয়ালে এই পূজাখনৰ লগত সক্রিয়ভাৱে জড়িত।

চুবুৰীটোৰ উক্ত বাসিন্দাসকলৰ দান-বৰঙণিৰে এই দুর্গা পূজাভাগি অনুষ্ঠিত কৰা হৈ আহিছে। ৰুচি চৌধুৰী পথ সার্বজনীন দুর্গা পূজা

২০১৪ চনৰ কথা। হাউলী ৰুচি চৌধুৰী পথ আৰু আশে-পাশে থকা কেইজন মান যুৱকৰ মনত অঞ্চলটোত দুর্গা পূজা পতাৰ চিন্তা আহে। যুৱ দলটোৱে প্রথমে অঞ্চলটোৰ ঘৰে ঘৰে গৈ ৰাইজৰ পৰামৰ্শ বুটলিছিল। অধিকাংশই একেমুখে সহমত পোষণ কৰিছিল যদিও একাংশই এই আয়োজনক লৈ সন্দেহ প্রকাশো কৰিছিল। অৱশেষত ২০১৪ ছেপ্টেম্বৰ মাহৰ কোনো এটা দিনত হাউলীৰ কচি চৌধুৰী পথৰ বাসিন্দা সকলে চুবুৰীটোত দুর্গা পূজা অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰে। হাউলী চণ্ডীবৰুৱা জাতীয় বিদ্যালয়ৰ সন্মুখৰ পথৰ কাষৰ বগৰী গছ এজোপাৰ তলতেই পূজা সম্পর্কে আলোচনা কৰিবলৈ এখন সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ নিবাসী অধৰ বৰুৱাৰ নৱ নিৰ্মিত ঘৰত হোৱা পূজাৰ অনুষ্ঠানিক সভাত সর্বসম্মতি ক্রমে পূজাখন পৰিচালনা কৰিবৰ বাবে 'মিলিজুলি যুৱ সমাজ' নামটো গৃহীত হৈছিল। সভা সম্পন্ন হোৱাৰ পৰা পূজালৈ মাজত মাথোন ১৮ দিন বাকী থকা অৱস্থাত দুর্গা পূজাখন অনুষ্ঠিত কৰাটো নতুন সমিতিখনৰ বাবে অতি প্রত্যাহ্বানমূলক আছিল। এই দুর্গা পূজাৰ প্ৰথম সভাপতি ডাঃ উপানন্দ পাটোৱাৰী আৰু সম্পাদক আছিল দীপাংকৰ চৌধুৰী। অতি কম সময়ৰ ভিতৰত আয়োজন কৰিবলগীয়া প্রত্যাহ্বানক নেউচি সমিতিখনে চুবুৰীটোৰ ৰাইজৰ সহযোগত পূজাভাগ সুকলমে চলাই নিবলৈ সক্ষম হৈছিল। আৰম্ভণি বৰ্ষৰ পূজাখনিত কহিদাস শীল প্রতিমাৰ দাঁতা আছিল। প্রথম পূজাখনৰ পেণ্ডেল সাজিছিল বিদ্যাধৰ নাথে। হাউলীৰ চৌধুৰীপাৰা বুলি পৰিচিত এই দুর্গা পূজাখনিৰ লগত সংগতি ৰাখি কেইবা বছৰো বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই সাংস্কৃতিক মঞ্চত অসমৰ কেইবাগৰাকী জয়প্রিয় কণ্ঠশিল্পীয়ে সংগীত পৰিৱেশন কৰিছে। আৰম্ভণিৰে পৰা ৰুচি চৌধুৰী পথৰ এইখন দুর্গা পূজালৈ বৰপেটা বিধানসভা সমিতিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্র নাথ দাস, বিধায়ক ফণী তালুকদাৰ, মন্ত্ৰী ৰণজিৎ কুমাৰ কুমাৰ দাস, হৃষিকেশ গোস্বামী, প্রয়াত আই. পি. এছ শিলাদিত্য চেতীয়া ৰবীন কুমাৰ, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে কেইগৰাকী মন্ত্ৰী বিষয়াই আহি দেৱী মাৰ সেৱা গ্রহণ কৰিছে।

