Tree man of Howly
"বৃক্ষমানৱ"
এজন ব্যক্তি যিজনে এখন শুকান পথাৰ গছেৰে সেউজীয়া কৰি তুলিছিল....
হাউলী মৈৰামাৰাৰ শ্ৰীযুত কমলাকান্ত দাস
"বৃক্ষমানৱ" হিচাপে পৰিচিত হাউলী মৈৰামাৰাৰ শ্ৰীযুত কমলাকান্ত দাস। ১৯৯৩ চন মানলৈকে হাউলী সামূহিক স্বাস্থ্য কেন্দ্ৰ স্থাপন নোহোৱালৈকে এই ঠাইখিনি এখন খেলপথাৰ আছিল। আজি এই স্থানলৈ আহিলে আপুনি শীতল ছাঁ বিচাৰি ঘুৰি ফুৰিব নালাগিব। গোটেই স্বাস্থ্যকেন্দ্ৰৰ চৌহদটোত কেওদিশে এক সুন্দৰ সেউজীয়া পৰিবেশ।
কব খুজিছো এজন এনেকুৱা ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ কথা যাৰ প্ৰচেষ্টাই এই ধৰিত্ৰীক কৰি তুলিছে সেউজীয়া। হাউলী অঞ্চলত "বৃক্ষমানৱ" হিচাপে পৰিচিত এই ব্যক্তিজনৰ নাম কমলাকান্ত দাস।
১৯৭১ চনমানত তেখেতে স্কুলত পঢ়ি থকাৰ সময়ৰে কথা। তেখেতে পঢ়া স্কুলৰ শ্ৰেণীকোঠাৰ খিৰিকীৰে দুপৰীয়া গাত ৰ'দ পৰিছিল। এই সমস্যা দূৰ কৰিবলৈ হাউলী হাইস্কুলত কলগছ ৰোপণৰ পৰাই আৰম্ভ হৈছিল তেখেতৰ গছ ৰোপণৰ যাত্ৰা। তাৰ পিছৰ পৰাই হাউলীৰ প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠান, নামঘৰ, মছজিদ, শ্মশান, কবৰস্থান, চিকিৎসালয় নাইবা বিভিন্ন ৰাজহুৱা স্থানত গছ ৰোপণেৰে ধৰাৰ বুকু সেউজীয়া কৰাৰ ব্ৰতত যেন ব্ৰতী হৈছে এই ব্যক্তিজন। কেৱল হাউলীয়ে নহয়, বৰপেটা জিলাৰ বিভিন্ন স্থানত গছ ৰোপণ কৰি নিজৰ সাধনা আগবঢ়াই নিছে তেখেতে। হাউলীৰ সামূহিক চিকিৎসা কেন্দ্ৰই অকল নহয় ১৯৭১ চনত হাউলী হাইস্কুলত বহুকেইডাল কৃষ্ণচূড়া গছ,।
নৰ্মাল স্কুলত অৰ্জুন, শিলিখা, শীতলা বৃক্ষ।
বি.এইচ.কলেজ শিশু গছ ।
হাউলী পৌৰসভা কাৰ্যালয় চৌহদত শিলিখা।
হাউলী চাৰিআলিত শিলিখা গছ।
ৰাস মন্দিৰ মদনমোহন প্ৰাঙ্গনত শিলিখা, বকুল।
হাউলী শংকৰদেৱ শিশু নিকেতনত অৰ্জুন গছ।
চতুৰ্ভুজ নমাটি সত্ৰত ৰুদ্ৰাক্ষ, শিলিখা, গকুল, সাচিপাত আদি গছ।
মৈৰামাৰা বুঢ়াগোহাঁই ঘৰত বকুল, ভোমোৰা, দেৱদাৰু গছ।
মৈৰামাৰা প্ৰাথমিক বিদ্যালয়ত বহুতো গছ।
মৈৰামাৰা পুখুৰী আৰু শিৱ মন্দিৰ ।
হাউলীস্থিত ভৱানীপুৰ খণ্ড উন্নয়ন কাৰ্যালয় চৌহদত বহুতো গছ।
হাউলীৰ পশু চিকিৎসালয় প্ৰাঙ্গনত বহুতো বৃক্ষ।
মৈৰামাৰা আমতলৰ প্ৰকাণ্ড আমজোপা বাগৰি পৰাত নতুনকৈ ৰোপণ কৰা আমগছ ।
কালঝাৰ, হালাপাকুৰি, মৌটুপুৰী আদি গাওঁৰ নামঘৰৰ সম্মুখত শিলিখা আদি বহুতো ঠাইত নানান গছ ৰুই বৃক্ষত পৰিণত কৰা এই ব্যক্তিগৰাকীলৈ আমি প্ৰণাম জনাইছোঁ। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰে তেখেতে অসংখ্য গছ ৰোপণ কৰিছিল যদিও পথটো নতুনকৈ নিৰ্মাণ হোৱাত তেখেতে ৰোৱা বহুতো গছ কাটিব পেলোৱা হয়।
"বৃক্ষমানৱ" হিচাপে পৰিচিত এই ব্যক্তিগৰাকীৰ জীৱনৰ একমাত্ৰ সাধনা- এখন সুন্দৰ সেউজ পৃথিৱী নিৰ্মাণ !
"গছ ৰুয়ে দায়িত্ব শেষ নকৰি ইয়াৰ কমেও তিনি চাৰি বছৰ প্ৰতিপালন কৰক।" -কমলাকান্ত দাস