অসমীয়া
চণ্ডীবৰুৱা আৰু হাউলী
হাউলীৰ পশ্চিমে এডোখৰ হাবি আছে। এই হাবিৰ
ভিতৰত এটা পুখুৰী আছে। মাজে মাজে ভগা ইটা,
ভগা শিল পৰি পৰি আছে। এই ডোখৰ হাবিৰ নাম
বৰুৱাবাৰী। বৰনগৰীয়া চণ্ডীবৰুৱাৰ টোলটো
আজিকালি “বৰুৱাবাৰী” বোলা ঠাই ডোখৰত
মানাহ নদীৰ পাৰত আছিল।
বৰনগৰৰ শেষ ৰজা চণ্ডীনাৰায়ণ বৰুৱাৰ হাউলি
অর্থাৎ বাসস্থান আছিল বৰ্তমানৰ হাউলী চহৰ।
মানাহ নদীৰ পাৰত চাৰিপুৰা মাটিৰ টোলেৰে
সৈতে চণ্ডীবৰুৱাৰ থকা ঠাইৰ নাম আছিল
“বৰুৱাৰ বাৰী”।
বৰ্তমানৰ হাউলী চহৰৰ চাৰিআলিৰ পৰা মৰা
মানাহ নদীৰ পাৰৰ উত্তৰ অঞ্চল আগুৰি
খাটালপাৰা গাঁৱলৈ বিস্তৃত হৈ আছিল তেখেতৰ
চাৰিপুৰা মাটিৰ টোলৰ পৰিসৰ।
English
Chandi Baruah and Howly
To the west of Howly lies a wooded area
containing a pond, with broken bricks and
stones scattered through the remains.
This place is known as Barua Bari.
The residence of Chandi Narayan Baruah,
described as the last king of Barnagar,
was located in what is now Howly town.
His settlement beside the Manas River,
occupying approximately four pura of land,
was known as “Baruar Bari” — the Barua's
estate.
According to the source, the historical
settlement extended from the present
Howly Chariali towards the northern side
of the old Manas River and towards
Khatalpara village.