এই অঞ্চলটোৰ নিবাসীসকলৰ সক্রিয় অংশগ্রহণে পূজাখনৰ আনন্দ দুগুণে বৃদ্ধি কৰাৰ লগতে একতা, সম্প্রীতি আৰু সামূহিক আনন্দৰ পৰিৱেশ সৃষ্টি কৰে। বিজয়ী দশমীৰ দিনা প্রতিমা বিসর্জনৰ সময়ত চুবুৰীয়াই সমদল উলিয়াই একেলগে যায়। এই উৎসৱে সমগ্ৰ চুবুৰীটোক এটা ডাঙৰ পৰিয়াললৈ ৰূপান্তৰিত কৰি তুলিছে।

গণেশ পথ সার্বজনীন দুর্গা পূজা

হাউলী চহৰৰ ২ নং ৱাৰ্ডস্থিত গণেশ পথত ২০১৯ চনৰে পৰা ৰাজহুৱাকৈ দুর্গা পূজা অনুষ্ঠিত কৰা হয়। গণেশ পথৰ লগতে গুৰু পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাস কৰা লোকসকলে এই দুর্গা পূজাখনত সহযোগ কৰে। ৰাজহুৱা স্থানৰ অভাৱত গণেশ পথ সার্বজনীন দুর্গা পূজাৰ স্থান স্থায়ী কৰিব পৰা হোৱা নাই। অঞ্চলটোৰ বাসিন্দাসকলৰ উৎসাহ-উদ্দীপনা তথা সক্রিয় অংশগ্ৰহণৰ এই দুর্গা পূজাখনে অঞ্চলটোৰ লোকসকলক একতাৰ ডোলেৰে বান্ধি ৰাখিছে।

বেন্নীবাৰী (বঙালীপাৰা) সাৰ্বজনীন দুর্গা পূজা

হাউলী চহৰৰ ২ নং ৱাৰ্ডৰ অন্তৰ্গত বেন্নীবাৰী (বাঙালীপাৰাত যোৱা ২০২০ চনৰে পৰা ৰাজহুৱাকৈ দুর্গা পূজা অনুষ্ঠিত হ'বলৈ ধৰে। হাউলী লাচিত ৰোড, ঠাকুৰবাৰী ৰোড, কালীবাৰী ৰোড আদি ঠাইৰ পৰা গৈ নতুনকৈ বসতি আৰম্ভ কৰা এই অঞ্চলটোত মূলত: বঙালী সম্প্ৰদায়ৰ লোকে বাসবাস কৰে। ২০২০ চনৰে পৰা আৰম্ভ হোৱা দুর্গা পূজাখনে অঞ্চলটো লোকসকলৰ মাজত এক ধর্মীয় চেতনা জগাই একতাৰে ডোলেৰে বান্ধিবলৈ সক্ষম হ'ব বুলি ক'ব পাৰি।

গোপাল নগৰ সাৰ্বজনীন দুর্গা পূজা

যোৱা বৰ্ষত অর্থাৎ ২০২৫ চনত হাউলী গোপাল নগৰ বাসীয়ে নিজাববীয়াকৈ দুর্গা পূজা অনুষ্ঠিত কৰে। এই বৰ্ষত গোপাল নগৰ ২য় বার্ষিক গোপাল নগৰত সাৰ্বজনীন দুর্গা পূজাৰ আয়োজন কৰিছে।

ইয়াৰ উপৰি হাউলী দলাগাঁওস্থিত ২৮ নং অসম আৰক্ষী বাহিনীৰ কেম্পত দুর্গা পূজা অনুষ্ঠিত কৰা হয়।