পদ্মপ্ৰিয়া

অসীম দাস

Picture of Padmapriya

পুৰণি অসমীয়া সাহিত্যৰ ইতিহাসত একমাত্ৰ প্ৰথমগৰাকী মহিলা কবি আছিল গোপাল আঁতা আৰু বৃন্দাৱতীৰ কন্যা পদ্মপ্ৰিয়া আই।

 

পদ্মপ্ৰিয়া আছিল ৰূপৱতী, গুণৱতী, জ্ঞানশীলা আৰু শাস্ত্ৰ অধ্যয়নৰ প্ৰতি আগ্ৰহী। লগতে আই পদ্মপ্ৰিয়া আছিল এগৰাকী আদৰ্শ শিপিনী। সেইবাবে পিতাকৰ আদৰৰ পাত্ৰী আছিল পদ্মপ্ৰিয়া।

পিতৃ গোপাল আঁতাৰ পৰাই পদ্মপ্ৰিয়াই আক্ষৰিক জ্ঞান আয়ত্ব কৰি পুথি পঢ়িব পৰা হৈছিল আৰু তাৰপৰাই পিছলৈ ভালেমান গীত-মাত ৰচনা কৰিবলৈ সমৰ্থ হৈছিল। 

১৫৮০ খ্ৰীষ্টাব্দৰ পাছত মহাপুৰুষ মাধৱদেৱ বৰপেটা সত্ৰত থকাৰ সময়ত তেখেতৰ শিষ্যসকলে শাস্ত্ৰজ্ঞান লাভ কৰিবৰ বাবে বৰপেটালৈ গৈছিল। মাধৱদেৱৰ প্ৰিয় শিষ্য গোপাল আঁতাও নাৱেৰে বৰপেটালৈ গৈ গুৰুৰ পৰা শাস্ত্ৰজ্ঞান লবলৈ গৈছিল। এবাৰ পদ্মপ্ৰিয়াই পিতাকক মাধৱদেৱক দেখুৱাই আনিবলৈ কৈ থকা বাবে বৰপেটালৈ নি গুৰু মাধৱদেৱক লগ কৰাই দিছিল।

পদ্মপ্ৰিয়া নিজে ধৰ্ম প্ৰচাৰিকা নাছিল। কিন্তু সেই যুগৰ নাৰী হিচাপে অধ্যয়ন আৰু অনুশীলনৰ দ্বাৰা তেওঁ যে এগৰাকী শিক্ষিতা মহিলা আছিল সেই কথা ৰচিত গীত-মাতেই বুজাই দিয়ে।

এবাৰ বানপানী আৰু কলেৰা মহামাৰীৰ ফলত বহুসংখ্যক তাঁতী, কমাৰ আদি শিল্পীজীৱী মানুহ ভৱানীপুৰ এৰি হাউলীৰ কালঝাৰলৈ গুচি আহিছিল। সেই সময়তে আই পদ্মপ্ৰিয়াও কালঝাৰলৈ গুচি আহিছিল।


জন্মভূমি ভৱানীপুৰ আৰু মাহীমাক সুভাগী আৰু ককায়েক কমললোচনক এৰি আহি প্ৰথমে কালঝাৰত পদ্মপ্ৰিয়াৰ মন বহা নাছিল। কিন্তু কালঝাৰত অগণন ভক্ত-ভক্তনীৰ উছাহ দেখি নতুনকৈ পতা সত্ৰৰ উদুলি-মুদুলি পৰিবেশে পদ্মপ্ৰিয়াৰ মন প্ৰাণচঞ্চলা কৰি তুলিছিল। 

ভৱানীপুৰৰ দৰে কালঝাৰতো দলে দলে আইসকল আহি পুৰুষসকলৰ লগত নাম প্ৰসংগত ভাগ লৈছিল। বাপসকলৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ পদ্মপ্ৰিয়াৰ নেতৃত্বত এটা সুন্দৰ নামতি দল গঠিত হৈছিল। নামতি সকলৰ নাম প্ৰসংগত চাৰি থানৰ ভক্তসকলৰ লগতে নৱনগৰ, বৰনগৰৰ অগণন ৰাইজ আপ্লুত হৈছিল।

গোপাল আঁতা বৈকুণ্ঠগামী হোৱাৰ পাছত মাহীমাক সুভাগী আৰু ককায়েক কমললোচনে উজনিলৈ যাব ওলোৱাত আই পদ্মপ্ৰিয়াই কালঝাৰ এৰি যাবলৈ সন্মত হোৱা নাছিল। মাহীমাক আৰু ককায়েক গুছি যোৱাত পদ্মপ্ৰিয়া কিছু হতাশ হৈছিল যদিও তেখেত যেন থমকি নৰ'ল।

অৱলা-বিধৱা, অসহায় আইসকলক সকাহ দিবৰ নিমিত্তে পদ্মপ্ৰিয়া আইয়ে বাঢ়ৈমৰা জানৰ পাৰত কালঝাৰ সত্ৰৰ আৰ্হিতে তাৰে ৰাইজ আৰু কালঝাৰ ৰাইজৰ সহযোগত চালে চকুৰোৱা এটি নামঘৰ নিৰ্মাণ কৰে। 

আই পদ্মপ্ৰিয়াক লৈ বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ গৱেষক সাহিত্যিক ড° নিৰুপমা মহন্তই আলোকসন্ধানী পুথি " পদ্মপ্ৰিয়া- বাঢ়ৈমৰাৰ বসন্তবীণা" নামৰ উপন্যাস লিখি উলিয়ায়।

Gatway to Howly Picture

Nalini Bala Devi, born on March 23, 1898, and passing away on December 24, 1977, was a notable Indian writer and poet associated with Assamese literature. Renowned for her patriotic and mystical verses, she received the prestigious Padma Shri from the Government of India in 1957 in recognition of her literary contributions. In 1968, she achieved the Sahitya Akademi Award, presented by Sahitya Akademi (India's National Academy of Letters), for her poetry collection titled "Alakananda." Notably, she holds the distinction of being the first woman Assamese poet to receive the Padma Shri and the first woman to preside over the Assam Sahitya Sabha.