আহোমৰ সামন্ত ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ চাৰি পুৰা মাটিৰ টোলখনৰ বৰ্তমান পৰিবেশত ঘাই দুৱাৰমুখ আছিল হাউলী চাৰিআলিস্থিত পঞ্চৰতন ফাৰ্মৰ পিছফালে। মনোমতী উপন্যাসৰ বর্ণনা অনুসৰি এই দুৱাৰমুখত এটা পকা বাটঘৰ আছিল। এই দক্ষিণৰ দুৱাৰমুখেদি গড়ৰ ভিতৰলৈ গ'লে এটা ওখ আলি আছিল যাৰ দুয়োকাষে দুটা বৃহৎ আকাৰৰ চাৰিচুকীয়া পুখুৰী আছিল। আজিৰ পটভূমিত চাবলৈ গ'লে এই পুখুৰী নাৰায়ণ পথৰ কাষৰ বৰুৱাবজাৰ আৰু পুখুৰীপাৰ অঞ্চলতে আছিল বুলি ক'ব লাগিব। পুখুৰীটো পাৰ হৈ কিছু নিলগত পূৱ দিশে বৰুৱাৰ মদনমোহন মন্দিৰ আৰু মণিকূট গৃহটো আছিল যিটো বর্তমান পুখুৰীপাৰ, সুভাষপল্লী অঞ্চলৰ আশে-পাশে হ'ব। এই গোঁসাইঘৰৰ ভিতৰত কৃষ্ণৰ মূৰ্ত্তি আছিল বুলিও মনোমতীত উল্লেখ আছে। পৰৱৰ্তী সময়ত এই শ্রীকৃষ্ণৰ মূৰ্ত্তিটো কোনোৱে পোৱা বুলিও জনা যায়।
চণ্ডীবৰুৱা আৰু তেখেতৰ বাসস্থানৰ সত্যতাৰ বহুতো প্রমাণ ইতিমধ্যে কেইবাবাৰো পোৱা গৈছে। 'মনোমতী' উপন্যাসৰ লেখক ৰজনীকান্ত বৰদলৈদেৱে ১৮৯৪-৯৭ চনৰ ভিতৰত বৰপেটাত এচ.ডি.চি. (SDC) থাকোঁতে এই স্থানৰ ভগ্নাৱশেষবোৰ স্বচক্ষে দেখিছিল। তেখেতৰ বৰ্ণনা অনুসৰি প্ৰাপ্ত এই অঞ্চলৰ বহুকেইখন ঠাইৰ নাম আজিও সলনি হোৱা নাই। উদাহৰণস্বৰূপে ১৮৯৭ চনৰ ভূঁইকপ হোৱাৰ আগতে লিখা এই উপন্যাসখনত তেখেতে হাউলী অঞ্চলৰ 'হালাপাকৰি',' নগৰঝাৰ', 'ঘিলাঝাৰ', 'বৰবৰিৰঝাৰ', আদি ঠাইৰ নাম উল্লেখ কৰিছিল। এইবোৰ ঠাইৰ নাম আজিও হাউলী অঞ্চলত বিদ্যমান। আশী বছৰ পূৰ্বে ১৯৪৩ খৃষ্টাব্দত 'এই বৰুৱাবজাৰ অঞ্চলত মাটি খান্দোতে হাউলীৰ সমাজসচেতন ব্যক্তি নাৰায়ণ চন্দ্র দাসে চণ্ডী নাৰায়ণ বৰুৱাৰ মন্দিৰৰ চাৰিটা সিংহ, পঞ্চ-প্রদীপ গছা-বন্তি, কাঁহৰ দৰ্পণ, লোটা, ডুগডুগী, ৰূপৰ চিয়া শৰাই, নানাবিধ বাচন-বৰ্ত্তন আৰু মদনমোহনৰ মূর্তিসহ ৪২ পদ সামগ্রী উদ্ধাৰ কৰিব পাৰিছিল। ইয়াৰ উপৰি চাৰিটা স্থাপত্য কলাযুক্ত দীঘলীয়া শিল আৰু পুৰণি কলীয়া বহল পাতৰ কুঁৱা সেই স্থানত ওলাইছিল বুলি জনা যায়। ইয়াৰে কিছুমান বস্তু সেইসময়ৰ বৰপেটা মহকুমাধিপতি প্রয়াত ৰবীন্দ্র নাথ খাউণ্ডদেবে গুৱাহাটীস্থিত ৰাজ্যিক সংগ্ৰহালয় আৰু কিছু আন বস্তু কোনো কোনো ব্যক্তি বিশেষৰ তত্ত্বাবধানত থকা বুলি জনা যায়।
ভৌগোলিকভাবে চাবলৈ গ'লে বৰ্তমানৰ বৰুৱাবজাৰ তথা পুখুৰীপাৰ অঞ্চল ইতিহাসৰ এক উল্লেখযোগ্য স্থান। চণ্ডীবৰুৱাৰ এই ঐতিহাসিক টোলখন মান সকলে ধ্বংস নকৰাহেঁতেন আজি হাউলীৰ এই স্থানত ইতিহাস প্রসিদ্ধ কীর্তিস্তম্ভ ৰৈ থাকিলহেঁতেন। হাউলীৰ জলজলীস্থিত CRPF কেম্পৰ কাষতে থকা ৰেগুলেটিং মার্কেটিং অফিছৰ উত্তৰফালে 'মনোমতী'ৰ থকা স্থান আছিল বুলি জনা যায়। ৫০ৰ দশকত এই স্থানত ওখ টিপ স্থানীয় লোকে দেখা পাইছিল বুলি বহুতে কয়। 'মনোমতী' বাসস্থানৰ ঠাইখিনি সংৰক্ষিত কৰিব পৰা গ'লেও হাউলীৰ বাবে ই এক গৌৰৱময় কথা হ'লহেঁতেন। খৃষ্টীয় ১৫ শতিকাৰ পৰা ১৯ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাৰ বহু ঐতিহাসিক ঘটনাৱলীৰ সাক্ষী হাউলী অঞ্চল। চণ্ডীবৰুৱা আৰু তেখেতৰ তোলনীয়া জীয়ৰী মনোমতীৰ ইতিহাসেৰে সমৃদ্ধ হাউলী। বুৰঞ্জীমূলক বিভিন্ন গ্রন্থত উল্লেখ থকা চণ্ডীবৰুৱা আৰু মনোমতীৰ দৈহিক আকৃতিৰ বৰ্ণনাৰ আধাৰত হাউলী ডিজিটেলৰ উদ্যোগত আৰু হাউলীৰ উদীয়মান চিত্রশিল্পী নবীন চন্দ্ৰ দাসৰ প্ৰচেষ্টাত এই দুগৰাকী চৰিত্ৰৰ প্ৰতিচ্ছবি উন্মোচন কৰা হৈছে। বৰনগৰৰ শেষ ৰজা চণ্ডীনাৰায়ণ বৰুৱাৰ বাসস্থান বর্তমানৰ হাউলী বৰুৱাবজাৰ (পুখুৰীপাৰ) ৰ ২৫ সংখ্যক সাৰ্বজনীন শ্রীশ্রী দুর্গা পূজা উদযাপনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি যোৱা ২২ অক্টোবৰত মহাঅষ্টমীৰ দিনা হাউলীৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শিশু সাহিত্য ন্যাস, অসমৰ সচিব হাউলীৰ সুসন্তান শ্রীযুত হৃষিকেশ গোস্বামীয়ে শুভ উন্মোচন কৰে।
Article author - Ashim Das (Howly Digital)